Breaking

ঢাকাত এছিয়ান কাৰ ৰেলীৰ ফ্লেগ অফ বাংলাদেশস্থিত ভাৰত চৰকাৰৰ উচ্চ আয়ুক্ত প্ৰণয় ভাৰ্মাৰ…

0 31

ভাৰতৰ উচ্চ আয়ক্তৰ ঢাকাস্থিত কাৰ্যালয়ত এছিয়ান কাৰ ৰেলীৰ ফ্লেগ অফ অনুষ্ঠান সোমবাৰে আয়োজিত হয়। ঢাকাস্থিত ভাৰতীয় দূতাবাসৰ উচ্চ আয়ুক্ত প্ৰণয় ভাৰ্মাই পতাকা জোকাৰি ৰেলীৰ গাড়ীসমূহক ঢাকাৰ পৰা বিদায় জনায়।উচ্চ আয়ুক্তৰ কাৰ্যালয়ত ৰেলীৰ দলটোক উষ্ণ আদৰণি জনায় ভাৰতীয় দূতাবাসৰ বিষয়া কৰ্মচাৰীসকলে। এই ফ্লেগ অফ অনুষ্ঠানত উপস্থিত আছিল ভাৰতীয় দূতাবাসৰ বিদেশ সেৱাৰ বিষয়াবৰ্গ প্ৰণৱ বাধে, চেলনি সাহায়, প্ৰতীক নেগী আদি। এছিয়ান কাৰ ৰেলীৰ নেতৃত্ব লৈছিল নৰ্থ ইষ্ট ফেডাৰেচন অন ইন্টাৰনেচনেল ট্ৰেড চমুকৈ NEFIT সংগঠনৰ সাধাৰণ সম্পাদক মৃণাল হাটখোৱাই। ১৩ দিনীয়া এছিয়ান কাৰ ৰেলীৰ অন্তিম লক্ষ্য আছিল ঢাকা।

BIBN Freindship Car Rally শীৰ্ষক নামাকৰণ কৰা এই ৰেলীয়ে ইতিমধ্যে ভূটান – নেপাল পৰিক্ৰমা সামৰি যোৱা নিশা ঢাকাত উপস্থিত হৈছিল। সাধাৰণ সম্পাদক হাটখোৱাই আৰু জনোৱা মতে, মেঘালয়ৰ পশ্চিম গাৰো হিলছ পাৰ্বত্য জিলাৰ ডালু – নাকুগাওঁ সীমান্ত চকীয়েদি প্ৰথম বাৰৰ বাবে ভাৰতীয় নাগৰিকৰ সাধাৰণ গাড়ীয়ে এই ৰেলীৰ জৰিয়তে বাংলাদেশত প্ৰবেশৰ অনুমতি লাভ কৰিছিল।এই যাত্ৰাৰ কালত ৰেলীৰ জৰিয়তে নেফিটে ভূটান – নেপাল – বাংলাদেশৰ লগত ভাৰতৰ বাণিজ্যিক সম্পৰ্ক বৃদ্ধিৰ প্ৰয়াস কৰাৰ লগতে পৰ্যটন আদি বিষয়তো সহযোগিতা বৃদ্ধিৰ প্ৰয়াস চলায়। ইতিমধ্যে ভূটান, নেপাল, বাংলাদেশৰ কেইবাখনো চেম্বাৰ অফ কমাৰ্চৰ সৈতে নেফিটে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। প্ৰায় 4,000 কিলোমিটাৰ পথ পৰিক্ৰমা সম্পন্ন কৰে এই কাৰ ৰেলীয়ে। সোমবাৰে নিশালৈ এই ৰেলীয়ে ৫০০কিলোমিটাৰ পথ পৰিক্ৰমা কৰি গুৱাহাটীত উপস্থিত হ’ব। ৰেলীত অংশ্ৰহণকাৰীসকলৰ ভিতৰত আছিল গুৱাহাটী IIT ৰ ভূতপূৰ্ব ডীন ড.অনুপ কুমাৰ গগৈ, সাংবাদিক প্ৰণয় বৰদলৈ, ৰবি আগৰৱাল, প্ৰমীলা গগৈ, হিতেন হাটখোৱা, আশীষ দেৱ, সমুদ্ৰ ডেকা, অনুপম ডেকা, শেৰজিত ৰাজকুমাৰ, প্ৰদীপ শৰ্মা, শান্তনু কুমাৰ দাস, ধ্ৰুৱ দাস, দেবজিত ডেকা, অংশুমান দাস, পলাশ লাহন, ত্ৰিদিপ ফুকন।

Leave A Reply