Breaking

আই নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলালে মাণিকপুৰ আৰু সৃজনগ্ৰাম ৰাজহ চক্ৰৰ কুৰিখনৰো অধিক গাওঁ; প্লাৱিত ন ন অঞ্চল…

0 41

পুনৰ আই নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলালে মাণিকপুৰ আৰু সৃজনগ্ৰাম ৰাজহ চক্ৰৰ কুৰিখনৰো অধিক ৰাজহ গাওঁ।

আই নৈৰ পানীত কাহিবাৰী, সাজাল-পাৰা, ভাণ্ডাৰা, ২নং বাশবাৰী, টেন্টনপুৰ আদি কৰি কুৰিখন গাওঁ জলমগ্ন হৈ পৰিছে। শ শ পৰিয়ালৰ ঘৰে ঘৰে পানী সোমোৱাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে বানাক্ৰান্ত লোকসকলৰ মাজত।

বানাক্ৰান্ত ৰাইজে ওখ ঠাইলৈ ধাপলি মেলিছে। কীৰ্ত্তনপাৰা – ডাঙাইগাও সংযোগী পকী পথৰ ওপৰেদি পানী বাগৰি যোৱাৰ ফলত বৃহত্তৰ অঞ্চলৰ ৰাইজৰ যাতায়ত ব্যহত হৈ পৰিছে।

বানপানীৰ ফলত শালি ধান খেতিৰ যথেষ্ট পৰিমাণে ক্ষতি হোৱাৰ আশংকা কৰা হৈছে।

নৈৰ পাৰে মথাউৰি নথকাৰ বাবে সঘনাই বানপানী হোৱা বুলি উল্লেখ কৰিছে। স্থানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰে বান পিড়িত লোকৰ খবৰ লবলৈ সময় পোৱা নাই বুলি ৰাইজে অভিযোগ কৰিছে।

-মফিদুল ইছলাম, মাণিকপুৰ

Leave A Reply