Breaking

পাউৰীপোটাত প্রসূতি বিভাগৰ ৬ খন বিছনা যুক্ত কোঠালী নিৰ্মাণৰ‌ আধাৰ শিলা

0 2,008

ওদালগুৰি জিলাৰ পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ত বি টি আৰৰ ইএম (EM) অথাৎ ৪০ নং ৰৌতা সমষ্টিৰ স্থানীয় এম চি এল এ  ডo নিলুট স্বৰ্গীয়াৰীদেৱে দিনৰ ১১বজাত উপস্থিত হৈ  নতুনকৈ প্রসূতি বিভাগৰ ৬ খন  বিছনা যুক্ত কোঠালী  নিৰ্মাণৰ‌ কাম শুভ উদ্বোধন কৰে। ড০ নিলুট স্বৰ্গীয়াৰীয়ে কয় যে পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসক, নাৰ্চ  সকলৰ থকা কোৱাৰ্টাৰ সমুহ অতি সোনকলে নিৰ্মাণৰ কৰা  হব।পাউৰীপোটা ৰাজ্যিক চিকিৎসালয় ৰ  যি যি সমস্যা আছে ,সমস্যা বোৰ বিটিআৰৰ স্বাস্থ্য বিভাগৰ দায়িত্বত থকা ই,এমক অবগত কৰিম বুলি জনায়।  উদ্বোধনী অনুষ্ঠানত উপস্থিত‌ থাকে ওৰাং খণ্ড প্রাথমিক স্বাস্থ্যকেন্দ্রৰ বিপিএম পংকজ কুমাৰ সভাপণ্ডিত ,পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ সকলো চিকিৎসক ,চিকিৎসা কৰ্মী,এমপিডব্লিউ,এএনএম , আশা কৰ্মী আৰু আশা ছুপাৰ ভাইজাৰ আনহাতে ৬৬নং ধনশিৰি  ভিচিডিচিৰ সভানেত্ৰী আৰু স্থানীয় ৰাইজ।