Breaking

হাজোত দুৰ্বৃত্বই তাণ্ডৱ চলোৱা হনুমান মন্দিৰৰ পুনঃনিৰ্মানৰ আধাৰশিলা স্থাপন বিধায়িকা সুমন হৰিপ্ৰিয়াৰ

0 83

কিছুদিন পূৰ্বে হাজোৰ পতনিস্থিত হনুমান মন্দিৰত কোনো দুৰ্বৃত্তই অগ্নি সংযোগ কৰি বিস্তৰ ক্ষতিসাধন কৰা নিন্দনীয় ঘটনাৰ পিছতেই হাজোৰ বিধায়িকা সুমন হৰিপ্ৰীয়াই তাৎক্ষণিক ভাৱে পূৰ্বৰ স্থানতেই বিধায়িকা পূজিৰ ৮ লাখ ৫০ হাজাৰ টকাৰ ব্যয় সাপেক্ষে হনুমান মন্দিৰটিৰ পুনঃনিৰ্মানৰ কথা ঘোষণা কৰাৰ লগতে হাজো থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এমব্ৰাৱেল দৈমাৰীয়ে এটি মাৰ্বল পাথৰৰ মূৰ্তি প্ৰদান কৰে আৰু আজি হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ প্ৰচেষ্টাত হনুমান মন্দিৰটিৰ পুনঃ নিৰ্মানৰ আধাৰশিলা স্থাপন আৰু মূৰ্তি প্ৰতিষ্ঠা অনুষ্ঠানটি দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় ।

কাৰ্যসূচী অনুসৰি ধৰ্মধ্বজা উত্তোলন,আধাৰশিলা স্থাপন আৰু ধৰ্মীয় শোভাযাত্ৰাৰ নেতৃত্ব বহন কৰে হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই । শোভাযাত্ৰাত অংশ গ্ৰহণ কৰা সহস্ত্ৰাধিক ভক্তই জয় শ্ৰী ৰাম ধ্বনিৰে সমগ্ৰ হাজোৰ আকাশ বতাহ মুখৰিত কৰি তোলে।সমান্তৰালভাৱে মন্দিৰলৈ আনায়ন ও বন্তি প্ৰজ্বালন ,জল আনায়ন ,পঞ্চগব্য ও গংগা জলেৰে মন্দিৰ শুদ্ধিকৰণ ,হনুমান বিগ্ৰহ শুদ্ধিকৰণ ও বেদীত স্থাপন,পূজা আৰম্ভ, হনুমান চালিচা পাঠ ,আয়তী সকলৰ নাম প্ৰসংগ ,হোম যজ্ঞ,আহুতি প্ৰদান,পুস্পাঞ্জলি প্ৰদান ৰাজহুৱা শান্তি , প্ৰসাদ আৰু সিদ্ধ ভোগ বিতৰণ,আয়তীৰ উৰুলী ধ্বনি আদি দিনযোৰা মাংগলিক কাৰ্যসূচীৰে মন্দিৰ চৌহদত এক আধ্যাত্মিক পৰিবেশৰ সৃষ্টি হ’য়।

আজিৰ এই অনুষ্ঠানত ভিন্ন প্ৰান্তৰ অগণন ভক্ত উপস্থিত হৈ ধূপ দ্বীপ নৈবদ্যৰে নিজৰ মনোকামনা পূৰণাৰ্থে ভগৱানৰ শ্ৰীচৰণত সেৱা লোৱা দেখা যায় । আজিৰ পবিত্ৰ দিনটোৰ মাংগলিক কাৰ্যসূচীত উপস্থিত থাকে হাজো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এমব্ৰাৱেল দৈমাৰী ,খণ্ড উন্নয়ন বিষয়া নন্দিতা চহৰীয়া ,হাজো ৰাইজ কমিতিৰ সভাপতি মোহন চন্দ্ৰ মালাকাৰ, হাজো আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী জোনালী ডেকা পাঠক ,বিজেপি নেতা বিপুল দাস , নৱজ্যোতি দাস,মৃনাল কলিতা ,পৰেশ দাস , দীপাঞ্জলী ভৰালী,টুটুমণি দাস,ভাস্কৰ ভৰালী ,অপূৰ্ব মজুমদাৰ,ব্ৰজেন ভৰালী,হিৰক জ্যোতি কলিতা ,টংকে ডেকা,মণ্টু দাস,সঞ্জীৱ দাসকে প্ৰমুখ্য কৰি বহু সংখ্যক বিশিষ্ট ব্যক্তি ও অগণন ধৰ্মপ্ৰান ৰাইজ ।অৱশ্যে মন্দিৰত তাণ্ডৱ চলোৱাৰ দৰে ঘৃণনীয় কাৰ্যৰ আকৌ পুনৰাবৃত্তি নহ’বলৈ আৰু শান্তি ভাতৃত্ববোধৰে সম্প্ৰীতিৰ এনাজৰীডাল জীয়াই ৰাখিবলৈ হাজোবাসীক আজি সংবাদ মাধ্যমৰ জড়িয়তে বাৰম্বাৰ আহ্বান জনাই বিধায়িকা সুমন হৰিপ্ৰিয়াই।

Leave A Reply