Breaking

মাৰ্ঘেৰিটাত ভালুকৰ মুক্ত বিচৰণ…

0 18

মাৰ্ঘেৰিটাত ভালুকৰ মুক্ত বিচৰণ। আজি পুৱা ভাগতেই নামদাং অঞ্চলত এটা ভালুকে তীব্ৰ আতংক সৃষ্টি কৰে।স্থানীয় ৰাইজে পুৱা ভাগত লেখাপানী বনাআঞ্চলিক কাৰ্যলয়ৰ অন্তৰ্গত নামদাং গফফিল্ড অঞ্চলৰ টিলা লাইনত এটা ভালুক বিচৰণ কৰি ফুৰা প্ৰত্যক্ষ কৰে।

ভালুক ওলোৱা বুলি জানিব পাৰি স্থানীয় ৰাইজৰ মাজত আটংকৰ সৃষ্টি হোৱা উপৰিও ভালুকটো চাবলৈ ৰাইজৰ মাজত উৎসুকতা সৃষ্টি হয়। মানুহৰ সমাগম হোৱাত পিছত ভালুকটো ওচৰতে থকা এজোপা গছত আশ্ৰয় লয়।অঞ্চলটো একাংশ সচেতন লোকে এই বিষয়ে জানিব পাৰি বন্য ভালুকটো নিৰাপত্তা বাবে লেখাপানী বন আঞ্চলিক কাৰ্যলয়ত খবৰ দিয়ে। ইতিমধ্যে লেখাপানী বনাআঞ্চলিক বন বিষয়াসহ এটা দল উক্ত স্থানত উপস্থিত হৈ ভালুকটো ৰাইজৰ সহযোগত বনাঞ্চললৈ খেদি পঠিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে।

Leave A Reply