Breaking

বংগৰ বিষ্ণুপুৰ সমষ্টিত এইবাৰ খেলা হবে ! বিজেপিৰ প্ৰাৰ্থী স্বামীয়ে যুঁজ দিব তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী পত্নীৰ বিৰুদ্ধে…

0 15

বংগৰ বিষ্ণুপুৰ সমষ্টি এইবাৰ খেলা হবে… কাৰণ পতি বিজেপিৰ, পত্নী তৃণমূল কংগ্ৰেছৰ।হয়, বংগত বিবাহ বিচ্ছেদ হোৱা পতি -পত্নীয়ে লোকসভা নিৰ্বাচন ২০২৪ত একেখন আসনৰ পৰা ইজনে সিজনৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছে। দেওবাৰে তৃণমূল কংগ্ৰেছে দলটোৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে। তৃণমূলৰ প্ৰাৰ্থী তালিকাত আছে সুজাতা মণ্ডলৰ নাম। সুজাতাই বাংকুৰা জিলাৰ বিষ্ণুপুৰ আসনৰ পৰা তেওঁৰ প্ৰাক্তন স্বামী সৌমিত্ৰ খানৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব।

সৌমিত্ৰ খানে বিজেপিৰ প্ৰাৰ্থী হিচাবে পশ্চিম বংগৰ বিষ্ণুপুৰ সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে। একেদৰে তৃণমূলেও একেখন আসনৰ পৰা প্ৰাৰ্থী সুজাতা মণ্ডলক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ফলত সমষ্টিটোত প্ৰাক্তন পতি-পত্নীৰ যুঁজ খন আকৰ্ষণীয় হৈ পৰিব বুলি ধাৰণা কৰা হৈছে। ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে দম্পতীহালৰ বিবাহ বিচ্ছেদ হৈছিল। ইপিনে তৃণমূলে কালি প্ৰাৰ্থী ঘোষণা কৰাৰ পিছতে কংগ্ৰেছে অসন্তুষ্টি ব্যক্ত কৰিছে। কংগ্ৰেছৰ নেতা জয়ৰাম ৰমেশে এক্সত পোষ্ট কৰি কয়, “ভাৰতীয় জাতীয় কংগ্ৰেছে বহুবাৰ পশ্চিম বংগৰ

টিএমচিৰ সৈতে এক সন্মানজনক আসন ভাগ-বতৰাৰ চুক্তি কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। ভাৰতীয় জাতীয় কংগ্ৰেছে সদায় কৈ আহিছে যে এনে চুক্তি আলোচনাৰ জৰিয়তে চূড়ান্ত কৰিব লাগে, একপক্ষীয় ঘোষণাৰ দ্বাৰা নহয়।” ২০২৪ চনৰ লোকসভা নিৰ্বাচনত তৃণমূলে কমেও আঠজন বৰ্তমানৰ সাংসদক বাদ দিছে আৰু প্ৰাক্তন ক্ৰিকেটাৰ ইউছুফ পাঠান আৰু কীৰ্তি আজাদৰ দৰে কেইবাজনো নতুন মুখক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।

Leave A Reply