Breaking

লক্ষ্য আছিল IAS হোৱা, কিন্তু হ’ল অভিনেত্ৰী; অভিনয়তকৈ শৈলীৰ বাবে বেছি বিখ্যাত উৰ্বশী ৰাউটেলাৰ আজি জন্মদিন…

0 769

অভিনেত্ৰী উৰ্বশী ৰাউটেলাৰ আজি ৩০ সংখ্যক জন্মদিন। কিন্তু আপুনি জানেনে যে উৰ্বশী ৰাউটেলা দুবাৰকৈ মিছ ইউনিভাৰ্ছ ইণ্ডিয়া হৈছিল। ১৯৯৪ চনৰ ২৫ ফেব্ৰুৱাৰীত উত্তৰাখণ্ডৰ কোটদ্বাৰত জন্ম হৈছিল অভিনেত্ৰী উৰ্বশী ৰাউটেলাৰ। অতি কম বয়সতে মডেলিং আৰু অভিনয়ৰ জৰিয়তে উদ্যোগটোত নিজৰ নাম অৰ্জন কৰা উৰ্বশী ৰাউটেলাই আজি ৩০ বছৰীয়া জন্মদিন উদযাপন কৰিছে। উৰ্বশী ৰাউটেলাই ছানী দেউলৰ ছবি ‘ছিং চাহেব দ্য গ্ৰেট’ৰ জৰিয়তে বলীউডত প্ৰৱেশ কৰিছিল, কিন্তু আপুনি জানেনে যে ছবি জগতত স্থান দখল কৰাৰ আগতে অভিনেত্ৰীগৰাকী মডেলিং জগতত ডাঙৰ নাম আছিল। উৰ্বশী ৰাউটেলাই দুবাৰকৈ মিছ ইউনিভাৰ্ছ ইণ্ডিয়া প্ৰতিযোগিতাত জয়লাভ কৰিছে।


উৰ্বশী ৰাউটেলাই ২০১২ চনত প্ৰথমবাৰৰ বাবে মিছ ইউনিভাৰ্ছ ইণ্ডিয়াৰ মুকুট লাভ কৰিছিল যদিও তেওঁৰ নাম বিতৰ্কৰ আওতালৈ আহিছিল আৰু তেওঁক মুকুট ঘূৰাই দিবলৈ কোৱা হৈছিল। খবৰ অনুসৰি এই সৌন্দৰ্য প্ৰতিযোগিতাত জয়ী হ’ব পৰাকৈ উৰ্বশী অতি সৰু আছিল। তাৰ পিছত উৰ্বশীয়ে পুনৰ ২০১৫ চনত মিছ ইউনিভাৰ্ছ ইণ্ডিয়াত অংশগ্ৰহণ কৰি জয়ী হয়। দিল্লী বিশ্ববিদ্যালয়ৰ গাৰ্গী কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছে উৰ্বশীয়ে। ইয়াৰ পূৰ্বে অভিনেত্ৰীগৰাকীয়ে ইঞ্জিনিয়াৰিং কৰিব বিচাৰিছিল, ইয়াৰ বাবে তেওঁ আই আই টিৰ প্ৰৱেশ পৰীক্ষা জে ই ইৰ বাবেও প্ৰস্তুতি চলাইছিল। কিন্তু উৰ্বশীৰ ভাগ্যই আন কিবা এটা বিচাৰিছিল, সেয়েহে মিছ ইউনিভাৰ্ছ ইণ্ডিয়া প্ৰতিযোগিতাত অংশ লৈছিল আৰু তাৰ পিছত গোটেই জীৱন সলনি হৈছিল। অভিনেত্ৰীগৰাকীয়ে তেওঁৰ এটা সাক্ষাৎকাৰত কৈছিল – ‘অভিনেত্ৰী নহ’লে আজি তেওঁ এৰ’নটিকেল ইঞ্জিনিয়াৰ বা আই এ এছ অফিচাৰ হ’লহেঁতেন।’


Leave A Reply