Breaking

বুৰাবুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠান…

0 49

মায়ঙৰ উচ্চশিক্ষাৰ অনুষ্ঠান বুৰাবুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় ৷ বুৰাবুৰীত ১৯৭৩ চনতে স্থাপন হোৱা বিদ্যালয়খনে এইবেলি উদযাপন কৰিছে সোণালী বৰ্ষ ৷ বিদ্যালয়খনৰ সোণালী বৰ্ষ সামৰণি সমাৰোহ উপলক্ষে সোমবাৰে উলিওৱা হয় সাংস্কৃতিক শোভাযাত্ৰা ৷

মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ শইকীয়াই শুভ উদ্বোধন কৰা সাংস্কৃতিক শোভাযাত্ৰাত উদ্ভাসিত হয় অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি ৷ সাংস্কৃতিক শোভাযাত্ৰাত অংশ লয় মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাৰ লগতে অঞ্চলটোৰ বিশিষ্ট ব্যক্তি,

বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু প্ৰায় সহস্ৰাধিক লোক ৷ তিনিদিনীয়াকৈ আয়োজন কৰা বিদ্যালয়খনৰ সোণালী বৰ্ষ সামৰণি সমাৰোহৰ অন্তিম দিনটোৰ নিশা সংগীত পৰিৱেশন কৰিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নাহিদ আফ্ৰিনে ।

Leave A Reply