Breaking

কলংপৰীয়া শাখা সাহিত্য সভাৰ সোণালী জয়ন্তী উৎসৱৰ সামৰণি : মুখপত্ৰ ‘স্বৰ্ণাভ’সহ তিনিখন গ্ৰন্থ উন্মোচন ! কেইবা গৰাকী গণ্য-মান্য ব্যক্তিক সম্বৰ্ধনা…

0 90

নিজম পৰিল নগাঁৱৰ চকৰিগাঁও মজলীয়া বিদ্যালয়ৰ সমন্বয় ক্ষেত্ৰ*

কলংপৰীয়া শাখা সাহিত্য সভাৰ সোণালী জয়ন্তী উৎসৱৰ সামৰণি : মুখপত্ৰ ‘স্বৰ্ণাভ’সহ তিনিখন গ্ৰন্থ উন্মোচন : কেইবা গৰাকী গণ্য-মান্য ব্যক্তিক সম্বৰ্ধনা

নগাঁৱৰ চকৰিগাঁও মজলীয়া বিদ্যালয়ৰ সমন্বয় ক্ষেত্ৰত ২৬, ২৭ আৰু ২৮ জানুৱাৰীত তিনিদিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা কলংপৰীয়া শাখা সাহিত্য সভাৰ বৰ্ষজোৰা সোণালী জয়ন্তী উৎসৱৰ দেওবাৰে নিশা সামৰণি পৰে । ২৬ জানুৱাৰীৰ পুৱা এক মনোমোহা পৰিৱেশত ৫১ খন পতাকা উত্তোলনেৰে সোণালী জয়ন্তী উৎসৱৰ শুভাৰম্ভ হয়। পতাকা উত্তোলন কৰে শাখা সভাপতি থুলেশ্বৰ বৰাসহ অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলে । ইয়াৰ পিছতে স্মৃতি তর্পণ কাৰ্য্যসূচী মুকলি কৰে সোণালী জয়ন্তী উৎসৱ উদযাপন সমিতিৰ সভাপতি কাতিৰাম বৰাই । বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰে শাখাৰ প্ৰাক্তন সভাপতি শৈলেন্দ্র গোস্বামীয়ে । শোভাযাত্ৰাৰ পিছতে ‘সাঁকো গ্রন্থাগাৰলৈ’ গ্ৰন্থ উপহাৰ অনুষ্ঠান উদ্বোধন কৰে সদৌ অসম গ্রাম্য পুথিভঁৰাল সন্থাৰ প্রধান সম্পাদক বল্লদেৱ শর্মাই । তাৰ পিছতে বিশিষ্ট সাহিত্যিক প্রয়াত ড° যোগেন্দ্রনাৰায়ণ ভূঞা আৰু প্রয়াত তোষেশ্বৰ শর্মা স্মাৰক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয় । অনুষ্ঠানত বক্তৃতা প্ৰদান কৰে নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰাণ কুমাৰ বৰুৱা আৰু প্ৰাক্তন উপ-সভাপতি জীৱন চন্দ্ৰ শইকীয়াই । বিয়লি অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক কাৰ্যালয়ৰ প্ৰাক্তন সম্পাদক মৃণাল হাজৰিকা , নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ৰেৱত হাজৰিকা আদিৰ উপস্থিতিত আজীৱন সভ্যসকলৰ অন্তৰঙ্গ আলাপ অনুষ্ঠান অনুষ্ঠিত হয় । সন্ধিয়া এদল শিশুৰ দ্বাৰা গীত-নৃত্য পৰিবেশন, কবিতা আবৃত্তি আদিৰে কুঁহি সাংস্কৃতিক অনুষ্ঠান সম্পন্ন হয়। ২৭ জানুৱাৰীৰ পুৱা ভাগত কবিতাৰ মহামেলেৰে অনুষ্ঠান আৰম্ভ হয় । নূপুৰ মোমাইদেউ খ্যাত ত্ৰৈলোক্য ভট্টাচাৰ্যৰ সঞ্চালনাত কবিমেল উদ্বোধন কৰে বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° নৃপেন দাসে । সমীক্ষা আগবঢ়ায় ড° কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতাত্ত্বিক বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° অজিত ভৰালীয়ে ।

অনুষ্ঠানত ডেৰ কুৰিৰো অধিক কবিয়ে কবিতা পাঠেৰে অনুষ্ঠানটি সজীৱ কৰি তোলে। বিয়লি অনুষ্ঠিত হয় মহিলাসকলৰ আকাশ অনুষ্ঠান। বিষয় শিক্ষয়িত্ৰী দীপ্তি বৰাই উদ্বোধন কৰা এই অনুষ্ঠানত শিল্পী সকলে আইনাম, বিয়ানামকে ধৰি বিভিন্ন গীত-নৃত্য পৰিবেশনেৰে মুখৰিত কৰি তোলে। নিশা নৃত্যশিল্পী ৰুবুল মহন্ত আৰু বিশিষ্ট অভিনেতা ৰাজেন ফুকনৰ পৰিচালনাত এদল শিশুশিল্পীয়ে অঙ্কীয়া নাট “ৰাম বিজয়” প্ৰদৰ্শন কৰে।সোণালী জয়ন্তী উৎসৱৰ অন্তিম দিনা পুৱাবেলা বিশিষ্ট সাহিত্যিক ৰতিমোহন নাথৰ সভাপতিত্বত শিল্পী-সাহিত্যিকসকলৰ সম্বর্ধনা আৰু গ্রন্থ উন্মোচনী অনুষ্ঠান সম্পন্ন হয়। আমন্ত্ৰিত‌ অতিথি হিচাপে অসম সাহিত্য সভাৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য আবুল খায়েৰ আহমেদ উপস্থিত থকা অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে শ্রীশ্রীলেটুগ্রাম সত্রৰ সত্ৰাধিকাৰ কৃষ্ণ গোস্বামী, অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক বিনু লস্কৰ ঠাকুৰীয়া, সমাজকৰ্মী সুৰেশ বৰাই ভাষণ প্ৰদান কৰে । অনুষ্ঠানত কেইবাগৰাকী সাহিত্য আৰু সাংস্কৃতিক কৰ্মীক সম্বৰ্ধনা জনোৱা হয় । লগতে বিশিষ্ট লেখক গোলাপ বৰাক কলংপৰীয়া সাহিত্য বঁটা, কুমুদ চন্দ্ৰ বৰাক কলংপৰীয়া সাহিত্য সংগঠক বঁটা, বসন্ত কৌশিক ভাগৱতীক কলংপৰীয়া কাব্যপ্ৰাণ বঁটা, ত্ৰিদিপ বৰাক শিক্ষাব্ৰতী বঁটা আৰু অঞ্চলৰ গৌৰৱ ডঃ দিগন্ত কুমাৰ বৰা, আগষ্টি কাশ্যপ, দীপশিখা তামুলী আদিক বিশেষ ভাবে সম্বৰ্ধনা জনোৱা হয়। পৰীস্মিতা শইকীয়াৰ দ্বাৰা এটি সত্ৰীয়া নৃত্য পৰিবেশনেৰে শুভাৰম্ভ হোৱা তথা শিল্পী গোলাপ বৰাইও এটি গীত পৰিবেশন কৰা এই অনুষ্ঠানত কবি-লেখিকা দিপালী দেৱীৰ কাব্য সংকলন “অনুভৱৰ ৰ’দালিত জীৱনৰ প্রতিবিম্ব” আৰু লেখক খগেন্দ্ৰ নাথৰ “অনুভূতিৰ দস্তাবেজ” নামৰ গ্ৰন্থ দুখন উন্মোচন কৰা হয়।

বিয়লিলৈ শাখাৰ সভাপতি থুলেশ্বৰ বৰাৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে প্ৰাক্তন মন্ত্ৰী তথা অৱসৰপ্ৰাপ্ত অধ্যাপক গিৰীন্দ্ৰ কুমাৰ বৰুৱাই । উদ্বোধনী ভাষণত বৰুৱাই অসমীয়া ভাষা-সাহিত্যৰ বৰ্ণময় ইতিহাস দাঙি ধৰি বৰ্তমানে পূৰ্বৰ গৰিমা কিছু পৰিমাণে ম্লান হৈছে বুলি উল্লেখ কৰি কয় যে ২০১১ চনৰ ভাষা পিয়লত অসমীয়া ভাষীৰ সংখ্যা ওলাইছিল মাত্ৰ ৪৮ শতাংশ । এয়া সুখদায়ক কথা নহয় । বৰ্তমান কেইবা শ অসমীয়া বিদ্যালয় বন্ধ হৈ যোৱা বিষয়টো অতিশয় উদ্বেগজনক বুলিও তেওঁ মন্তব্য কৰে । নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্ত আৰু প্ৰাক্তন সভাপতি নিত্যানন্দ বৰাই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰা সভাত স্মৃতিগ্ৰন্থ ‘স্বৰ্ণাভ’ উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱাই । উন্মোচনী ভাষণত ৰাজখোৱাই অসমৰ একাংশ থলুৱা মানুহৰ, বিশেষকৈ উঠি অহা গৰিষ্ঠসংখ্যক ডেকা-গাভৰুৰে সাহিত্য-সংস্কৃতিৰ প্ৰতি অনুৰাগ নোহোৱা হৈছে বুলি আক্ষেপ ব্যক্ত কৰি কয় যে এসময়ত গাঁৱে-গাঁৱে বছৰেকত দুই তিনিখন ভাওনা হৈছিল । কিন্তু এতিয়া ভাওনা লাহে লাহে নোহোৱা হৈছে। বহু গাঁৱত গায়ন-বায়নৰো অভাৱ হৈছে । আন গাঁৱৰ নামতি-দেউৰী নহ’লে ৰাজহুৱা নাম বা ঘৰুৱা ধৰ্মীয় অনুষ্ঠান পাতিবলৈ সমস্যা হৈছে । গতিকে অসমীয়া সমাজ-সংস্কৃতিক জীয়াই ৰাখিবলৈ হ’লে প্ৰতিজন অসমীয়াই সচেতন ভূমিকা গ্ৰহণ কৰিব লাগিব । এতিয়া বহু ঠাইত শংকৰদেৱ গুৰুজনাৰ কেলিগোপাল নাটৰ পৰিৱেশন ৰাস ভাওনাক আধুনিক নৃত্যনাটিকা পৰ্যায়লৈ অৱনমিত কৰা হৈছে বুলিও তেওঁ ক্ষোভ প্ৰকাশ কৰে ।

বৰ্তমানৰ সময় এক বিপন্ন সময় বুলি উল্লেখ কৰি ৰাজখোৱাই সকলোকে সমন্বয়ৰ এনাজৰীৰে বান্ধি ৰখা অসমীয়া ভাষাক ৰক্ষা কৰিবলৈ প্ৰতিজন অসমবাসীকে আহ্বান জনায় । ধিং শাখা সাহিত্য সভাৰ সভাপতি মৃগাঙ্ক বৰা, কলংপৰীয়া শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কমলাকান্ত বৰা, কাতিৰাম বৰা, কীৰ্তিকান্ত গোস্বামী, শৈলেন্দ্ৰ গোস্বামী, বিশিষ্ট ব‌্যক্তি পুনিৰাম বৰা, অৱসৰপ্ৰাপ্ত অধ্যাপক ড° ৰঞ্জন ভৰালী, কবি নীলোৎপল চাংমাই, শাখাৰ উপ-সভাপতি পদুম বৰুৱা, জেউতি হাজৰিকা, সম্পাদক দীপাংকৰ ভূঞা, লোক শিল্পী গোলাপ বৰা , সাহিত্য কৰ্মী বিৰিঞ্চি বৰা‌, উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি মুকুল শৰ্মা, সম্পাদক গুণকান্ত বৰা প্ৰমুখ্যে ডেৰ শতাধিক লোক উপস্থিত থকা সভাত সন্মানীয় অতিথিৰ ভাষণ প্ৰদান কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শর্মাই । বিধায়ক শৰ্মাই কয় যে অভিভাৱকে সন্তানক যি মাধ্যমতে নপঢ়াওক কিয় , স্ব-মাতৃভাষাৰ জ্ঞান সন্তানক দিব লাগে । মোৰ ল’ৰাই অসমীয়া পঢ়িব নাজানে বোলা কথা গৌৰৱৰ বিষয় হ’ব নোৱাৰে । উঠি অহা প্ৰজন্ম অসমৰ ভৱিষ্যৎ। গতিকে তেওঁলোকক অন্যান্য শিক্ষাৰ লগতে মাতৃভাষাৰ জ্ঞানেৰেও সমৃদ্ধ কৰিব লাগিব সকলোৱে । আগন্তুক ভাষা পিয়লত যাতে অসমীয়া ভাষীৰ সংখ্যা হ্ৰাস নাপায়, তাৰ কাৰণে চেষ্টা কৰিব লাগিব বুলিও তেওঁ মন্তব্য কৰে । কলংপৰীয়া শাখা সাহিত্য সভাৰ উপ-সভাপতি কুমুদ চন্দ্ৰ বৰাই আঁত ধৰা সভাত শিল্পী সুবাসনা কাশ্যপে সত্ৰীয়া নৃত্য তথা সুদৰ্শনা কাশ্যপ , নৱমল্লিকা কাশ্যপ, বেদশ্ৰী কাশ্যপ আৰু সংগীতবিশাৰদ শিল্পীশিখা বৰাই গীত পৰিৱেশন কৰি সকলোকে অভিভূত কৰে । নিশা ৰামধেনুৰ ব্যৱস্থাপনাত আয়োজিত সাংস্কৃতিক সমাৰোহেৰে সোণালী জয়ন্তী উৎসৱৰ সামৰণি পৰে ।

Leave A Reply