Breaking

ডিব্ৰুগড় টাউন মিচিং কেবাঙৰ সোণালী জয়ন্তী বৰ্ষ আৰম্ভ।

0 2,036

ডিব্ৰুগড় মিচিংসকলৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠান ডিব্ৰুগড় টাউন মিচিং কেবাঙৰ সোণালী জয়ন্তী বৰ্ষ আৰম্ভ। ডিব্ৰুগড় মিলন নগৰস্থিত মুৰং ঘৰত অনুষ্ঠিত হৈছে এই সোণালী জয়ন্তী বৰ্ষ অনুষ্ঠান। পুৱা পতাকা উত্তোলনৰ শীৰ্ষ গীত কলাখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পূণ্যনাথ পাংগিঙে মুকলি কৰাৰ পিছতে ডিব্ৰুগড় টাউন মিচিং কেবাঙৰ ভাৰপ্ৰাপ্ত সভাপতি ধৰ্মকান্ত পেগুৱে পতাকা উত্তোলনৰ কাৰ্যসূচী শুভাৰম্ভ কৰে। সোণালী জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ সাধাৰণ সম্পাদক প্ৰশান্ত কুমাৰ বড়িয়ে আত ধৰা অনুষ্ঠানত স্মৃতি তৰ্পন কাৰ্যসূচী শুভাৰম্ভ কৰে সভাপতি ড০ পবিত্ৰ কুমাৰ পেগুৱে। ইয়াৰ পিছতে ডিব্ৰুগড় বাণীপুৰত বৃক্ষৰোপন কাৰ্যসূচী শুভাৰম্ভ কৰা হয়।

Leave A Reply