Breaking

NRCৰ পুনৰীক্ষণত ক্ষেত্ৰত আছু চৰকাৰ একমত

0 2,071

অসম চুক্তিৰ সফল ৰুপায়নৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বিগত ৭ চেপ্তেম্বৰত সদৌ অসম ছাত্ৰ সন্থা আৰু অসম চৰকাৰৰ মাজত এলানি আলোচনা অনুষ্ঠিত হৈছিল । ৭ চেপ্তেম্বৰৰ বৈঠকত লোৱা সিদ্ধান্ত অনুযায়ী বৃহস্পতিবাৰে জনতা ভৱনত অনুষ্ঠিত হয় দ্বিতিয়খন বৈঠক ।অসম চুক্তিৰ ৫ নম্বৰ দফা তথা সীমান্তত দ্বিতীয় শাৰীৰ প্ৰতিৰক্ষা কটকটীয়া কৰা , বিদেশী সমস্যাৰ সমাধান , বিদেশী মুক্ত NRC আদিকে ধৰি বহু গুৰুত্বপুৰ্ণ বিযয় আলোচনা কৰা হয় বৃহস্পতিবাৰৰ বৈঠকত । NRC ৰ পুনৰীক্ষণৰ ক্ষেত্ৰত চৰকাৰ আৰু আছু একমতত উপনীত হয় আজি অনুষ্ঠিত বৈঠকত ।
জনতা ভৱনত বৃহস্পতিবাৰে অনুষ্ঠিত বৈঠকত চৰকাৰৰ পক্ষৰ পৰা মন্ত্ৰী পিযুষ হাজৰিকা , অতুল বৰা , অজন্তা নেওগ উপস্থিত থাকে । সদৌ অসম ছাত্ৰ সন্থাৰ হৈ বৈঠকত উপস্থিত থাকে মুখ্য উপদেষ্টা ডঃসমুজ্জল কুমাৰ ভট্টচাৰ্য , সভাপতি দিপাংক কুমাৰ নাথ , সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা ।

Leave A Reply