Breaking

চৰকাৰী বিভাগে দিবলৈ বাকী আছে ১০৬ কোটি টকাৰ বিদ্যুৎ মাচুল

0 1,532

একাংশ উপভোক্তা আৰু প্রতিষ্ঠানৰ অনাদায় মাচুলৰ বাবেই নহয়, কেইবাটাও চৰকাৰী বিভাগে সময় মতে বিদ্যুতৰ বিল আদায় নিদিয়াৰ ফলতেই অভাৱনীয় লোকচানৰ সন্মুখীন হৈছে শক্তি বিভাগ৷ স্বয়ং শক্তিমন্ত্রীয়ে সোমবাৰে উদঙাই দিলে চৰকাৰী বিভাগৰ চৰম দায়িত্বজ্ঞানহীনতা৷ বিজুলী ভৱনত সোমবাৰে এখন সংবাদ মেল আয়োজন কৰি  শক্তিমন্ত্রী বিমল বৰাই প্রকাশ কৰা মতে, চৰকাৰী বিভাগৰ পৰাই শক্তি বিভাগে পাবলৈ আছে ১০৬ কোটি টকা৷ ৰাজ্য চৰকাৰৰ কেইবাটাও বিভাগে বিল আদায় নিদিয়াৰ ফলত প্রতিমাহে শক্তি বিভাগে লোকচানৰ সন্মুখীন হোৱাই নহয়, বিল আদায় দি অহা উপভোক্তাসকলক নিয়মিতভাৱে যোগান ধৰিব পৰা নাই বিদ্যুৎ৷ চৰকাৰী বিভাগসমূহৰ ভিতৰত জনস্বাস্থ্য কাৰিকৰী বিভাগে সর্বাধিক বিদ্যুৎ মাচুল আদায় দিবলৈ বাকী আছে৷

সংবাদ মেলত মন্ত্রীগৰাকী কয়– চৰকাৰী বিভাগসমূহে বিল নির্দিষ্ট সময়ত আদায় নিদিলে শক্তি বিভাগে কেতিয়াও মূৰ দাঙিব নোৱাৰে৷ এনে পৰিস্থিতিত বিভাগে দীর্ঘদিন ধৰি সন্মুখীন হৈ অহা লোকচানৰ জোৰা মাৰিবলৈ অনাদায় হৈ থকা বিদ্যুৎ মাচুল সংগ্রহ কৰাত সর্বাধিক গুৰুত্ব দিছে৷ এই লক্ষ্যৰে এক সংস্কাৰমূলক পদক্ষেপ গ্রহণ কৰা হৈছে৷ শক্তিমন্ত্রীগৰাকীয়ে কয়– যিসকল উপভোক্তা আৰু প্রতিষ্ঠানে বিল আদায় দিয়া নাই, সেইসকলক বিল আদায় দিয়াৰ বাবে বিভাগে বিষয়টো বুজাবুজিৰে সমাধান কৰিব বিচাৰিছে৷

সেইমর্মে ৩০ হাজাৰ টকালৈ যিসকলে বিল দিয়া নাই, সেই উপভোক্তা বা প্রতিষ্ঠানে বিদ্যুৎ বিভাগৰ সহকাৰী প্রবন্ধকৰ সৈতে আলোচনা কৰি ১০টা কিস্তিত মাচুল আদায় দিব পাৰিব৷ আনহাতে যিসকলৰ অনাদায় মাচুল ৫০ হাজাৰ টকা বা তাতকৈ বেছি, সেইসকল উপভোক্তা বা প্রতিষ্ঠানে উপ–প্রবন্ধকৰ সৈতে আলোচনা কৰি ১৫টা কিস্তিত আদায় দিব পাৰিব৷ সংস্কাৰমূলক অভিযানৰ দ্বাৰা কেৱল মাচুল আদায় কৰাই মূল লক্ষ্য নহয়, উপভোক্তাসকলে যাতে প্রতিমাহৰ ১০ তাৰিখে বিল পায়, সেই দিশতো পদক্ষেপ গ্রহণ কৰা হৈছে৷

মন কৰিবলগীয়া যে শক্তি বিভাগে সন্মুখীন হোৱা লোকচানৰ জোৰা মাৰিবলৈ বিদ্যুৎ চুৰি ঘটনা ৰোধত সর্বাধিক গুৰুত্ব দিছে৷ ইয়াৰ পৰিণতিত বিভাগে বিদ্যুৎ চুৰিত লিপ্তসকলৰ পৰা ১১.৬৫ কোটি টকা জৰিমনা হিচাপে আদায় কৰিছে৷ শক্তিমন্ত্রী বিমল বৰাই প্রকাশ কৰা মতে, যোৱা ফেব্রুৱাৰী মাহত শক্তি বিভাগে ৩৩৯ কোটি টকাৰ মাচুল আদায় কৰাৰ বিপৰীতে মার্চ মাহত ২৮৬ কোটি, এপ্রিল মাহত ২৭৪ কোটি আৰু ২৯ জুনলৈকে ৪১৬.৬৬ কোটি টকা আদায় কৰিবলৈ সক্ষম হৈছে৷ শক্তি বিভাগে বিদ্যুৎ চুৰি ৰোধৰ বাবে উপভোক্তা তথা ৰাইজৰ সহযোগৰ যথেষ্ট প্রয়োজন হ’ব বুলি মন্তব্য কৰি শক্তিমন্ত্রীগৰাকীয়ে ইয়াৰ বাবে দুটাকৈ নম্বৰ মুকলি কৰা বুলি জানিবলৈ দিয়ে৷ চুৰি সংক্রান্তীয় যিকোনো খবৰ ১৯১২ নম্বৰত ফোন কৰি আৰু ৭৫৭৫৯৯৯৬৬৬ নম্বৰত হোৱাটছএপযোগে জনাব পাৰিব বুলি তেওঁ প্রকাশ কৰে৷

Leave A Reply