Breaking

ব্যক্তিগত বিদ্যালয়বোৰক চৰকাৰে সকাহ দিয়ক

0 1,330

অংশুমান ভূঞা

ক’ৰোনাই সৃষ্টি কৰা জটিল পৰিস্থিতিৰ ফলত বিভিন্ন খণ্ড বেয়াকৈ প্ৰভাৱিত হৈছে। তাৰ ভিতৰত ৰাজ্যখনৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহো উল্লেখযোগ্য। এই বিদ্যালয়বোৰৰ ৰাজ্যখনৰ শৈক্ষিক দিশৰ উত্তৰণত অৱদান অনস্বীকাৰ্য। কোনো ধৰণৰ চৰকাৰী সাহায্য অবিহনে অতি দায়িত্ব সহকাৰে অনুষ্ঠানবোৰ পৰিচালনা কৰা হয়। মুষ্টিমেয় অভিজাত বিদ্যালয়ৰ বাহিৰে গৰিষ্ঠ সংখ্যক বিদ্যালয়েই কম মাচুলতে গুণগত শিক্ষা দি আহিছে। তদুপৰি দুখীয়া শিক্ষাৰ্থীক বিনামূলীয়াকৈ শিক্ষাদানো কৰি আহিছে। শিক্ষক-শিক্ষয়িত্ৰীৰ কষ্ট অনুপাতে দৰমহা-পাতিও কম। লকডাউনৰ ফলত মাচুল সংগ্ৰহ নোহোৱাত বহু বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে বিগত ৫-৬ মাহ ধৰি ফুটাকড়ি এটাও চুব পৰা নাই। অনাদায় মাচুল কেতিয়াবালৈ যে উঠিব সেয়াও সন্দেহৰ আৱৰ্তত। বিদ্যালয়বোৰৰ বহুখিনি কৰ্মচাৰীয়ে আকৌ মধ্যবিত্ত ঘৰৰ, যাক কোনো চৰকাৰী সাহায্য আঁ‌চনিয়ে ঢুকি নাপায়। এবাৰ শিক্ষকতা বৃত্তিৰ মাজত সোমোৱাৰ পাছত আন কামত সতকাই ধৰাও মানসিকভাৱে অত্যন্ত কঠিন। তাৰ মাজতে আকৌ মাচুল ৰেহাইৰ চৰকাৰী নিৰ্দেশ। যিহেতু ব্যক্তিগত বিদ্যালয়ত অকল চৰকাৰী কৰ্মচাৰীৰ সন্তানেই নপঢ়ে, সেয়ে এফালৰ পৰা এই নিৰ্দেশৰ যুক্তিযুক্ততাও নোহোৱা নহয়। কিন্তু আৰ্থিকভাৱে পৰিচালনা সমিতি সবল নোহোৱা বাবে বহু বিদ্যালয়ে শিক্ষক-শিক্ষয়িত্ৰীৰ দৰমহা কৰ্তন কৰিবলৈ বাধ্য হৈছে। ই তেওঁলোকক আৰু দুৰ্দশাৰ পিনে ঠেলি নিছে। পৰিচালনা সমিতিবোৰৰ যৎকিঞ্চিৎ জমাধন আছিল সেয়া সমূলি শেষ। সেয়ে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী মহোদয়ে যাতে এই বিষয়টো এবাৰ বিবেচনা কৰি চাই ব্যক্তিগত বিদ্যালয়বোৰলৈ সহায়ৰ হাত আগবঢ়াই তাৰেই অনুৰোধ জনালোঁ।

Leave A Reply