Breaking

‘মাইনা নায়কৰ বিনামূলীয়া উন্নত চিকিৎসাৰ ব্যৱস্থা কৰক চৰকাৰে । যদি চৰকাৰে নকৰে তেন্তে বাগিচা কৰ্তৃপক্ষক বাধ্য কৰাওক ‘ এইদৰে দাবী উত্থাপিত হৈছে ছ’চিয়েল মিডিয়াত …

0 90

ডিব্ৰুগড় জিলাৰ লেপেটকটা চাহ বাগিচাত অঘটন । এগৰাকী ২৫ বছৰীয়া মহিলা কৰ্মচাৰী শ্ৰীমতী মইনা নায়কৰ কলঘৰৰ কাটিং মেচিনত কাম কৰি থকা অৱস্থাত চুলি আৰু পিন্ধা কাপোৰ সোমাই যোৱাত মূৰৰ ওপৰ অংশ সম্পূর্ণ ছাল এৰি লাওখোলা উলাই যোৱাৰ লগতে সোঁ-হাত ভাঙি যায় ।

বৰ্তমানে চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি আছে মহিলাগৰাকী ।

এই দুৰ্ঘটনাক লৈ জিলা প্ৰশাসনক বাগিচা কৰ্তৃপক্ষৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ আৰু মহিলাগৰাকীক প্ৰয়োজনীয় সম্পূর্ণ ক্ষতিপূৰণ প্ৰদানৰ দাবী উত্থাপন স্থানীয় লোকৰ ।

আনহাতে উন্নত চিকিৎসাৰ বাবে সংকটজনক অৱস্থাত মহিলাগৰাকীক গুৱাহাটী মেডিকেল কলেজ হাস্পতালত অনা হৈছে । ইতিমধ্যে ছ’চিয়েল মিডিয়াত #JusticeforMoinaNayak বুলি দাবী উত্থাপিত হৈছে ।

‘মাইনা নায়কৰ বিনামূলীয়া উন্নত চিকিৎসাৰ ব্যৱস্থা কৰক চৰকাৰে । যদি চৰকাৰে নকৰে তেন্তে বাগিচা কৰ্তৃপক্ষক বাধ্য কৰাওঁক ।।’ এইদৰে দাবী উত্থাপিত হৈছে ছ’চিয়েল মিডিয়াত ।

Leave A Reply