Breaking

ঢেকীত পিঠাগুৰি খুন্দি জুহলাত পিঠা বনাই ভোগালীক আদৰিবলৈ সাজু বিধায়িকা আঙুৰলতা

0 2,516

অসমীয়াৰ অতিকৈ চেনেহৰ মাঘৰ বিহুলৈ মাজত মাত্র আৰু এটা দিন বাকী থকাৰ সময়ছোৱাত এতিয়া গাঁৱে ভূঞে চহৰে নগৰে দেখিবলৈ পোৱা গৈছে মাঘ বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি। যেন এক প্ৰকাৰ গাত যেন তৰনি নোহোৱা হৈছে গাঁৱৰ ডেকা , বুঢ়া মেঠা  জীয়াৰী -বোৱাৰীৰ মাজত। ঢেকীৰ শব্দই এতিয়া ৰজনজনাইচে গ্ৰামাঞ্চলৰ ভেটি। ব্যতিক্রম নহয় মধ্য অসমৰ ভিতৰুৱা গ্ৰামাঞ্চলৰ ঠাই সমূহো ।হেপাঁহৰ ভোগালী বিহুটিক আদৰিবলৈ এতিয়া সাজু হৈ উঠিছে নগাঁও জিলা বাসীও।

নগাঁও জিলাৰ বটদ্রৱাটো ভোগালী বিহু টিক আদৰিবলৈ এতিয়া উঠি পৰি লাগিছে অঞ্চলবাসী।সময়ে সময়ে বিভিন্ন ৰূপত দেখা পোৱা বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাক এইবাৰ দেখা গল অন্য ৰূপত।বটদ্ৰৱা সমষ্টিৰ  বিধায়িকা আঙুৰলতা ডেকাও ভোগালী বিহুটিক আদৰিবলৈ  ব্যস্ত হৈ পৰা দেখা গৈছে।

আজি বটদ্ৰৱা সমষ্টিৰ মাজগাওঁৰ মহিলা সকলে পিঠা পনা বনাই বিহুক আদৰিবলৈ  প্ৰস্তুতি চলোৱাৰ সময়তে বিধায়িকা আঙুৰলতা ডেকাই মাজগাঁওত উপস্থিত হৈ সমষ্টি বাসী ৰাইজক উৎসাহিত কৰাৰ উদ্দেশ্যে‌‌ই  নিজে ঢেকীত পিঠাগুৰি খুন্দি জুহালাত পিঠা বনোৱাৰ লগতে,লাৰু ,ঘিলা পিঠাকে ধৰি বিভিন্ন পিঠা বনাই সকলোকে উৎসাহিত কৰে।  ঢেঁকীত চাব মাৰি বিহুগীত গাই  নাচি বাগি আনন্দ স্ফূর্তিৰ মাজেৰে গাঁৱৰ জীয়ৰীৰ  বোৱাৰীৰ লগত  একেলগ হৈ  ভোগালী বিহুটিক আদৰিবলৈ প্ৰস্তুতি চলাই বিধায়িকা আঙুৰলতা ডেকাই। ঢেকীত পিঠাগুৰি খুন্দি পিঠা বনাই ভোগলীক আদৰিবলৈ সাজু হোৱা বিধায়িকা আঙুৰলতা ডেকাৰ উপস্থিতিয়ে মাজগাঁও বাসী ৰাইজক উৎসাহিত কৰি তোলে।

ৰাইজৰ উৎসাহ উদ্দীপনা দেখি বিধায়িকা আঙুৰলতাই এপাক বিহুও মাৰিলে অঞ্চলৰ জীয়ৰী, বোৱাৰীৰ লগত।ভোগালী বিহু বুলি উৎসাহিত হৈ পৰা বিধায়িকা গৰাকীয়ে কয় যে : “এই বিহু চহা ৰাইজৰ বিহু। জাতি,ধৰ্ম,বৰ্ণ নিৰ্বিশেষে সকলোৱে মিলাপ্ৰীতিৰে ,উৎসাহ,উদ্দীপনাৰ মাজেৰে ভোগৰ বিহুটি পালন কৰক।কৰোনা মহামাৰীৰ ত্ৰাসৰ বাবেই এইবাৰ ৰঙালী বিহুটি উদযাপন কৰিব নোৱাৰিলে সমগ্ৰ অসমবাসীয়ে।সেয়ে চেনেহৰ ভোগালী বিহুটিক সকলোৱে মিলজুলি পালন কৰক আৰু নাশ হ‌ওক অসূয়া,অমংগল।লগতে তেওঁ কয় আগতে বিহুত মাৰ লগত পিঠা বনোৱাৰ অভ্যাস আছে।তেতিয়া পিঠা বনাওতেই ভাঙি গৈছিল কিন্তু এতিয়া বনালে নাভাগিব চাগৈ।”

Leave A Reply