Breaking

দিহিং-পাটকাই অভয়াৰণ্যত কয়লা খননৰ অনুমতি বাতিল নকৰিলে তীব্ৰ ৰণডংকা সূচনা কৰাৰ হুংকাৰ বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ

0 61

নাজিৰা

নৰেন্দ্ৰ মোডী নেতৃত্বতাধীন কেন্দ্ৰীয় চৰকাৰে পক্ষপাতিত্বমূলক ভূমিকাৰে পুঁজিপতিসকলৰ স্বাৰ্থত “আমজন অৱ ইষ্ট” নামেৰে জনাজাত বিখ্যাত অভয়াৰণ্য দিহিং-পাটকাইত পুঁজিপতি গোষ্ঠীক কয়লাৰ মুক্ত খনন কৰিবলৈ দিয়া অনুমতি শীঘ্ৰে বাতিল নকৰিলে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ৰণডংকা সূচনা কৰাৰ হুংকাৰ দিছে বৃহত্তৰ অসমীয়া যুৱ মঞ্চ নামৰ সংগঠনটোৱে। মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পদ্মকান্ত দাস আৰু সচিব প্ৰধান প্ৰণৱজ্যোতি সন্দিকৈ আৰু শিৱসাগৰ জিলাৰ প্ৰচাৰ সচিব ঋতুৰাজ বৰগোহাঁয়ে দিয়া এক বিবৃতিত কেন্দ্ৰীয় চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তক তীব্ৰ প্ৰতিবাদ জনাই চৰকাৰক লগতে সকীয়াই দিয়ে যে অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া আৰু চৰাইদেউ জিলাৰ লগতে অৰুণাচলৰ টিৰাপ আৰু চাংলা জিলাক বিস্তৃত ভাৱে আগুৰি ৰখা দিহিং-পাটকাই বৰ্ষাৰণ্য চেলেকী হস্ত প্ৰকল্পৰ ৯৮.৬৯ হেক্টৰ ভূমি বন্য ভূমি সমগ্ৰ বিশ্বতে বন্যপ্ৰাণী বিচৰণ ভূমি হিচাপে বিখ্যাত আৰু নেশ্যনেল ব’ৰ্ড অৱ ৱাইল্ড লাইফে অনুমতি প্ৰদান কৰিছে, তেনে এখন অভয়াৰণ্যৰ প্ৰকৃত সেউজ সম্পদ ধ্বংস কৰি বণিয়া গোষ্ঠীক মুক্তভাৱে কয়লা খনন কৰিবলৈ অনুমতি প্ৰদান কৰা কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ লগতে তীব্ৰ প্ৰতিবাদ জনাই বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় নেতৃবৃন্দই প্ৰকৃতি সুৰক্ষিত কৰাৰ পৰিৱৰ্তে ধ্বংস কৰাৰ ষড়যন্ত্ৰ আৰু যিটো সময়ত সমগ্ৰ বিশ্বতে ক’ৰোনা ভাইৰাছৰ আতংকময় পৰিস্থিতিত প্ৰকৃতি ৰক্ষা কৰাৰ গুৰুত্ব দিয়া হৈছে, সেই সময়ত আকৌ কেন্দ্ৰীয় চৰকাৰে দিহিং-পাটকাইৰ দৰে অভয়াৰণ্যখনক ধ্বংস কৰিবলৈ পুঁজিপতি গোষ্ঠীক গতাই দিয়া বিষয়টো কেতিয়াও মানৱতাৰ পৰিচায়ক নহয় বুলি বৃহত্তৰ অসমীয়া যুৱ মঞ্চই কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ এনে ধ্বংসাত্মক সিদ্ধান্ত শীঘ্ৰে বাতিল নকৰিলে সংগঠনটোয়ে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ৰণডংকা সূচনা কৰিবলৈ বাধ্য হ’ব বুলি বিবৃতিটোৰ যোগে সকীয়াই দিয়ে। 

Leave A Reply