Breaking

খাগৰিজান নিবনুৱা শ্ৰম আৰু ঠিকা সমবায় সমিতি লিমিটেডৰ মহানুভৱতাক ৰাইজৰ সলাগ

0 1,071

সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাৰ সদৰ সমষ্টিৰ বিভিন্ন অঞ্চলৰ ওপৰি শেনচোৱাত বছৰৰ প্ৰথমটো বানত ১৫২ টা পৰিয়াল সৰ্ব্বসাস্ত হৈ বিভিন্ন আশ্ৰয় শিৱিৰত দিন কটাব লগীয়াত পৰিছে৷ বানত সৰ্ব্বসাস্ত হোবা পৰিয়াল সমূহক কিছু সকাহ দিয়াৰ উদ্দেশ্যে শেনচোৱা অঞ্চলত খাগৰিজান নিবনুৱা শ্ৰম আৰু ঠিকা সমবায় সমিতি লিমিটেডৰ উদ্যোগত আজি ১৫২ টা বানপীড়িত পৰিয়ালক আত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰা হয়৷ ২০০৫ চনত শেনচোৱাৰ একাংশ উদ্যমী যুৱকৰ দ্বাৰা গঠিত খাগৰিজান নিবনুৱা শ্ৰম আৰু ঠিকা সমবায় সমিতি লিমিটেড খনে সময়ে সময়ে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সৰ্ব্বসাস্ত হোবা লোক সকলক সহায় সহযোগ আগবঢ়াই অহাৰ লগতে আজি শেনচোৱা অঞ্চলত বানপীড়িত লোক সকলক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰি এক মহানুভৱতাৰ পৰিচয় দিয়ে৷

আজি পুৱা ১১ বজাত আৰম্ভ হোবা বানপীড়িতক সাহায্য প্ৰদানৰ এই কাৰ্য্যসুচীত শেনচোৱা গাঁও পঞ্চায়তৰ সভাপতি ৰাজীৱ বৰাৰ ওপৰি খাগৰিজান নিবনুৱা শ্ৰম আৰু ঠিকা সমবায় সমিতি লিমিটেডৰ সভাপতি শৈত্যেন্দ্ৰ শইকীয়া, সম্পাদক মনোজ কুমাৰ নাথ,উপদেষ্টা দিলীপ হাজৰিকাৰ লগতে সমবায় সমিতিৰ বিষয়ববীয়া সকল আৰু সদস্য সকল উপস্থিত থাকে৷ সমবায় সমিতি খনৰ এই মহানুভৱতাক সকলোৱে সলাগ লৈছে ৷

Leave A Reply