Breaking

চতিয়াৰ সেউজ বৃষ্টিৰ সেউজীয়া চিন্তা। অভিনৱ বিবাহ নিমন্ত্ৰণ…

0 72

নিজৰ বিয়া খন কেনেকৈ পাতিব? কি পিন্ধিব? কি খুৱাব ? এইধৰণৰ সকলোৰে পৰিকল্পনা থাকে। ঘৰত পাতিলে টেন্ট কেনেকুৱা হ’ব কেনেকৈ সজাম ইত্যাদি বহু পৰিকল্পনা । সাধাৰণতে বিবাহত অতিথিক নিমন্ত্ৰনী পত্ৰৰে নিমন্ত্ৰণ জনোৱা হয় । বহুজনে হয়তো ব্যতিক্ৰমী নিমন্ত্ৰনী পত্ৰ লিখিও অতিথিক নিমন্ত্ৰণ জনাইছে ।

পিছে নিমন্ত্ৰণ এটাক যে বিবাহৰ অন্যতম অনুষ্ঠান এটালৈ পৰিনত কৰিব পাৰি সেইটো চতিয়াৰ সেউজ বৃষ্টিয়ে উপলব্ধি কৰালে । চতিয়াৰ বহু কেইখন গৃহত সেউজ বৃষ্টিয়ে বিয়ালৈ মাতিবলৈ হাতত ফুলৰ পুলি টাব এটাৰ সৈতে আগবঢ়াই বিবাহৰ নিমন্ত্ৰন দিলে ।

এক অভিনৱ বিবাহ নিমন্ত্ৰণ লাভ কৰি সকলোকে মন্ত্ৰমুগ্ধ কৰিলে সেউজ বৃষ্টিয়ে ৷ সেউজ বৃষ্টিৰ মতে এক নিমন্ত্ৰণী পত্ৰৰ জীৱন কাল হয়তো এদিন দুদিন এমাহ দুমাহ হয়তো এবছৰ বা দুবছৰ ৷ সেয়েহে সেউজ বৃষ্টিয়ে নিমন্ত্ৰণী পত্ৰৰ সমান খৰচত একোটাকৈ গছৰ পুলিৰে অভিনৱ পন্থাৰে বিয়া নিমন্ত্ৰণ দিলে আৰু লগতে অহা ৪ ডিচেম্বৰত সেউজ বৃষ্টিৰ বিবাহলৈ নিমন্ত্ৰণও জনালে ৷ প্ৰাগ নিউজৰ তৰফৰ পৰা সেউজ বৃষ্টিলৈ বিবাহৰ শুভেচ্ছা থাকিল ৷

Leave A Reply