গুৱাহাটীৰ পল্টনবজাৰস্থিত কেশব ধামত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ প্ৰমুখ্যে আন আন সম ভাবাপন্ন ভাতৃ সংগঠনৰ শতাধিক প্ৰতিনিধিৰ উপস্থিতিত শ্ৰীৰাম মন্দিৰ নিৰ্মাণ নিধি সমৰ্পণ অভিযান সুচাৰুৰূপে পৰিচালনাৰ বাবে গুৱাহাটী কাৰ্য্যালয় কালি মুকলি কৰা হয়। কাৰ্যালয় মুকলি কৰি বিশ্ব হিন্দু পৰিষদৰ গুৱাহাটী মহানগৰ সমিতিৰ প্ৰচাৰ প্ৰমুখ জগদীশ চন্দ্ৰ শৰ্মা আৰু মুকুটেশ্বৰ গোস্বামীয়ে সংবাদ মাধ্যমক কিছু কথা সদৰি কৰে ৷ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সংঘচালক গুৰু প্ৰসাদ মেধি, বিশ্ব হিন্দু পৰিষদৰ গুৱাহাটী মহানগৰ সমিতিৰ সভাপতি শুভৰাম বৰা, শ্ৰীৰাম ৰাম মন্দিৰ নিৰ্মাণ নিধি সমৰ্পণ সমিতি অসমৰ অভিযান প্ৰমুখ ব্ৰজজ্যোতি শৰ্মা, গুৱাহাটী সমিতিৰ সভাপতি ৰত্নেশ্বৰ বসুমতাৰী, অভিযান প্ৰমুখ চন্দন ৰাভা আদি বিষয়ববীয়াসকলৰ উপস্থিতিত এক মাঙ্গলিক পৰিবেশত এই কাৰ্য্যালয় মুকলি কৰি নিধি সমৰ্পণ অভিযান শৃংখলাবদ্ধ ভাবে আগবঢ়াই নিবলৈ বিভিন্নজনে পৰামৰ্শ দিয়ে ৷ পূৰ্বোত্তৰৰ ধৰ্মপ্ৰাণ ৰাইজৰ মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰত পৰিলক্ষিত হোৱা উৎসাহ উদ্দীপনাৰ প্ৰতি লক্ষ্য ৰাখি এই ক্ষেত্ৰত কোনো অঞ্চলৰ কোনো ভক্তিপ্ৰাণ লোক যাতে নিধি সমৰ্পণত বঞ্চিত নহয় তাৰ বাবে প্ৰতিঘৰৰে দুৱাৰে দুৱাৰে উপস্থিত হৈ সংযোগ স্থাপন কৰিবলৈ সেৱকসকলক পৰামৰ্শ দিয়া হয় ৷ অহা ১৫ জানুৱাৰী মকৰ সংক্ৰান্তিৰ দিনটোৰ পৰাই দেশৰ আন আন ঠাইৰ লগতে অসমতো মন্দিৰ নিৰ্মাণ নিধি সমৰ্পণ অভিযান চলিব ৷ সেই অনুসৰি গুৱাহাটীটো অভিযান প্ৰমুখ চন্দন ৰাভাৰ নেতৃত্বত গঠিত নিধি সমৰ্পণ অভিযান গোটে প্ৰতিঘৰ মানুহৰ দুৱাৰে দুৱাৰে গৈ নিধি সংগ্ৰহ অভিযান চলাব ৷
Breaking
- কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সম্পত্তিক লৈ পুত্ৰৰ মাজত সংঘাট
- পুনৰ হৃদৰোগত আক্ৰান্ত সৌৰভ গাংগুলী : হাস্পতালত ভৰ্তি
- হাউলীৰ জয়েন বজাৰত জেপিএল প্ৰিমিয়াৰ লীগত ছালাবিলা বাশবাৰী ক্ৰিকেট ক্লাবৰ বিজয়ৰ খিতাপ অৰ্জন
- বিশ্বৰ সৰ্বোচ্চ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সমাৰোহৰ ব্যাপক প্ৰস্তুতি
- কৃতি শিক্ষক, অসম আন্দোলনৰ কৰ্মী তথা হোজাই জিলা সাহিত্য সভাৰ উপ-সভাপতিৰ মৃত্যুত শোক
- SI কেলেংকাৰীৰ চিবিআই তদন্ত ঘোষণা কৰি টিংখাঙক কলংক মুক্ত কৰাৰ দাবীত ধাৰাবাহিক আন্দোলনৰ ঘোষণা
- ডবকা নগৰৰ যান-জঁটৰ সমস্যাৰ সমাধান বিচাৰি জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক ৰাজহুৱা অভিযোগ
- জামুগুৰিহাটৰ চেচাসত্ৰৰ ৰাষ্ট্ৰীয় ঘাইপথত পথ দূৰ্ঘটনা, গুৰুতৰভাৱে আহত এক
- তেজপুৰত ভাগৱত পাঠ অনুষ্ঠানত মাইক বজোৱা লৈ সংঘাট : মহিলাৰ মৃত্যু
- কিমান পাষণ্ড হলে কোনো মাতৃয়ে নিজ সন্তানক পুখুৰীত দলিয়াই হত্যা কৰিব পাৰে !