Breaking

বৃদ্ধি পাইছে গৰমৰ তাপ মাত্ৰা! শিশুক স্কুলৰ টিফিনত কি দিব, দুপৰীয়া কি খোৱাব, সন্ধিয়া টিউচনলৈ যোৱাৰ পূৰ্বে কি খোৱাব

0 45

প্ৰতিদিনে বৃদ্ধি পাইছে গৰমৰ তাপ মাত্ৰা। আনহাতে এই গৰমত প্ৰতিদিনে শিশুসকলে য়াব লাগে বিদ্যালয়লৈ।
যদিও ৰাজ্য চৰকাৰে গৰমৰ বাবে বিদ্যালয়সমূহত গ্ৰীষ্ম বন্ধৰ দিন আগবঢ়াই আনিছে, তথাপিও ব্যক্তিগত বিদ্যালয়সমূহ এতিয়াও খোলা আছে। এই গৰমত শিশুসকলক কেনেকৈ সুস্থ কৰি ৰাখিব। গৰমত অত্যধিক ঘাম, বমি বা ডায়েৰিয়া, শৰীৰৰ পৰা অতিৰিক্ত পানী ক্ষয় হয়। এনে পৰিস্থিতিত শিশুৱে সমস্যাৰ সন্মুখীন হোৱাৰ প্ৰৱণতা বেছি। এই সময়ত শিশুটিক সুস্থ কৰি ৰাখিবলৈ অভিভাৱকসকলে নিজৰ খাদ্যাভ্যাসৰ প্ৰতি অতিৰিক্ত গুৰুত্ব দিব লাগে। শিশুক স্কুলৰ টিফিন কি দিব লাগে, দুপৰীয়া কি খাব লাগে, সন্ধিয়া টিউচনলৈ যোৱাৰ আগতে কি খাব লাগে জানো আহক এই সমূহৰ বিষয়ে-


এই সময়ছোৱাত বেছিভাগ শিশুৱে পানীৰ সমস্যাত ভোগে। অভিভাৱকসকলে সেই দিশত অধিক মনোযোগ দিয়া উচিত। এই সময়ত ল’ৰা-ছোৱালীয়ে দিনটোত ডেৰ-দুই-তিনি লিটাৰ পানী খোৱাব লাগে। সহজে হজম হোৱা খাদ্য খুৱাব লাগে। এই সময়ত শিশুক জোৰকৈ খুৱাব নালাগে।

শিশুক অলপ অলপকৈ খুৱাব লাগে। এই সময়ত শিশুক ৰেষ্টুৰেণ্টৰ খাদ্য বা ভজা খাদ্য দিব নালাগে। বহু শিশুৱে ঘৰতে বনোৱা খাদ্য খাব নিবিচাৰে, এনে ক্ষেত্ৰত অভিভাৱকে টিফিনত অলপ তেল আৰু মছলা দি ঘৰতে বনোৱা খাদ্য পৰিবেশন কৰাব লাগে। তেনে ক্ষেত্ৰত স্বাস্থ্যকৰ আৰু সুস্বাদু ৰেচিপিৰ সহায় ল’ব পাৰে।

গ্ৰীষ্মকালত শিশুৰ দৈনন্দিন আহাৰ কেনেকুৱা হ’ব লাগে জানেনে-

১) ৰাতিপুৱা সাৰ পোৱাৰ পিছত এগিলাচ খুৱাব লাগে।

২) স্কুললৈ পঠোৱাৰ আগতে কোনো ধৰণৰ তেলীয়া আৰু টেঙা খাদ্য শিশুক দিব নালাগে। এনে অৱস্থাত ভাত, গাখীৰ-কুঁহিয়াৰৰ, নেমুৰ পানী, দৈ, সিজোৱা কণী, সিজোৱা আলু খোৱাব পাৰে।

৩)এটা নহয়, দুটা পানীৰ বটল স্কুললৈ দি পঠিয়াব লাগে। এটাত পানী দিব আৰু আনটোত গ্লুক’জ পানী দিব।

৪) ফল দৈনিক টিফিনত দিব। টিফিন ৰোল, চাওমিনৰ দৰে ভজা খাদ্য পৰিবেশন কৰিবলৈ দিব নালাগে। এই ক্ষেত্ৰত পোলাও, উপমা, ঘৰতে বনোৱা চেণ্ডুইচ দিব পাৰে।

৫) ঘৰলৈ উভতি অহাৰ পিছত পাতলীয়া খাদ্য দিব লাগে। খাদ্য খোৱাৰ পিছত এবাটি দৈ খাবলৈ দিব।

৬) সন্ধিয়া আহাৰ যেনে চেমোলিনা, মাখানা দিব পাৰে।

৭) ঘৰতে বনোৱা চাউল, দাইল, শাক-পাচলি, মাছ বা কুকুৰাৰ মাংস ৰাতি খুৱাব পাৰি।


Leave A Reply