Breaking

দিখৌ নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম ঐতিহাসিক গৰখীয়া দ’ল : বিজ্ঞান সন্মত ভাৱে সৌন্দৰ্যবৰ্ধন আৰু সংৰক্ষণৰ দাবী সংগ্ৰামী যুৱ — ছাত্ৰ পৰিষদৰ।

0 415

দিলীপ হাজৰিকা : নাজিৰা :

ছশ বছৰীয়া আহোম ৰাজত্ব কালৰ গৌৰৱময় ইতিহাসৰ সোণালী স্বাক্ষৰ বহন কৰা পৌৰানিক কৃৰ্তিচিহ্ন সমূহৰ উপযুক্ত সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ ক্ষেত্ৰত চৰকাৰী বিয়াগোম বিভাগ আছে যদিও বিভাগীয় বিষয়া — কৰ্মচাৰীৰ দায়িত্বজ্ঞানহীনতাৰ বাবে অসমৰ এই জাতীয় সম্পদ সমূহৰ কালৰ বুকুত ধ্বংশ হব ধৰিছে । অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বিশেষকৈ শিৱসাগৰ জিলাৰ প্ৰান্তে প্ৰান্তে সিচৰিত হৈ থকা অধিকাংশ পৌৰানিক কৃৰ্তিচিহ্ন নি: শেষ হোৱাৰ উপক্ৰম ঘটিছে । ইয়াৰ এক জ্বলন্ত উদাহৰণ নাজিৰা মহকুমাৰ ন – মাটি অঞ্চলৰ দিখৌ নদীৰ কাষতে থকা ঐতিহাসিক গৰখীয়া দ’ল । ১৬০৩ –১৬৪৮ খৃষ্টাব্দৰ ভিতৰত স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজ্বত্ব কালত অসম তথা বিশ্বৰ প্ৰথমটো আষ্টকোণীয়া ভেটি বিন্যাসৰে নিৰ্মিত মাই দ’ল অথবা মহেশ্বৰ ঘৰ ৰূপে খ্যাত  এই গৰখীয়া দ’ল টো চৰকাৰী বিয়াগোম বিভাগ পত্নতত্ত্ব সঞ্চালকালয়ৰ বিষয়া – কৰ্মচাৰীৰ দায়িত্ব জ্ঞান হীনতাৰ বাবে সম্প্ৰতি দিখৌ নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম ঘটিছে । স্থানীয় ৰাইজে পত্নতত্ত্ব বিভাগৰ লগতে অসম চৰকাৰৰ  জলসম্পদ ( ৱাননিয়ন্ত্ৰণ ) বিভাগৰ কৰ্তৃপক্ষলৈ বাৰম্বাৰ আবেদন – নিবেদন কৰিও এই জাতীয় সম্পদটিৰ উপযুক্ত সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ উপৰি দিখৌ নদীৰ মথাউৰী  নিৰ্মাণৰ ক্ষেত্ৰত সঠিক পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ।  যাৰ বাবে মাত্ৰ একফালংমান দ’লৰ পৰা মঠাউৰী খহনীয়ালৈ বাকী থকাত ৰাইজ চিন্তিতহৈ পৰিছে । এই ঐতিহাসিক গৰখীয়া দ’লৰ উপযুক্ত সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ লগতে দ’লৰ সন্মুখ ভাগৰ দিখৌ নদীৰ খহনীয়া মঠাউৰী অংশ বিজ্ঞান সন্মতভাৱে প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ বাবে বিভিন্ন সময়ত বহু জাতীয় — জনগোষ্ঠীয় সংগঠনৰ লগতে স্থানীয় ৰাইজে কৰ্তৃপক্ষৰ ওচৰত দাবী তথা আবেদন — নিৱেদন কৰি অহাৰ পিছতো বিশেষ কোনো সহাৰি জনোৱা নাই । শেহতীয়াকৈ এই ঐতিহাসিক জাতীয় সম্পদটিৰ চৌহদ পৰিস্কাৰ পৰিচন্ন ভাৱে ৰাখি উপযুক্ত সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ ব্যৱস্থা কৰাৰ লগতে দিখৌ নদীৰ মঠাউৰী বিজ্ঞান সন্মত ভাৱে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ” সংগ্ৰামী যুৱ — ছাত্ৰ পৰিষদ , অসম” য়ে । সংগঠনটোৰ শিৱসাগৰ জিলা সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক ভাস্কৰ নাথ , নাজিৰা আঞ্চলিক সমিতিৰ সভাপতি মুজিবুৰ ৰহমান আৰু সাধাৰণ সম্পাদক পংকজ দত্তই  এক বিবৃতি যোগে  উক্ত দাবী জনাই দ’লৰ চৌহদ পৰ্যটন স্থলী হিচাপে গঢ় দিবলৈ বিবৃতিটোৰ জৰিয়তে চৰকাৰী বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে । ইয়াৰ অন্যথা জাতীয় স্বাৰ্থত ” সংগ্ৰামী যুৱ – ছাত্ৰ পৰিষদ ,অসম ” য়ে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি বিবৃতিটোত লগতে সকীয়াই দিয়ে ।

Leave A Reply