Breaking

সলনি হ’ল কংগ্ৰেছ দলৰ ইতিহাস। সভাপতি হিচাপে নিৰ্বাচিত হ’ল মল্লিকাৰজুন খাৰ্গে…

0 53

মল্লীকাৰজুন খৰ্গে ৭৮৯৭টা ভোট লাভ কৰাৰ বিপৰীতে শশী থাৰুৰে লাভ কৰে ১০৭২টা ভোট। এই সন্দৰ্ভত শশী থাৰুৰে কয়, ‘কংগ্ৰেছৰ সভাপতি হোৱাটো এক বৃহৎ সন্মানৰ বিষয়, মহান দায়িত্ব, মল্লীকাৰজুন খাৰ্গেৰ এই নিৰ্বাচনত সফলতাৰ বাবে মই অভিনন্দন জনাইছো।

চূড়ান্ত ৰায় আছিল খৰ্গেৰ সপক্ষে, কংগ্ৰেছ নিৰ্বাচনত জয়লাভ কৰাৰ বাবে তেওঁক আন্তৰিক অভিনন্দন জনাইছো।’
একে সময়তে তেওঁ কয়, ‘অতি জটিল পৰিস্থিতিত দলটোক নেতৃত্ব আৰু শক্তি প্ৰদান কৰাৰ বাবে আমি বিদায়ী কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ ওচৰত ঋণী। ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীক কংগ্ৰেছৰ সভাপতি পদৰ বাবে মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাত আগবঢ়োৱা অৱদানৰ বাবে ধন্যবাদ জনাইছো।’


কংগ্ৰেছৰ প্ৰায় ৯৯০০ প্ৰতিনিধিয়ে দলৰ মুৰব্বী নিৰ্বাচনৰ বাবে ভোটদানৰ যোগ্য আছিল। কংগ্ৰেছৰ মুখ্য কাৰ্যালয়কে ধৰি প্ৰায় ৬৮টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰা হয়। কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী, প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী, কেইবাজনো জ্যেষ্ঠ নেতাকে ধৰি প্ৰায় ৯৫০০ প্ৰতিনিধিয়ে সোমবাৰে দলৰ নতুন সভাপতি নিৰ্বাচনৰ বাবে ভোটদান কৰে।


কংগ্ৰেছ দলৰ ১৩৭ বছৰীয়া ইতিহাসত ষষ্ঠবাৰৰ বাবে সভাপতি পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছে। দলৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশৰ মতে, ১৯৩৯, ১৯৫০, ১৯৭৭, ১৯৯৭ আৰু ২০০০ চনত সভাপতি পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছে। ২২ বছৰৰ পাছত এইবাৰ সভাপতি পদৰ নিৰ্বাচন অনুষ্ঠিত হৈছে।


ইফালে, আনুষ্ঠানিক ঘোষণা কৰাৰ পূৰ্বেই ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ সভাপতি পদত মল্লিকাৰজুন খৰ্গেৰ নাম ঘোষণা কৰিছিল। যেতিয়া ৰাহুল গান্ধীক দলত তেওঁৰ ভূমিকা সম্পৰ্কীয় এটা প্ৰশ্ন কৰা হৈছিল, তেতিয়া তেওঁ কৈছিল, “মোৰ ভূমিকা কংগ্ৰেছৰ সভাপতিয়ে সিদ্ধান্ত ল’ব… খৰ্গে জীক সুধিব।” দলত মোৰ ভূমিকা কি হ’ব সেয়া নতুন সভাপতিয়ে সিদ্ধান্ত ল’ব।

Leave A Reply