Breaking

ধুবুৰীত অব্যাহত আছে বানৰ বিভীষিকা…

0 58

ধুবুৰী : ধুবুৰীত অব্যাহত আছে বানৰ বিভীষিকা। আশ্ৰয় শিবিৰে শিবিৰে বনৰ্ত্যাৰ খবৰ লৈছে জিলা উপায়ুক্তই।
অকল আশ্ৰয় শিবিৰে নহয় বানাক্ৰান্ত অঞ্চললৈ গৈ বানৰ কৱলত পৰা লোকৰ খবৰ লৈছে উপায়ুক্ত গৰাকীয়ে।


বানৰ কবলৰ পৰা ৰাইজক সকাহ দিয়াৰ বাবে জিলাখনৰ 40 টাকৈ অধিক আশ্ৰয় শিবিৰৰ ব্যৱস্থা। বৰ্তমানলৈ জিলাখনৰ এক লাখ তকৈ অধিক লোক বানত ক্ষতিগ্ৰস্ত।

এইদৰে ধুবুৰী জিলাৰ বিভিন্ন ঠাইৰ লগতে চহৰখনৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত আশ্ৰয় শিবিৰত উপস্থিত হৈ বন্যার্তৰ লোকৰ খবৰ লৈছে জিলা উপায়ুক্ত গৰাকীয়ে ।

ইয়াৰ উপৰিও ১নং ৱাৰ্ডৰ গলিত উপস্থিত হৈ ৰাইজৰ সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰিলে উপায়ুক্তই, ইফালে ধুবুৰীৰ চৰাঞ্চালত বানৰ কবলত পৰা ৰাইজৰ লগতে পশুধনৰ খাদ্য ইতিমধ্যে চৰকাৰী সাহায্য নদী পথেৰে প্ৰেৰণ কৰা হৈছে বুলি উল্লেখ কৰিলে উপায়ুক্তই ।

Leave A Reply