Breaking

অৰ্ডাৰ দিছিল হট ডগ, আহিল কোকেইনৰ পেকেট! গ্ৰেপ্তাৰ ৰান্ধনীক…

0 65

বিশ্ব সংবাদঃ এগৰাকী মহলাই হট ডগ অৰ্ডাৰ দিছিল, কিন্তু মহিলাগৰাকীয়ে লাভ কৰিলে কোকেইন বেগ। গ্ৰেপ্তাৰ অভিযুক্ত ৰান্ধনীক! আৰক্ষীৰ মতে, অভিযুক্তজন নিউ মেক্সিকোৰ ছনিক ড্ৰাইভ ইন ৰেষ্টুৰেণ্টত কাম কৰে। তেওঁৰ নাম জেফ্ৰি ডেভিদ চালাজা, বয়স ৫৪ বছৰ। তেওঁৰ বিৰুদ্ধে কোকেইন ৰখাৰ অপৰাধমূলক অভিযোগ। কোকেইন ৰখাৰ অপৰাধত গ্ৰেপ্তাৰ হ’ল এইজন আমেৰিকান ৰেষ্টুৰেণ্টৰ কৰ্মচাৰী। কোকেইনৰ বেগ এটা নিৰুদ্দেশ হোৱাৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীয়ে জনোৱা মতে, কৰ্মচাৰীজনৰ কোকেইনৰ বেগটো গ্ৰাহকৰ হটডগত দিয়ে, তাৰ পিছতে অভিযুক্ত কৰ্মচাৰীজনক গ্ৰেপ্তাৰ কৰা হয়।

আৰক্ষীয়ে জনোৱা মতে, ৰেষ্টুৰেণ্টখনৰ এজন গ্ৰাহকৰ খাদ্যত অবৈধ ড্ৰাগছ উদ্ধাৰ হয়, যিটো অৰ্ডাৰ পেক কৰি থকাৰ সময়তে অভিযুক্ত কৰ্মচাৰীজনে গ্ৰাহকৰ বেগত ভৰাই থৈছিল।পৰীক্ষাৰ অন্তত আৰক্ষীয়ে এই পদাৰ্থটো নিশ্চিত কৰে। আৰক্ষীয়ে জানিব পাৰিছে যে গ্ৰাহকৰ খাদ্য পেক কৰি থাকোঁতে কৰ্মচাৰীজনে ভুলবশতঃ এই কোকেইন পেকেটটোত ভৰাই থৈছিল। আৰক্ষীয়ে জনোৱা মতে, মঙলবাৰে এগৰাকী মহিলাৰ পৰা ফোন আহিছিল যে তেওঁ ৰেষ্টুৰেণ্টত খাদ্য খাই থকা অৱস্থাত এটা প্লাষ্টিকৰ বেগ পাইছিল। চিচিটিভিৰ ফুটেজত অভিযুক্ত কৰ্মচাৰীজনে এগৰাকী মহিলাৰ খাদ্য পেক কৰি থকা দেখা গৈছে। ফুটেজত দেখা গৈছে এজন ৰান্ধনীয়ে গ্ৰাহকৰ আহাৰ প্ৰস্তুত কৰি থকা। তেতিয়া তেওঁক কিবা এটা বিচাৰি থকা দেখা গৈছে। গ্ৰেপ্তাৰৰ পৰোৱানা অনুসৰি অভিযুক্তই স্বীকাৰ কৰিছে যে তেওঁ ৰেষ্টুৰেণ্টখনৰ পাৰ্কিং লটত থকা কাৰোবাৰ পৰা কোকেইনৰ পেকেট এটা কিনিছিল।

Leave A Reply