Breaking

ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত অইলৰ খনন বন্ধ আৰু দিহিং পাটকাই কয়লা খনন বন্ধৰ দাবীত আছুৰ মানব শৃংখল ।

0 353

তিনিচুকীয়া

উত্তৰ- পূৰ্বাঞ্চলৰ আমাজন স্বৰূপ দিহিং পাটকাই বৰ্ষাৰণ্যৰ হস্তী কৰিডৰৰ অন্তৰ্গত অঞ্চলত তথা বৰ্ষাৰণ্য খনত থকা অসমৰ জাতীয় পক্ষী দেওঁহাঁহকে ধৰি বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তুৰ জীৱনলৈ কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা মুক্ত কয়লা খননৰ যোগেদি ভাবুকি কঢ়িয়াই আনিব পৰা আৰু ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সাতটাকৈ স্থানত অইল ইণ্ডিয়াৰ খনন আৰু হাইড্ৰকাৰ্বনৰ পৰীক্ষা চলোৱাৰ বাবেও কেন্দ্ৰই অনুমতি প্ৰদান কৰা  সিদ্ধান্তৰ বিৰুদ্ধে  সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে জিলা খনৰ অন্তৰ্গত ক্ৰমে মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থা, ডিগবৈ আঞ্চলিক ছাত্ৰ সন্থা, ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থা, ফিল’বাৰী আঞ্চলিক ছাত্ৰ সন্থা, কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থা, বৰডুমছা-পেঙেৰী আঞ্চলিক ছাত্ৰ সন্থা, মাকুম আঞ্চলিক ছাত্ৰ সন্থা, ডাঙৰী আঞ্চলিক ছাত্ৰ সন্থা, ছৈখোৱা আঞ্চলিক ছাত্ৰ সন্থা আৰু শদিয়া আঞ্চলিক ছাত্ৰ  সন্থাই লকডাউনৰ (Lockdown) নীতি নিৰ্দেশনা লগতে কৰ’না মহামাৰী সংক্ৰান্তত ল’বলগীয়া সামাজিক দূৰত্ব পালন কৰি এক মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ সময় থাকোতেই অসম চৰকাৰ তথা ভাৰত চৰকাৰে দিহিং-পাটকাইৰ ওপৰত অবৈধ কয়লা খনন ও ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত অইলৰ খনন চলোৱাৰ বন্ধ কৰক আৰু পৰিৱেশ ৰক্ষা কৰক । পৰিৱেশ থাকিলেহে জীৱ থাকিব, জীৱ থাকিলেহে আমি থাকিম ৷ সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ স্পষ্ট কথা জৈৱ বৈচিত্ৰ্যৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই অনা কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক কেতিয়াও মানি লোৱা নহ’ব আৰু সিদ্ধান্ত বাতিল নোহোৱা পৰ্যন্ত জিলা ছাত্ৰ সন্থাই কাৰ্যসূচী ধাৰাবাহিক ভাৱে চলাই যাব বুলি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ৰাজা বলিমাৰা আৰু সাধাৰণ সম্পাদক সমৰজ্যোতি গোহাঁই  জানিবলৈ দিছে ।

Leave A Reply