Breaking

১২ বছৰে এটা ঘৰত স্বামীয়ে বন্দী কৰি ৰাখিছিল পত্নীক ! অৱশেষত আৰক্ষীয়ে কৰিলে উদ্ধাৰ…

0 50

১২ বছৰে এটা ঘৰত স্বামীয়ে বন্দী কৰি ৰাখিছিল পত্নীক ! অৱশেষত আৰক্ষীয়ে কৰিলে উদ্ধাৰ

এক ভয়ংকৰ ঘটনাৰ খবৰ পোৱা গৈছে কৰ্ণাটকত। ৰাজ্য খনৰ এগৰাকী মহিলাই দাবী কৰিছে যে তেওঁক তেওঁৰ স্বামীয়ে ১২ বছৰ ধৰি এটা ঘৰত বন্দী কৰি ৰাখিছিল । শেষত এই কথা জানিব পাৰি আৰক্ষীয়ে তেওঁক কেইদিনমান আগতে উদ্ধাৰ কৰিছে। মহিলাগৰাকীয়ে অৱশ্যে তেওঁৰ স্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ অস্বীকাৰ কৰিছে স্বামীগৃহ এৰি তেওঁৰ পিতৃ-মাতৃৰ ঘৰত থাকিবলৈ সিদ্ধান্ত লৈছে।

অৱশ্যে, এজন আৰক্ষী বিষয়াই প্ৰকাশ কৰা মতে মহিলাগৰাকীক ১২ বছৰ নহয়, কেইসপ্তাহমানৰ বাবেহে স্বামীয়ে বন্দী কৰি ৰাখিছিল। কৰ্ণাটকৰ মাইচুৰুৰ মহিলাগৰাকীৰ বয়স ত্ৰিশ আৰু ১২ বছৰ আগতে তেওঁৰ বিবাহপাশত আৱদ্ধ হৈছিল বুলি জানিব পৰা গৈছে। মহিলাগৰাকীয়ে দাবী কৰিছে যে তেওঁ ঘৰৰ ভিতৰত বন্দী হৈ থাকোতে শৌচাগাৰৰ হিচাবে এটা সৰু বাকচ ব্যৱহাৰ কৰিবলগীয়া হৈছিল।

মহিলাগৰাকীয়ে কয় “মোৰ বিয়া হোৱাৰ ১২ বছৰ হ’ল। স্বামীয়ে মোক সদায় ঘৰত বন্দী কৰি ৰাখিছিল আৰু মোক অত্যাচাৰ কৰিছিল। অঞ্চলটোৰ কোনেও তেওঁক প্ৰশ্ন নকৰে… মোৰ ল’ৰা ছোৱালীবোৰ স্কুললৈ যায়। কিন্তু মোৰ স্বামী কামৰ পৰা উভতি অহালৈকে তেওঁলোক বাহিৰতে থাকে। মই তেওঁলোকক খিৰিকীৰে খাদ্য দিও,”। ইফালে এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই মহিলাগৰাকীৰ দাবী শুদ্ধ নহয় বুলি উল্লেখ কৰি কৈছে যে মহিলাগৰাকীক কেৱল যোৱা দুই-তিনি সপ্তাহ ধৰি আৱদ্ধ কৰি ৰখা হৈছিল।

Leave A Reply