Breaking

দৈনন্দিন বাৰ্তা কাকতৰ বাতৰিৰ প্ৰভাৱ,বাতৰি প্ৰকাশিত হোৱাৰ পাছতেই আমছুৱে সহায় আগবঢ়ালে নতুন বদলা গাওঁৰ দুৰ্ভগীয়া আব্দুৰ ৰহমানক

0 541

দক্ষিণ কামৰূপৰ নগৰবেৰাৰ বদলা গাওঁৰ দুৰ্ভগীয়া আব্দুৰ ৰহমান নামৰ ব্যক্তিজনৰ চিকিৎসাৰ বাবে সহায় বিচাৰি আমাৰ দৈনন্দিন বাৰ্তা কাকতত ২ জুন তাৰিখে এটা বাতৰি প্ৰকাশিত হৈছিল। সবিস্তাৰে বাতৰিটো প্ৰকাশ হোৱাৰ পাছতেই আমছুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে আজি দক্ষিণ কামৰূপ জিলাৰ আমছুৰ সভাপতি ইমদাদ হুছেইন, সাধাৰণ সম্পাদক আব্দুল লতিফ মণ্ডল সহ ১৫ জনীয়া দল এটাই নগৰবেৰাস্থ টুপামাৰীৰ বদলা গাওঁৰ আব্দুল ৰহমানৰ ঘৰত উপস্থিত হয়। যোৱা বছৰ লকডাউনৰ সময়ত দৰং জিলাৰ মৌচিতা গাওঁত হাজিৰা কাম কৰিবলৈ গৈ আব্দুৰ ৰহমান নামৰ ব্যক্তিজনৰ পুলিচৰ কোবত ভৰি ভাঙিছিল। পিছত দুখীয়া পৰিয়ালটোৱে বহু চিকিৎসা পাতি কৰিলে যদিও ভাল নহল পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আব্দুৰ ৰহমানে। পৰিয়ালৰ মূল উপাৰ্জনকাৰী পঙ্গু হৈ বিছনাত পৰি থাকিবলগীয়া হোৱাত পৰিয়ালটোলৈ নামি পৰিছে ঘোৰ অমানিশা। কেতিয়াবা খাই আকৌ কেতিয়াবা নাখায় দিন-ৰাতি পাৰ কৰিবলগীয়া হৈছে দুৰ্ভগীয়া পৰিয়ালটোৰ। আজি দক্ষিণ কামৰূপ জিলাৰ আমছু সজাতি দলটোৱে আব্দুৰ ৰহমানৰ ঘৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে পৰিয়ালটোলৈ নগদ দুই হাজাৰ টকা আৰু প্ৰায় ১৫ দিন খাব পৰাকৈ চাউলস লগতে বিভিন্ন খাদ্য সামগ্ৰী আগবঢ়ায়। দক্ষিণ কামৰূপ জিলাৰ আমছুৰ সভাপতি গৰাকীয়ে আৰক্ষীৰ প্ৰহাৰত আব্দুৰ ৰহমান নামৰ ব্যক্তিজন পঙ্গু হোৱাত অসম আৰক্ষীক গৰিহণা দিয়ে আৰু অসম  চৰকাৰক আব্দুৰ ৰহমানলৈ আৰ্থিক সাহাৰ্য্য প্ৰদান দাবী জনায়। ইয়াৰ উপৰিওঁ স্থানীয় বিধায়িকা নন্দিতা দাসক দুৰ্ভগীয়া আব্দুৰ ৰহমানৰ চিকিৎসাৰ বাবে বুজন পৰিমাণৰ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰিবলৈ আহ্বান জনায় দক্ষিণ কামৰূপ জিলাৰ আমছুৰ সভাপতি গৰাকীয়ে।

Leave A Reply