Breaking

সাম্প্ৰতিক সমাজত চ’ছিয়েল মিডিয়াৰ প্ৰভাৱ – এটি বিশ্লেষণ…

0 101

সাম্প্ৰতিক সমাজত চ’ছিয়েল মিডিয়াৰ প্ৰভাৱ:-এটি বিশ্লেষণ

আয়নাল হক ,ধুবুৰী

বৰ্তমান সময়ত হাইস্কুললৈ যোৱা কিশোৰ – কিশোৰীৰ পৰা আৰম্ভ কৰি অৱসৰ পোৱা বৰদেউতা – বৰমাহঁতৰ , তেওঁলোকৰ দৈনিক ৰুটিনখন কিছু অংশ হলেও ফেচবুক , টুইটাৰ , ইনষ্টাগ্ৰাম ইত্যাদি চ’ছিয়েল মিডিয়া এপচ্‌ বা অন্যান্য মিডিয়া বোৰে এতিয়াও অসমীয়া সাধাৰণ শ্ৰেণীৰ মানুহৰ মাজত দকৈ শিপাৰ নোৱাৰিলেও , ফেচবুকৰ সাম্ৰাজ্যখন কিন্ত জুকাৰবাৰ্গ ককাইয়ে আমাৰ মাজত ভালকৈয়ে বহলাইছে । লাগিলে সেয়া জুকাৰবাৰ্গৰ ব্যাৱসায়িক বুদ্ধিমত্তা, বাবেই হওক বা আমাৰ মানুহৰ কথা পাতি ভালপোৱা স্বভাৱৰ বাবেই হওক । ককা – আইতাহঁতৰ দৰে বিয়াৰ নাম গাবলৈ গৈ কথাৰ মহলা মৰাৰ সময় আমাৰ নাই , কিন্ত সেই আড্ডাৰ পৰিৱেশটো যদি জাৰৰ নিশা বিছনাৰ পৰাই বা দুপৰীয়া অফিচৰ টেবুলৰ পৰাই অনুভৱ কৰিব পাৰি তেন্তে সেই সুবিধা নোলোৱাৰ কথাই নাহে ।
অৱশ্যে আজি মোৰ লেখাটোৰ উদ্দেশ্য চ’ছিয়েল মিডিয়াত হোৱা ভাত খোৱা , পানী খোৱা বা চেনীখোৱা আদি বিষয়বোৰক সমালোচনা কৰা নহয় ।

মোৰ আলোচনাৰ উদ্দেশ্য হ’ল আমি সদায়ে ব্যৱহাৰ কৰি অহা এই চ’ছিয়েল মিডিয়া জগতখনতো আমাৰ ব্যৱহাৰ কেনেকুৱা বা কেনে হোৱা উচিত আৰু চ’ছিয়েল মিডিয়াত হোৱা আমাৰ কথা – বাৰ্তা বা আচাৰ – ব্যৱহাৰ বোৰে আমাৰ অসমীয়া সাধাৰণ শ্ৰেণী সমাজ খনত কিবা প্ৰভাৱ পেলাই নেকি ? চ’ছিয়েল মিডিয়া ৱেবছাইট সমূহ আমাৰ ব্যৱহাৰ বা কথা – বাৰ্তা ধৰণ কেনেকুৱা হোৱাটো উচিত , সেয়া কম – বেছি পৰিমাণে উক্ত ৱেবছাইট সমূহৰ আৰম্ভণিতে নিৰ্দিষ্ট ৱেবছাইটটোৰ নীতি নিয়ম সমূহ লিখাই খাকে । তথাপিও আমি নিজেও কিছু কথা জানিব লাগে বা বুজিবলৈ চেষ্টা কৰিব লাগে , যিবোৰ কথা নাজানা বা নুবুজাৰ ফলতেই দৈনিক চ’ছিয়েল মিডিয়াৰ পৰা হোৱা বহু অসামাজিক বা বেয়া কথা আমাৰ দৃষ্টিগোচৰ হয় । আৰু ঘটনা এটা ঘটি যোৱাৰ পিছত ইয়াৰ বাবে সম্পূৰ্ণকৈ চ’ছিয়েল মিডিয়াকে দোষৰোপ কৰা হয় উপৰুৱাকৈ চাবলৈ গলে চ’ছিয়েল মিডিয়াক এটা যন্ত্ৰ বুলিয়ে নিশ্চয় সকলোৱে জানে , কিন্ত আমি এইটোও ভাবি চোৱা উচিত যে , ই যন্ত্ৰহলেও চ’ছিয়েল মিডিয়াই আমাক এখন কাল্পনিক ( virtual ) সমাজ উপহাৰ দিছে । যিখন সমাজৰ মাজলৈ আহিবলৈ ৰ’দ , বৰষুণ , বতাহ – ধুমুহা ইত্যাদি কৰাত আমাক কেতিয়াও বাধা দিব নোৱাৰে। ইয়াত মাত্ৰ আমি ইজনে – সিজনক শাৰীৰিক ভাৱেহে লগ নাপাওঁ। গতিকে চ’ছিয়েল মিডিয়া ব্যৱহাৰ কৰোঁতে আমি এইটো কথা মনত ৰখাটো অতি প্ৰয়োজনীয় যে , বাস্তৱ সমাজখনৰ দৰে চ’ছিয়েল মিডিয়াটো কথা – বাৰ্তা হওঁতে আমি সৌজন্য মানি চলাটো অতি প্ৰয়োজনীয়।
উদাহৰণ স্বৰূপে , বাস্তৱক্ষেত্ৰত হলে হয়তো আড্ডাত অংশ গ্ৰহণ কৰা ব্যক্তি কেইজনৰ মাজত কিবা এটা মিলা – মিছা হোৱাৰ সম্ভৱনা থাকেই , কিন্ত চ’ছিয়েল মিডিয়াত হয় সম্পূৰ্ণ ওলোটা । শাৰীৰিক ভাৱে কোনেও কাকো লগ নাপায় , গতিকে আৰম্ভ হৈ যায় কথাৰ তৰোৱাল যুদ্ধ আৰু সমানে কাজিয়াখন বিয়পি পৰে এজনৰ পৰা আন এজনলৈ । মোবাইল বা কম্পিউটাৰৰ ছুইচত এটা টিপা মাৰাৰ লগে লগে গড়গাওঁ পায় কথা । আৰু সকলোতকৈ ডাঙৰ কথাটো হ’ল যিকোনো এটা কথাৰ সত্যাসত্য নিৰূপণ কৰা খুব কঠিন এই চ’ছিয়েল মিডিয়াত । যেতিয়ালৈ চ’ছিয়েল মিডিয়াৰ কথা এটাই বাস্তৱ সমাজৰখনত প্ৰভাৱ বিস্তাৰ কৰা আৰম্ভ কৰে , তেতিয়ালৈ হয়তো ঘটনা বিলাকৰ সত্যাসত্য নিৰূপণ কৰিবলৈ প্ৰধান উৎসটোৱেই বিচাৰি পোৱাটো কঠিন হৈ পৰে। গতিকে এনেকুৱা অৱস্থাত আমাৰ মন মগজৱে ভুল কথা কিছুমানো শুদ্ধ বুলি মানি লবলৈ বাধ্য হৈ পৰে।

এই বিলাক কথা চ’ছিয়েল মিডিয়াত ব্যৱহাৰ কৰিব জনা প্ৰায় বোৰ মানুহেই জানে নিঃসন্দেহে । কিন্ত ব্যৱহাৰিক ক্ষেত্ৰত দেখোন আমি ইয়াৰ এক ওলোটা প্ৰতিচ্ছবিহে দেখিবলৈ পাওঁ । ইয়াৰ প্ৰধান কাৰক দুটা । এটা হ’ল , আমি কিছুমান কথা জানিও গুৰুত্ব দিব নোখোজো আৰু আনটো হ’ল ইচ্ছাকৃত বা নিজস্বাৰ্থ সাধনাৰ বাবে কৰা ভুল । নিজ স্বাৰ্থ সাধনৰ বাবে ইচ্ছাকৃত ভাৱে কৰা ভুল বিলাকৰ উদাহৰণ আমি ৰাজনৈতিক দল বা সংগঠন সমূহৰ পৰা দেখিয়ে থাকোঁ । এই বিলাক ভুলৰ শুধৰণি আমি একক ভাৱে কেতিয়াও কৰিব নোৱাৰোঁ । কিন্ত নিজে কৰা ভুলবোৰ আমি নিশ্চয় শুধৰণি কৰা উচিত । যিকোনো বস্তুৰে ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশেই থাকে । সেইদৰে চ’ছিয়েল মিডিয়াৰ ক্ষেত্ৰতো এনে দুটা দিশৰ প্ৰভাৱ বিদ্যামান । ইতিবাচক দিশ হিচাপে, যিয়ে যেনেকৈ পাৰে লৈছে এটাকৈ মোৱাইল । সকলোৰে উন্নতি হৈছে । সকলোৰে প্ৰযুক্তিৰ সুবিধা লৈছে । দ্ৰুত পৰিবৰ্তনশীল সমাজখন সৈতে সমানে খোজ মিলাইছে। একোটা ক্লিকতে জকাইচুকৰজনেও বিশ্বনাগৰিক হোৱাৰ সুখ পাইছে । দ্ৰুতগতিত বিভিন্ন ধৰণৰ বাতৰি আৰু তথ্য সম্প্ৰচাৰ হৈছে।

বিশ্বায়নৰ প্ৰকৃত অৰ্থ এওঁলোকেও দ্বাৰা কৰিছে । তাৰ সুপ্ৰয়োগ কৰিছে । ছেগতে আজি কালি সকলোৱে আধুনিক হৈছে । বয়স , লিংগ ভেদে সকলো আজি কালি সক্ৰিয় । সকলোৱে আজি – কালি অতি সক্ৰিয় কেৱল সামাজিক – মাধ্যমত মানে চ’ছিয়েল মিডিয়াত । সকলো ব্যস্ত হৈ পৰিছে পৃথিৱীখন হাতত মুঠিত ভৰোৱাত । কিন্ত তথ্য প্ৰযুক্তিৰ অন্যান্য আশীৰ্বাদ স্বৰূপ এই বিয়োগোম এপচ্‌ বোৰক হাতত চলোৱাত নিয়ন্ত্ৰণ কৰাটো সম্ভৱপৰ হয়নে ? ইয়াৰ নিদিষ্ট ওজন আছে । চাপ আছে আমি অনুভৱ কৰাতকৈও হাজাৰগুণে অধিক।

ইয়াৰ সামাজিক হেঁচা বা নেতিবাচক দিশটো আলোচনা কৰিবলৈ লওঁতে চকুত পৰা মূল বিষয় বস্তুটোৱেই হ’ল চ’ছিয়েল মিডিয়াৰ দ্বাৰা সৃষ্টি হোৱা ‘ যৱ প্ৰজন্মৰ উচ্ছৃঙ্খলতা ‘ । মূল ৰূপে ছাত্ৰ এজনৰ জীৱনত এই সভ্যতাই বাৰুকৈয়ে প্ৰভাৱ পেলাইছে। ছাত্ৰ এজনে নিজৰ পঢ়া – শুনাৰ লগতে ধেমালিও
কৰিব লাগে । কিন্ত সেই ধেমালি ক্ষন্তেকীয়া হোৱা উচিত । কিন্ত তেনে ধৰণৰ ধেমালিৰে তেওঁলোকে দিনৰ বেছিভাগ সময় অতিবাহিত কৰি দিয়ে । যেনে
( Android ) মোৱাইল ফোন এটা যদি এজন ছাত্ৰৰ হাতত দেখা দিয়ে , তেন্তে তেওঁ আচৰিত হোৱাৰ কোনো প্ৰশ্নই নাই । কিন্ত আচৰিত হোৱা যায় তেওঁ লোকৰ সেই ফোনটোৰ ব্যৱহাৰ দেখি । আজিকালিৰ বেছি ভাগ ল’ৰা – ছোৱালীয়ে এখন ( 4G sim ) বনাম বুলি মনত এটি হাবিয়াস জন্মায় আৰু তাক কিছুমানে ইতিমধ্যে পূৰণো কৰিছে । মাক – দেউতাকে তেওঁলোকৰ মনৰ কামনা পূৰণ কৰে কেৱল এই চিন্তা কৰিয়েই যে তেওঁলোকৰ সন্তানটিৰ পৰা যাতে এটা সু – ভবিষ্যত লাভ কৰিব পাৰে । কিন্ত কলে চাগৈ ভুল নহব যে ছাত্ৰ এজনক এখন 4G sim অথবা এটা Android মোৱাইল ফোনৰ কোনো পধ্যেই দৰকাৰ নাই । লাগে , যদিহে তেওঁলোকে তাক উচিত কামত খটুৱায় , তাৰ অবিহনে মাথো নিজৰ মনোৰঞ্জনৰ বাবেহে তেওঁলোকে চ’ছিয়েল তথা ইলে”ªনিক মিডিয়া বোৰৰ সুবিধা গ্ৰহণ কৰে । যুৱ প্ৰজন্মৰ বোধ – শক্তি , অভিজ্ঞতা আদি কম থাকে সেইবাবে তেওঁলোকে অনাষাসে চ’ছিয়েল মিডিয়াৰ ঋণাত্মক দিশবোৰৰ পিনে আকৰ্ষিত হোৱাৰ প্ৰৱণতা বেছি দেখা দিয়ে । কিছু সময়ত তেওঁলোকে চ’ছিয়েল মিডিয়াক কেৱল আন আন এপচ্‌ বোৰৰ দৰে এটা ‘ এপ ‘ হিচাপে সীমিত ৰাখে , ই যে এক সামাজিক দায়বদ্ধতা সেইখিনিও উপলব্ধি কৰাৰ ন্যূনতম জ্ঞান তেওঁলোকৰ মাজত নাথাকে। চ’ছিয়েল মিডিয়াৰ শক্তি পাৰমানৱিক আৰু ক্ষিপ্ৰ । এটা কথা ফেচবুকত লিখিম নে নিলিখিম , এইখন ফটো ইয়াত দিম নে নিদিম , এইটো মন্তব্য প্ৰকাশ কৰিম নে নকৰিম ইত্যাদি বিষয় অতি সূক্ষ্ম ভাৱে বিবেচনা কৰিব লাগে । অন্যথা সূলভ প্ৰযুক্তিৰ অতি নিকৃষ্ট প্ৰয়োগে সমাজ জীৱনত প্ৰায়েই ভয়ংকৰ জোকাৰণীৰ সৃষ্টি কৰে । চ’ছিয়েল মিডিয়াত এটা উৰা বাতৰি বা ভুল তথ্য সহজে প্ৰচাৰ হয় যাৰ ফলত সমাজত এক বিশৃংখলতাৰ পৰিৱেশ বিৰাজ কৰে ।
ইয়ো চ’ছিয়েল মিডিয়াৰ এক ঋণাত্মক দিশ ।

উদাহৰণ স্বৰূপে – জাতি – ধৰ্মৰ ভেদাভেদ , বিশেষকৈ
হিন্দু – মুছলমান ইত্যাদি ধৰ্মীয় কথাবোৰ
আমাৰ ৰাজ্যত বহুত পূৰণি । কবলৈ বেয়া লাগিলেও
এয়া এক সত্য । আমিবোৰ আধুনিক হৈ অহাৰ লগে লগে বা সৌজন্যবোধ অহাৰ লগে লগে এই
বিলাক বিষয় কিছু তল পৰিছিল বা আমি দেখা দেখিকৈ কবলৈ টান পাইছিলোঁ । কিন্ত এতিয়া এইটো বিষয়লৈয়ে দৈনিক গৰম হৈ থাকে চ’ছিয়েল মিডিয়াৰ । বহু জনা – বুজা মানুহেই শিক্ষা – সংস্কাৰ পাহৰি কাজিয়া কৰিবলৈ আহে এনেবোৰ অদৰকাৰী অথচ সংবেদনশীল বিষয়ত ।
কাজিয়া কৰাৰ সময়ত পাহৰি যায় , তেওঁৰ এটা বাক্যই কিমান আঘাত দিব পাৰে
তেওঁৰেই বন্ধু এজনক । সুস্থ সামাজিক পৰিৱেশ এটাৰ
মাজত কোনেও গম নোপোৱাকৈ এইবোৰ বিষবাষ্প আমিয়েই বিলাই নিদিলোঁ নে ? এইটো নামমাত্ৰ
উদাহৰণহে । এনেকুৱা বহু বাক্য বহু চিত্ৰ আমি চ’ছিয়েল মিডিয়াৰ যোগেদি বিয়পাই দিছোঁ , যিবোৰ এটা সভ্যতাক বা এটা জাতিক ধ্বংসৰ মুখলৈ ঠেলি দিবলৈ যথেষ্ট । এনেকুৱা কথা পঢ়িলে বা ভাবিলে
বহুতেই চাগে এতিয়াও ভাৱে যে চ’ছিয়েল মিডিয়াত প্ৰকাশ কৰা কথা সমূহে আমাৰ বাস্তৱিক সমাজখনত একো প্ৰভাৱ নেপেলায় বা এতিয়াও অসমীয়া ৰক্ষণশীল সমাজখনক চ’ছিয়েল মিডিয়াই গ্ৰাস কৰিব
পৰা নাই আৰু ইয়াৰ কাৰণেই আজি – কালি চ’ছিয়েল মিডিয়াত সুস্থ , যুক্তিনিষ্ঠ আলোচনা এটাও শেষত গৈ কাজিয়াৰ ৰূপ লয় গৈ । কিন্ত সঁচাকৈয়ে এতিয়াও চ’ছিয়েল মিডিয়াই আমাৰ সমাজখনত একো প্ৰভাৱ পেলাব পৰা নাই নে ?


সমীক্ষা এটাৰ পৰা পোৱা কিছু তথ্য এনেধৰণৰ—
গুৱাহাটী মহানগৰী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত চলোৱা এটা সমীক্ষা মতে মুঠ জনসংখ্যাৰ প্ৰায় ৯১ . ১১ শতাংশ মানুহে চ’ছিয়েল মিডিয়া ব্যৱহাৰ কৰে । ইয়াৰ মাজত যুৱক – যুৱতীৰ সংখ্যাই অধিক যদিও প্ৰাপ্ত বয়স্কৰ সংখ্যাও কম নহয় । এই সকল ব্যৱহাৰকাৰীৰ মাজত ৮৭.৬৭ শতাংশয়ে ফেচবুক , ৯ . ৫৯ শতাংশয়ে টুইটাৰ আৰু ২ .৭৮ শতাংশয়ে অন্যান্য ৱেবচাইট ব্যৱহাৰ কৰে । অৰ্থাৎ অসমত বৰ্তমানলৈ ফেচবুক ব্যৱহাৰকাৰীৰ সংখ্যাই অধিক ।
আকৌ ফেচবুক জড়িয়তে বাস্তৱত একলগ হোৱা মানুহ সংখ্যা হ’ল— ৩১. ৫১ শতাংশই গুৰুত্ব নিদিয়ে ।
৫২. ০৫ শতাংশই মাজে মাজে লগ হয় । ১৯ . ৮১ শতাংশই সদায় লগ হয় আৰু কিছু ধনাত্মক কাম কৰে ।

প্ৰায় ৮৬. ৩০ শতাংশই সামাজিক ঘটনা বা কাৰক বিলাক ।
৩৬. ৯৯ শতাংশই পৰিৱেশ
২৮. ৭৭ শতাংশ ব্যক্তিগত
সমীক্ষাটোৰ মতে আমাৰ মাজত ঘটি যোৱা কিছুমান ঘটনাৰ ওপৰত চ’ছিয়েল মিডিয়াৰ প্ৰভাৱ
অতি মন কৰিবলগীয়া আছিল । অসমৰ বাংলাদেশী কাৰক , গড় হত্যা কাৰক ইত্যাদি বিভিন্ন ঘটনাত চ’ছিয়েল মিডিয়াই অসমৰ সমাজখনৰ বহু প্ৰভাৱ পেলাই আহিছে ।
আনহাতে ফেচবুকৰ দৰে চ’ছিয়েল মিডিয়াই অসমীয়া বাস্তৱিক সমাজখনতো প্ৰভাৱ বিস্তাৰ কৰিব পাৰে নে নোৱাৰে , তাৰ ওপৰত চলোৱা সমীক্ষাৰ ফল এনে ধৰণৰ —
৩৬.৯৯ শতাংশৰ মতে প্ৰভাৱ পেলাব পাৰে ।
৫৮.৯০ শতাংশৰ মতে মাজে মাজে প্ৰভাৱ পেলায় ।
৫. ৮৪ শতাংশ মতে নেপেলায়।

সমীক্ষাটোৰ পৰা আমি খোকোজা নলগাকৈ ধৰিব পাৰিলোঁ যে , ফেচবুকৰ দৰে চ’ছিয়েল মিডিয়াৰ প্ৰভাৱ আমাৰ সমাজতো নিশ্চয়কৈ আছে । দিনক দিনে ব্যৱহাৰকাৰীৰ সংখ্যা ক্ৰমাৎ বাঢ়ি আহিছে , লগে লগে বাঢ়ি আহিছে চ’ছিয়েল মিডিয়াৰ যোগেদি সৃষ্টি হোৱা অশান্তি বিলাকো।গতিকে আমিও সজাগ হব লাগে। আমি যদি নিজৰ কিছু ভুল শুধৰাৱ পাৰোঁ তেন্তে চ’ছিয়েল মিডিয়া যোগেদি আজৰি সময় কটোৱাৰ উপৰিও আমি আমাৰ সামাজিক পৰিৱেশো সুস্থকৈ ৰাখিব পাৰিম পাঠক সকলৰ সুবিধাৰ্থে আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰত কিছুমান বহুলভাৱে প্ৰচলিত ইংৰাজী শব্দৰ ব্যৱহাৰ কৰা হৈছে।শব্দবোৰক অশুৱলা ৰূপেৰে প্ৰদৰ্শন কৰাৰ উদ্দেশ্যৰে নহয়।
তথ্য সমূহ মনোজ দেউৰী আৰু সুনীল কান্ত বেহ্‌ৰাই লিখা ‘Youth Activism through Social Media in Assam ‘ নামৰ গৱেষণা পত্ৰৰ পৰা লোৱা হৈছে।

Leave A Reply