Breaking

শিক্ষকৰ প্ৰভাৱ অতি গুৰুত্বপূৰ্ণ : শিক্ষকসকল হ’ল সমাজৰ মূল্যবান সম্পদ

0 8,956

ভবেন দাস

বিজ্ঞান আৰু প্ৰযুক্তিবিজ্ঞান, যোগাযোগ আৰু আন্ত:ক্ৰিয়া, মানুহৰ জীৱন শৈলী, সামাজিক মতবাদ, সাংস্কৃতিক চিন্তাধাৰা, শৈক্ষিক বিস্তাৰ আদি ক্ষেত্ৰৰ দ্ৰুত পৰিৱৰ্তনৰ পটভূমিত শিক্ষকে বহুমুখী ভূমিকা পালন কৰিব লাগে যাতে এই পৰিৱৰ্তনৰ লগত তেওঁ নিজকে খাপ খুৱাই ল’ব পাৰে। সমাজৰ লোকৰ মনত পুৰণি সমাজৰ কেতবোৰ আস্থা, নিষ্ঠা, বিশ্বাস, অভ্যাস আদিৰ প্ৰভাৱ ৰৈ যায় যিবোৰ সাম্প্ৰতিক সময়ত সমাজৰ বাবে অচল আৰু প্ৰতিবন্ধকতাৰ দৰে হৈ পৰিছে। এইবোৰকেই বৰ্তমান সমাজৰ লোকে অন্ধবিশ্বাস, কু-সংস্কাৰ আদি স্বৰূপে গণ্য কৰে। যি সমাজৰ অগ্ৰগতিৰ পথত প্ৰতিবন্ধকতাৰ সন্মুখীন হয় তাক সদায় আঁতৰাই চলিব লাগে। এই অন্ধবিশ্বাস আৰু কু-সংস্কাৰ আদিৰ নেতিবাচক প্ৰভাৱ গুচাই সমাজত ইতিবাচক সংস্কাৰ সাধনৰ জৰিয়তে সুস্থ প্ৰভাৱ আৰু বাতাবৰণ সৃষ্টিত এজন শিক্ষকে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব। সেইবাবে সুস্থ সমাজ আৰু জাতি গঠনত শিক্ষকৰ প্ৰভাৱ প্ৰচুৰ। কিন্তু সাম্প্ৰতিক সময়ৰ প্ৰেক্ষাপটত কিছুমান শিক্ষকৰ মাজত এই সামাজিক দায়বদ্ধতাৰ বিপৰীত ছবি দেখিবলৈ পোৱা যায় আৰু বৰ্তমান যেন একাংশ শিক্ষকে নিজৰ মাহেকীয়া পাৰিতোষিক আদায় কৰিবলৈ অপেক্ষা কৰি থাকে তেনে ধৰণৰ আচৰণ পৰিলক্ষিত হয়। তাৰোপৰি একাংশ ইন্দ্ৰিয় দমন কৰিবলৈ অক্ষম শিক্ষকৰ আচৰণে সমাজত নেতিবাচক প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে। যাৰ প্ৰভাৱত দিনক দিনে সমাজত অত্যাধিক পৰিমাণে নৈতিক স্খলন দেখিবলৈ পোৱা গৈছে। এই ক্ষেত্ৰত শিক্ষকৰ ভূমিকা আৰু দায়িত্ব, শিক্ষকৰ উদাৰতাবাদী মনোভাৱ, শিক্ষকৰ ব্যক্তিগত নীতি ব্যৱস্থাই সমাজ পৰিবৰ্তনত এক বিশেষ ভূমিকা গ্ৰহণ কৰিলেহে ভৱিষ্যতে এখন আদৰ্শবাদী সমাজ ব্যৱস্থা পাবলৈ সক্ষম হ’ব বুলি ভাবোঁ।

Leave A Reply