Breaking

২০ মাৰ্চত গুৱাহাটী প্ৰেছ ক্লাৱৰ সোণালী জয়ন্তীৰ উদ্বোধনী অনুষ্ঠান; শংকৰদেৱ কলাক্ষেত্ৰত ব্যাপক আয়োজন…

0 79

ঐতিহ্যমণ্ডিত গুৱাহাটী প্ৰেছ ক্লাৱৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তীৰ উদ্বোধনী অনুষ্ঠান অহা ২০ মাৰ্চত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব৷

পুৱা প্ৰেছ ক্লাৱৰ পতাকা উত্তোলনেৰে আৰম্ভ হ’বলগীয়া অনুষ্ঠানটোৰ উদ্বোধনী সভা অনুষ্ঠিত হ’ব বিয়লি চাৰি বজাত৷

ৰাজ্যৰ ৫০ গৰাকী জ্যেষ্ঠ আৰু প্ৰবীন সাংবাদিকে ৫০ গছি বন্তি প্ৰজ্বলনেৰে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰিব৷ প্ৰবীন সাংবাদিকসকলক প্ৰেছ ক্লাৱৰ তৰফৰ পৰা বিশেষ সম্বৰ্ধনাও জ্ঞাপন কৰা হ’ব৷

উদ্বোধনী সভাত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকা, ৰাজ্যিক তথ্য আয়ুক্ত ড০ সমুদ্ৰগুপ্ত কাশ্যপ আৰু বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত ৰাহুল আমিনে অংশগ্ৰহণ কৰিব৷

সোণালী জয়ন্তী বৰ্ষ উপলক্ষ্যে গুৱাহাটী প্ৰেছ ক্লাৱে ৰাজ্যৰ চাৰিগৰাকী প্ৰবীন সাংবাদিক প্ৰফুল্ল গোবিন্দ বৰুৱা, ধীৰেন্দ্ৰ নাথ বেজবৰুৱা, অনিল বৰুৱা আৰু কনকসেন ডেকালৈ আগবঢ়াব জীৱনজোৰা সাধনা সন্মান৷ একেটা অনুষ্ঠানতে সোণালী জয়ন্তী বৰ্ষৰ স্মৃতিগ্ৰন্থ ‘স্বৰ্ণিল’ উন্মোচন কৰা হ’ব৷

ৰাজ্য চৰকাৰে গুৱাহাটী প্ৰেছ ক্লাৱৰ বাবে আৱণ্টন দিয়া ভূমিত প্ৰেছ ক্লাৱৰ স্থায়ী গৃহৰ শিলান্যাসো সম্পন্ন কৰা হ’ব৷ লগতে মুকলি কৰা হ’ব সাংবাদিকৰ সন্তানৰ বাবে গ্ৰহণ কৰা বিশেষ আঁচনি – ‘গিফট এ চাইল্ড এডুকেশ্যন‘৷

সন্ধিয়া ৬.৩০ বজাত বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামীয়ে সাংস্কৃতিক অনুষ্ঠানৰ শুভাৰম্ভ কৰিব৷ সাংস্কৃতিক অনুষ্ঠানত জুবিন গাৰ্গ, খগেন গগৈ, বিদ্যাসাগৰ, প্ৰিয়ংকা ভৰালী, দীপলিনা ডেকা, ৰূপম ভূঞা, পদ্মনাভ, শংকুৰাজ, নাহিদ আফ্ৰিনে গীত পৰিৱেশন কৰাৰ লগতে গুৱাহাটীত কৰ্মৰত সাংবাদিকসকলেও সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব৷

সোণালী জয়ন্তীৰ এই উদ্বোধনী অনুষ্ঠানত সকলো সাংবাদিক আৰু সংবাদ কৰ্মীৰ লগতে শুভাকাংক্ষীৰ সহযোগিতা কামনা কৰিছে গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি মনোজ কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে৷

Leave A Reply