Breaking

ধুবুৰী জিলা বন বিভাগৰ বিৰুদ্ধে এটাৰ পিছত এটাকৈ দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱাৰ পিছতো বিভাগটোৰ বিৰুদ্ধে কোনো ধৰণৰ তদন্ত নোহোৱা ঘটনাটোৱে সৃষ্টি কৰিছে বিৰূপ প্ৰতিক্ৰিয়া

0 2,042

ধুবুৰীত এইবাৰ বন বিভাগটোত ৰক্ষকেই যেন ভক্ষকৰ ৰূপত অৱৰ্তীন হৈছে, ধুবুৰী বন সংমণ্ডলৰ ৰেঞ্জাৰ হৰিশ নাথৰ বিৰুদ্ধে সাংবাদিকৰ কেমেৰাৰ সন্মুখত বন বিভাগৰ চোৰাং চিন্দিকেত চক্ৰৰ লগত জড়িত থকাৰ অভিযোগ কৰিলে স্বয়ং ব্বিভাগটোৰ এগৰাকী বন কৰ্মীয়ে। জিলাখনত একেৰাহে বিগত ৭ টা বছৰ ধৰি একেখন ঠাইতে কাৰ্য্যনিৰ্বাহ চলাই থকা ৰেঞ্জাৰ হৰিশ নাথে ধুবুৰী বন সংমণ্ডলৰ প্ৰাধিকৰণক মেনেজ কৰি অসম বংগ সীমান্তৰ বক্সীৰহাটৰ পৰা খোৰাঘাট, সোনামুখিৰ শিল -ৱালিৰ কুৱেৰীলৈ দীৰ্ঘদিন ধৰি চলাই গৈছে ছেন্টকেট ৰাজ কৰাৰ এক গুৰুতৰ অভিযোগ দিলে সাংবাদিকৰ কেমেৰাৰ আগত । এই চিন্দিকেত ৰাজৰ বিৰুদ্ধে বন বিভাগৰ কৰ্মচাৰীয়ে মাত মাতিলে ৰেঞ্জাৰ হৰিশ নাথে কৰ্মচাৰীৰ বিৰুদ্ধে শাস্তি প্ৰদান কৰে বদলিৰ৷ ধুবুৰী বন বিভাগটোৰ  লাখ-লাখ টকাৰ ৰাজহ ফাকি দি লুণ্ঠন চলাই গৈছে বুলি বন বিভাগটোৰে এগৰাকী বন কৰ্মচাৰী আলতাফ হছেইনে বৰভুঞাই এনদৰে সাংবাদিকৰ কেমেৰাৰ সন্মুখত অভিযোগ কৰে ।

Leave A Reply