Breaking

উত্তৰ প্ৰদেশৰ মুজাফৰ নগৰত অট্টালিকা ভাঙি ২জন শ্ৰমিকৰ মৃত্যু, আহত ১৭জন…

0 8

উত্তৰ প্ৰদেশৰ মুজাফৰ নগৰত অঘটন। অট্টালিকা ভাঙি ২জন শ্ৰমিকৰ মৃত্যু, আহত ১৭জন। মুজাফৰ নগৰৰ এখন বজাৰত সংঘটিত হৈছে এই ঘটনা। মুজাফৰ নগৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অভিষেক সিঙে কয়, “সন্ধিয়া ৫:৩০ বজাত এই কমপ্লেক্সটো পৰি যোৱাৰ খবৰ পোৱা গৈছিল ‘এইটো এটা দুমহলীয়া কমপ্লেক্স ।

এই সন্দৰ্ভত কোৱাৰ সময়ত মুজাফৰ নগৰত জিলা দণ্ডাধীশ অৰবিন্দ মল্লাপ্পা বাংগাৰীয়ে পূৰ্বে কয় যে, “জনসাথত এটা অট্টালিকা ভাঙি ২২-২৫ জন লোক আবদ্ধ হৈ পৰিছিল উদ্ধাৰ অভিযানৰ বাবে ইয়াত সমগ্ৰ প্ৰশাসন উপস্থিত আছে।”

যোৱা মাহত এক অসংলগ্ন ঘটনাত কলকাতাৰ গাৰ্ডেন ৰিচ এলেকাত এটা অট্টালিকা ভাঙি কমেও বাৰজন লোকৰ মৃত্যু হৈছিল। ২০২২ চনৰ ডিচেম্বৰৰ পৰা নিৰ্মাণ হৈ থকা এই ভৱনটোত ১৬টা এপাৰ্টমেণ্ট আছিল, প্ৰতিটোৰ আকাৰ আছিল ৫০০ বৰ্গফুট। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বিল্ডাৰ আৰু মাটিৰ মালিকক গ্ৰেপ্তাৰ কৰে।

Leave A Reply