Breaking

পুনৰ পিছুৱালে ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠক, এইবাৰ ১৯ ডিচেম্বৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত

0 35

এবাৰ নহয় দুবাৰকৈ পিছুৱালে ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠক৷প্রথমে বৈঠক খন ৬ ডিচেম্বৰত অনুষ্ঠিত কৰাৰ কথা আছিল যদিও সেয়া স্থগিত ৰখা হৈছিল৷ পিছত ১৭ ডিচেম্বৰত বৈঠক অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লোৱা হৈছিল যদিও এতিয়া পুনৰ পিছুৱালে বৈঠকৰ দিন৷ ১৯ ডিচেম্বৰত দিল্লীত এই বৈঠক অনুষ্ঠিত হ’ব বুলি দেওবাৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে প্ৰকাশ কৰে।উল্লেখ্য যে ১৭ ডিচেম্বৰৰ পৰা বৈঠক পিছুৱাই দিয়াৰ কোনো কাৰণ ৰমেশে উল্লেখ কৰা নাই।

ইয়াৰ পূৰ্বে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেইন, সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱকে ধৰি মিত্ৰজোঁটৰ শীৰ্ষ নেতাসকলে সিদ্ধান্ত লোৱাৰ পাছতে এই বৈঠক ১৭ ডিচেম্বৰলৈ পিছুৱাই দিয়া হৈছিল৷

৬ ডিচেম্বৰত মধ্যপ্ৰদেশ, ছত্তীশগড়, তেলেংগানা আৰু ৰাজস্থানৰ নিৰ্বাচনী ফলাফল ঘোষণাৰ দিনা কংগ্ৰেছে এই বৈঠকৰ আহ্বান জনাইছিল। তিনিখন ৰাজ্যত বিজেপিয়ে আধা বাট অতিক্ৰম কৰাৰ লগে লগে বিৰোধী ব্লকৰ বৈঠক ঘোষণা কৰা হয়।ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত কংগ্ৰেছ দলক পৰাস্ত কৰি এতিয়া উত্তৰ বেল্টত কেৱল হিমাচল প্ৰদেশহে বাকী আছে।

Leave A Reply