Breaking

ইণ্ডিয়া বুক অব ৰেকৰ্ডছত অন্তৰ্ভুক্ত হ’ল “প্ৰতিদিন টাইম”ৰ গহপুৰৰ সাংবাদিক ৰমেন বৰাই লিখা দেশপ্ৰেমমূলক গীতটো।

0 2,010

১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ ছয়দুৱাৰ তথা গহপুৰৰ শ্বহীদ কনকলতা বৰুৱা, মুকুন্দ কাকতিৰ লগতে সংগৃহীত ২৬ গৰাকীকৈ স্বাধীনতা সংগ্ৰামীৰ নাম সন্নিবিষ্ট কৰি প্ৰতিদিন টাইমৰ গহপুৰৰ সাংবাদিক ৰমেন বৰাই লিখা দেশপ্ৰেমমূলক গীতটোৱে স্থান পালে  India Book of Recordsত। গহপুৰ আৰক্ষী থানাত ত্ৰিৰঙ্গা পতাকা উত্তোলন কৰিবলৈ আহি বৃট্ৰীছ পুলিচৰ গুলীত শ্বহীদ হোৱা কনকলতা বৰুৱা, মুকুন্দ কাকতিৰ নামৰ লগতে উক্ত দিনটোৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা সংগৃহীত ২৬ গৰাকী পুৰুষ মুক্তিযুজাৰু ক্ৰমে ত্ৰিৰংগা পতাকা উত্তোলন কৰা ৰামপতি ৰাজখোৱা, থুলেশ্বৰ ৰাজখোৱা, খৰ্গেশ্বৰ বৰুৱা, জীতেন্দ্ৰ কুমাৰ বৰা, অৰ্জুন ৰাজখোৱা, লক্ষী বৰা, হেম বৰুৱা, মিনাৰাম বৰুৱা, থানেশ্বৰ বৰুৱা, ভোলাৰাম বৰদলৈ, জোনাৰাম ভূঞা, কৰ্ণেশ্বৰ হাজৰিকা, পদ্মনাথ গোস্বামী, পুতুল সিং, চন্দ্ৰকান্ত বৰদলৈ, থানেশ্বৰ বৰুৱা(কলাবাৰী), মোহন মহন্ত, বেণুধৰ দত্ত, মনোৰাম বৰা, তোষণ চন্দ্ৰ মহন্ত, তিলেশ্বৰ বৰুৱা, মাঘিৰাম বৰা, গজেন্দ্ৰ নাথ গোস্বামী, হেমকান্ত বৰুৱা, হৰেন্দ্ৰ নাথ শইকীয়া, দণ্ডেধৰ গগৈ আৰু মহিম চন্দ্ৰ সিং ৰ নাম সন্নিবিষ্ট কৰি সাংবাদিক ৰমেন বৰাই লিখা ‘মই কনকলতা মুকুন্দৰে গহপুৰৰ ডেকা’ শীৰ্ষক গীতটোক ৰেকৰ্ড হিচাপে স্বীকৃতি প্ৰদান কৰিছে  India Book of Records কৰ্তৃপক্ষই। গহপুৰৰ বৰঙাবাৰীৰ মৰ্ণিং ষ্টাৰ হাইস্কুলৰ পৰিচালন সঞ্চালক তথা জনপ্ৰিয় সংগীত শিল্পী যাদৱ চলিহাই কণ্ঠদান কৰা, প্ৰবীন সংগীত শিল্পী বিজয় বৰাই সুৰ কৰা আৰু উদীয়মান সংগীত ব্যৱস্থাপক মানস প্ৰতীম বৰাই সংগীত সংযোজন আৰু সংমিশ্ৰন কৰা গীতটোৱে  India Book of Records স্থান পোৱাত উৎফুল্লিত হৈছে গীতটোৰ গীতিকাৰ ৰমেন বৰাৰ লগতে তেওঁৰ শুভাকাংক্ষী আৰু সংগীত প্ৰেমী ৰাইজ। উল্লেখ্য যে গহপুৰ মহকুমাৰ ককিলা চাৰিআলি নিৱাসী অসৱৰ প্ৰাপ্ত ভাৰতীয় বায়ু সেনাৰ জোৱান আৰু অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক ডম্বৰু বৰাৰ একমাত্ৰ পুত্ৰ,প্ৰতিদিন টাইমৰ সাংবাদিক ৰমেন বৰাই লিখা পাঁচটাকৈ দেশপ্ৰেমমূলক গীতকে ধৰি ভিন্ন সুৰৰ মুঠ ২১টা গীত ইতিমধ্যে মুক্তি লাভ কৰিছে।  India Book of Records কৰ্তৃপক্ষই ৰেকৰ্ড স্থাপনৰ স্বীকৃতি স্বৰূপে ৰমেন বৰালৈ এখন প্ৰমাণ পত্ৰ, সোণালী ৰঙৰ এটা মেডেল, ইণ্ডিয়া বুক অব ৰেকৰ্ডছৰ এখন কিতাপ, এটা বেজ, এখন পৰিচয় পত্ৰৰ লগতে এটা কলম প্ৰেৰণ কৰিছে।

Leave A Reply