Breaking

আজি ঘোষণা হ’ব এছিয়ান খো খো চেম্পিয়নশ্বিপৰ ভাৰতীয় দল; ভাগ্য নির্ণয় হ’ব তীৰ্থ ডেকা-ৰঞ্জনা শইকীয়াৰ…

0 38

অহা ২০-২৩ মাৰ্চলৈ অসমত অনুষ্ঠিত হ’ব লগা চতুর্থ এছিয়ান খো খো চেম্পিয়নশ্বিপত অংশ লোৱাৰ বাবে আজি আহি গুৱাহাটীত উপস্থিত হৈছে দুই বিদেশী ৰাষ্ট্ৰ ভূটান আৰু নেপালৰ পুৰুষ-মহিলাৰ দল। বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত অসমীয়া পৰম্পৰাৰে উভয় বিদেশী ৰাষ্ট্ৰৰ দলক আদৰণি জনাই হোটেললৈ নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে লৈ অনা হয়।

ইফালে, কাইলৈও মহানগৰীত দুখনকৈ বিদেশী ৰাষ্ট্ৰৰ খেলুৱৈ উপস্থিত হ’ব। আজি অসম খো খো সন্থাৰ সভাপতি তথা এছিয়ান খো খো চেম্পিয়নশ্বিপৰ আয়োজক কমিটীৰ সম্পাদক ৰাজীৱ প্ৰকাশ বৰুৱাই জনোৱা অনুসৰি কাইলৈ গুৱাহাটীত অৱতৰণ কৰিব দক্ষিণ কোৰিয়া আৰু ছিংগাপুৰৰ দল।

উল্লেখ্য যে চাৰিদিনীয়া প্রতিযোগিতাখনত ১২ খন দেশৰ প্ৰায় আঠশ খেলুৱৈ আৰু বিষয়াই অংশগ্ৰহণ কৰিব ৷ আয়োজক ভাৰতসহ ইতিমধ্যে অংশগ্রহণ নিশ্চিত কৰিছে বাংলাদেশ, ভূটান, ইণ্ডোনেছিয়া, ইৰাণ, ইৰাক, মালয়েছিয়া, নেপাল, পাকিস্তান, ছিংগাপুৰ, দক্ষিণ কোৰিয়া আৰু শ্রীলংকাই।

ইফালে, কাইলৈ আসন্ন এছিয়ান খো খো চেম্পিয়নশ্বিপত খেলিব লগা ভাৰতীয় দল দুটা বাচনি কৰা হ’ব। উল্লেখ্য যে যোৱা ১৩ মাৰ্চৰ পৰাই সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰবলৈ ইনড’ৰ ষ্টেডিয়ামত ভাৰতীয় পুৰুষ-মহিলা খো খো দলৰ প্ৰস্তুতি পূর্ণগতিত চলি আছে।

শিবিৰত আছে দেশৰ ভিন্ন প্ৰান্তৰ পৰা ৭০ গৰাকী খেলুৱৈ। উল্লেখ্য যে ৩৫ জনীয়া পুৰুষ দলত আছে অসমৰ তীৰ্থ ডেকা। আনহাতে, ৩৫ জনীয়া মহিলা দলত আছে অসমৰ ৰঞ্জনা শ‍ইকীয়া। উভয় খেলুৱৈয়ে ভাৰতীয় দলত স্থান লাভৰ আশা কৰিছে অসম খো খো সন্থাই।

Leave A Reply