Breaking

ভুৱা নথিৰে সংযোগঃ ৫৫ লাখ মোবাইল ফোনৰ নম্বৰ ব্লক কৰি দিলে ভাৰত চৰকাৰে

0 45

একে সময়তে ৫৫ লাখ মোবাইল ফোনৰ নম্বৰ ব্লক কৰি দিছে কেন্দ্ৰীয় চৰকাৰে। কিন্তু চৰকাৰে কিয় এনে পন্থা গ্ৰহণ কৰিলে?

দৰাচলতে চৰকাৰে ব্লক কৰি দিয়া মোবাইল ফোনৰ গৰাকীসকলৰ পৰিচয় ভুৱা আছিল। ভুৱা তথ্য আৰু নথি-পত্ৰৰে তেনে ফোন নম্বৰসমূহ বহুতে লাভ কৰিছিল। নিজৰ নামত নথকা তেনে নম্বৰসমূহৰ পৰা বহুতেই ধন দাবীকে ধৰি আন বহু অপৰাধ সংঘটিত কৰি আহিছিল। এনে চাইবাৰ জালিয়াতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ভুৱা নথিপত্ৰৰে প্ৰস্তুত কৰা চিমবোৰ অকামিলা কৰি দিছে।

উল্লেখ্য ভাৰতত চাইবাৰ জালিয়াতিৰ ঘটনা বৃদ্ধি পাইছে। চাইবাৰ কেলেংকাৰীৰ নতুন নতুন ঘটনা প্ৰতিদিনে পোহৰলৈ আহি আছে। চাইবাৰ অপৰাধীৰ জালত পৰি বহু লোকে লাখ লাখ টকা হেৰুৱাইছে। কিছু ক্ষেত্ৰত চাইবাৰ অপৰাধীয়ে বহু লোকৰ ছবি আদি ব্যৱহাৰ কৰিও ব্লেকমেইল কৰি আহিছে।

কেন্দ্ৰীয় যোগাযোগ দপ্তৰৰ মন্ত্ৰী দেৱুসিংহ চৌহানে সংসদত কয় যে ভুৱা পৰিচয় পত্ৰৰ সহায়ত লোৱা নম্বৰবোৰৰ সৰহভাগেই বন্ধ কৰা হৈছে। এই সংখ্যাটো প্ৰায় ৫৫ লাখ হ’ব বুলি তেওঁ কয়। তেওঁ লগতে কয় চাইবাৰ জালিয়াতিৰ সৈতে জড়িত ১.৩২ লাখ মোবাইল ফোনো ব্লক কৰি দিয়া হৈছে।


উল্লেখ্য সঞ্চাৰ সাথী পৰ্টেলৰ যোগেৰে মোবাইল ফোনৰ বহু তথ্য লাভ কৰিব পাৰি। সঞ্চাৰ সাথী পৰ্টেল হৈছে ব্যৱহাৰকাৰীৰ ম’বাইল নম্বৰ প্ৰমাণিত কৰিবলৈ এটা অনলাইন প্লেটফৰ্ম। সঞ্চাৰ সাথী পৰ্টেলে ব্যৱহাৰকাৰীসকলক তেওঁলোকৰ নামত জাৰি কৰা ম’বাইল সংযোগৰ বিষয়ে জানিবলৈ, অপ্ৰয়োজনীয় সংযোগ বিচ্ছিন্ন কৰিবলৈ, হেৰুওৱা মোবাইল ফোনবোৰ ব্লক আৰু ট্ৰেচ কৰিবলৈ তথা নতুন আৰু পুৰণি মোবাইল ফোন ক্ৰয় কৰোঁতে ডিভাইচৰ তথ্য পৰীক্ষা কৰাত সহায় কৰে।

ইয়াৰ উপৰিএই পৰ্টেলটোৱে আপোনাক বহুতো সেৱা প্ৰদান কৰে।এই পৰ্টেল আপুনি www.sancharsaathi.gov.in ছাৰ্চ কৰিলেই পোৱা যায়৷

Leave A Reply