Breaking

ভাৰতীয় সংসদ ভৱন, সংবিধান সদন বনাম ৰাষ্ট্ৰীয় প্ৰতীক…

0 41

ভাৰতীয় সংসদ ভৱন, সংবিধান সদন বনাম ৰাষ্ট্ৰীয় প্ৰতীক

■ দিগন্ত বাইলুং

ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাৰ গুৰুত্বপূৰ্ণ ভাৰতীয় সংসদ ভৱন উদ্বোধনৰ সন্ধিক্ষণত সমালোচনা আৰু বিতৰ্কই ভাৰতীয় ৰাজনীতিত সংবাদ শিৰোনামা দখল কৰা সৰ্বজন বিদিত । ভাৰতীয় ৰাজনীতি আৰু বৌদ্ধিক মহলত এই বিষয়ত যথেষ্ট চৰ্চা পৰিলক্ষিত হল । আমাৰ দেশৰ মান মৰ্যাদা লাঘৱ হোৱা বিষয় কাৰো পক্ষে যোগাত্মক নহয় ! অনাহকত বিতৰ্ক হোৱাটো আমিও সমৰ্থন নকৰো । প্ৰকৃততে নতুন সংসদ ভৱনৰ ৰাষ্ট্ৰীয় প্ৰতীকৰ বিতৰ্কিত বিষয়টো অলোকপাতৰ প্ৰয়োজনীয়তা আছে । বিমুদ্ৰাকৰণ, জি এছ টি বলৱৎকৰণ, কৰোণাকালত সৰ্বাত্মক তলাবন্ধ ঘোষণা, কৃষি আইন, অগ্নিপথ আঁচনিকে আদি কৰি অলেখ বিতৰ্কৰ পাছত নতুন সংসদ ভৱনত স্থাপন কৰা ৰাষ্ট্ৰীয় প্ৰতীকৰ চেহেৰা বিকৃত হোৱাৰ বিষয়টোৱে দেশজুৰি তীব্ৰ বিতৰ্ক সৃষ্টিয়ে বৈদ্যুতিক আৰু ছপা মাধ্যমৰ উভয়তেই সংবাদ শিৰোনামা দখল কৰে ৷

বিৰোধী দলৰ সমালোচনাক ভাৰতীয় জনতা পাৰ্টী আৰু নৰেন্দ্ৰ মোডী নেতৃত্বাধীন ভাৰত চৰকাৰে গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত নহল ৷ শাসকীয় দল আৰু চৰকাৰে বিৰোধী দলে চৰকাৰক সমালোচনা কৰাৰ বাবে এটা কাৰণ বিচাৰি লৈছে বুলিহে মন্তব্য প্ৰকাশ কৰা দেখা গল ৷ নতুন সংসদ ভৱনত ৰাষ্ট্ৰীয় প্ৰতীক নিৰ্মাণ কৰা শিল্পী সুনীল দেওঁৰে এই মূৰ্তিত কোনো উগ্ৰ মনোভাব প্ৰতিফলিত হোৱা নাই বুলি উল্লেখ কৰি তেওঁক চৰকাৰে উগ্ৰমূৰ্তিৰ সিংহ নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিয়া নাই বুলি মন্তব্যৰে স্পষ্টিকৰণ প্ৰকাশ কৰা পৰিলক্ষিত হল ৷ নতুন সংসদ ভৱনত ৰাষ্ট্ৰীয় প্ৰতীক নিৰ্মাণৰ ঠিকা টাটা গোষ্ঠীৰ পৰাহে পাইছে বুলি শিল্পী গৰাকীয়ে উল্লেখ কৰি পৰোক্ষভাৱে শাসকীয় চৰকাৰৰ সপক্ষে মন্তব্য প্ৰকাশ কৰে । অন্যহাতে ভাৰতীয় প্ৰত্নতাত্বিক জৰীপ বিভাগৰ অৱসৰপ্ৰাপ্ত উচ্চপদস্থ বিষয়া বি আৰ মানিয়ে সংসদ ভৱনত স্থাপন কৰা ৰাষ্ট্ৰীয় প্ৰতীকৰ সিংহৰ মুখাবয়ৱ সাৰনাথৰ মূল সিংহতকৈ পৃথক বুলি গুৰুত্বপূৰ্ণ মন্তব্য দিয়া দেখা গল ৷ প্ৰত্নতাত্বিক জৰীপ বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে লগতে কয় যে, ১৯০৫ চনত সাৰনাথৰ খনন কাৰ্যত যি অশোক স্তম্ভ উদ্ধাৰ হৈছিল, তাত থকা সিংহকেইটাৰ প্ৰতিচ্ছবি পৰৱৰ্তী সময়ত ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় প্ৰতীক হিচাপে গ্ৰহণ কৰে ৷ তেওঁ নতুন সংসদ ভৱনত স্থাপন কৰা সিংহকেইটাৰ সৈতে মূল সিংহকেইটাৰ মিল নাই বুলি স্পষ্টভাৱে উল্লেখ কৰে ৷

নতুন সংসদ ভৱনৰ আশোকস্তম্ভ বিতৰ্কৰ পাছত ভাৰতৰ নতুন সংসদ ভৱনত নিৰ্মিত অখণ্ড ভাৰতৰ মিউৰেলক লৈ অন্য এক বিতৰ্কৰ সৃষ্টি হয় । দেৱাল বা চিলিঙত প্ৰত্যক্ষভাৱে অংকন বা আঁকোৱালি লোৱা এখন ডাঙৰ ছবিক মিউৰেল বোলা হয় । ভাৰতত মিউৰেল অংকনৰ ইতিহাস অতি পৌৰাণিক ব্যৱস্থা । গুহাৰ বেৰত নিজৰ জীৱনৰ লগত জড়িত ছবি অংকন কৰাৰ পৰাই এই ব্যৱস্থা আৰম্ভ হৈছিল যদিও পৰবৰ্তী সময়ত মিউৰেল অংকনৰ বহু পৰিৱৰ্তন হোৱা সততে অনুমেয় । মিউৰেলত ঐক্যবদ্ধ ভাৰতৰ মানচিত্ৰ দেখুওৱা হৈছে, যাৰ বাবে নেপালৰ ৰাজনৈতিক দলসমূহ ক্ষুব্ধ হোৱা পৰিলক্ষিত হৈছিল । গৌতম বুদ্ধৰ জন্মস্থান লুম্বিনী এই মিউৰেলত দেখুওৱা হৈছে। আচলতে নেপালে লুম্বিনীক নেপালী মানচিত্ৰৰ অন্যতম সাংস্কৃতিক কেন্দ্ৰ হিচাপে গণ্য কৰে, যাৰ বাবে নেপালত ক্ষোভৰ সৃষ্টি হয়।

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নৱ নিৰ্মিত সংসদ ভৱনত স্থাপন কৰা ৰাষ্ট্ৰীয় প্ৰতীক চিহ্ন উদ্বোধন কৰাৰ পাছত সংসদ ভৱনৰ সিংহকেইটা সাৰনাথৰ মূল সিংহকেইটাৰ চেহেৰাতকৈ পৃথক আৰু বিকৃত হোৱাৰ অভিযোগ কেইজনমান সাংসদে সামাজিক মাধ্যম টুইটাৰত টুইট কৰি পোনপ্ৰথমে পোহৰলৈ আনে ৷ বিৰোধী ৰাজনৈতিক দলৰ বহুকেইজন নেতাই দাবী কৰা অনুসৰি এই ৰাষ্ট্ৰীয় প্ৰতীকৰ সিংহকেইটাৰ মুখাবয়ৱ হিংস্ৰ ৷ উল্লেখ্য যে, সাৰনাথৰ যি অশোক স্তম্ভৰ পৰা দেশৰ ৰাষ্ট্ৰীয় প্ৰতীক গ্ৰহণ কৰা হৈছে, তাত থকা চাৰিওটা সিংহৰ মুখৰ আকৃতি শান্ত আৰু সৌম্য ৷ নতুন সংসদ ভৱনত স্থাপন কৰা সিংহকেইটাৰ আক্ৰমণাত্মক প্ৰতিচ্ছবি পৰিস্ফুট মূৰ্তিৰ দাঁত উলিয়াই ৰখা বিষয়টো চিন্তনীয় আৰু উদ্বেগজনক ৷ চৰকাৰৰ সকলো কাম-কাজত ব্যৱহৃত আশোকস্তমৰ সিংহৰ ছবিকেইটাই দেশবাসীক সদায় আকৰ্ষণ কৰি আহিছে ৷ ইয়াৰ বিপৰীতে নতুন সংসদ ভৱনত স্থাপন কৰা অশোকস্তম্ভৰ সিংহকেইটাৰ ৰূপ সম্পূৰ্ণ পৃথক ৷ এনেদৰে হিংস্ৰ ৰূপৰ সিংহৰ ৰাষ্ট্ৰীয় প্ৰতীক নৱ নিৰ্মিত সংসদ ভৱনত স্থাপন কৰাত প্ৰশ্ন উত্থাপিত কিয়নো নহব ? বিৰোধী ৰাজনৈতিক দলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰা এইকেইটা সিংহৰ চেহেৰাত চৰকাৰৰ চৰিত্ৰ ফুটি উঠিছে বুলি কটাক্ষ আৰু অভিযোগ কৰা বিষয়টো ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে গুৰুত্ব সহকাৰে প্ৰচাৰ কৰা পৰিলক্ষিত হল ৷ সিংহকেইটাৰ চেহেৰা আৰু বিকৃত মূৰ্তিক লৈ প্ৰশ্ন উত্থাপন কৰে তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰ আৰু জহৰ চিৰকাৰে ৷ দুয়োজনে টুইটাৰত ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকৰ মূল সিংহকেইটাৰ ফটো আৰু সংসদ ভৱনত স্থাপন কৰা ৰাষ্ট্ৰীয় প্ৰতীকৰ সিংহকেইটাৰ ফটো সামাজিক মাধ্যমত প্ৰদৰ্শন কৰি ইয়াৰ পাৰ্থক্য দেশবাসীক বুজাবলৈ প্ৰয়াস কৰি পোহৰলৈ আনা পৰিলক্ষিত হয় ৷ অন্যহাতে জহৰ চিৰকাৰে বিকৃত এই ৰাষ্ট্ৰীয় প্ৰতীক আঁতৰাই দিয়াৰ দাবী জনোৱা পৰিলক্ষিত হয় ৷ অন্যহাতে আম আদমী পাৰ্টীৰ ৰাজ্যসভাৰ সদস্য সঞ্জয় সিংহই টুইটাৰত টুইট কৰি লেখিছিল – ‘মই ১৩০ কোটি ভাৰতীয় জনসাধাৰণৰ পৰা জানিবলৈ বিচাৰিছো__ ৰাষ্ট্ৰীয় প্ৰতীক বিকৃত কৰাৰ প্ৰচেষ্টা দেশদ্ৰোহ নহয় নেকি ? ৰাষ্ট্ৰীয় জনতা দলে এই বিষয়ত কয় যে সাৰনাথৰ মন্দিৰৰ যি অশোক স্তম্ভক ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক হিচাপে গ্ৰহণ কৰা হৈছে তাৰ সিংহৰ মূৰ্তি সৌম্য আৰু শান্ত, ইয়াৰ তুলনাত নৱ নিৰ্মিত সংসদ ভৱনত স্থাপন কৰা অশোক স্তম্ভৰ মূৰ্তিৰ সিংহৰ ৰূপ হিংস্ৰ ৷ সেই সিংহক দেখিলে এনে লাগে যেন সিংহকেইটাই আক্ৰমণ কৰিবলৈহে উদ্যত হৈ আছে ৷ ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰকৃত ৰূপ এনে নহয় বুলি উল্লেখ কৰি তীব্ৰ সমালোচনা কৰা অনুমেয় ।

অশোক স্তম্ভত চাৰিটা সিংহ পিঠিয়া-পিঠিকৈ থাকে, এটা সিংহ পিছফালে থকাৰ পৰিপ্ৰেক্ষিতত যিকোনো ফালৰ পৰা তিনিটা সিংহহে পৰিলক্ষিত হয় । একেডোখৰ শিলতে কাটি উলিওৱা অশোক স্তম্ভৰ শীৰ্ষত সিংহ চাৰিটা এখন বেদীৰ ওপৰত পিঠিয়া-পিঠিকৈ থিয় হৈ থাকে । এপাহ ঘণ্টাকৃতি পদুম ফুলৰ ওপৰত প্ৰতিষ্ঠিত স্তম্ভটোৰ বেদীৰ গাত খোদিত কৰা আছে এটা হাতী, এটা দৌৰি থকা ঘোঁৰা, এটা ষাঁড় গৰু আৰু এটা সিংহ। চাৰিটা চক্ৰই জন্তুকেইটাক পৰস্পৰৰ লগত পৃথক কৰি ৰাখিছে। এই চক্ৰক অশোক চক্ৰ বোলা হয় । ২৪ ডাল দাণ্ডি থকা অশোক চক্ৰক ভাৰতৰ জাতীয় পতাকাত স্থান দিয়া হয়। ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ বগা অংশত নীলাৰে অংকিত এই অশোক চক্ৰৰ ২৪ ডাল দাণ্ডিয়ে ২৪ টা আদৰ্শক প্ৰতিপন্ন কৰে ।

১৯০৫ চনত পুৰাতত্ব বিভাগৰ খননত অশোক স্তম্ভটো উদ্ধাৰ হয়। ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰত চৰকাৰে অশোক স্তম্ভক ৰাষ্ট্ৰীয় প্ৰতীকৰূপে গ্ৰহণ কৰে। ৰাষ্ট্ৰীয় প্ৰতীকত মূল স্তম্ভৰ তলত থকা পদুম পাহ বাদদি তাৰ ঠাইত মুণ্ডক উপনিষদৰ পৰা লোৱা “সত্যমেৱ জয়তে” (সত্যৰ সদায় জয় ) কথাফাঁকি দেৱনাগৰী লিপিত লেখা হৈছে। মূল অশোক স্তম্ভটো সাৰনাথৰ যাদুঘৰত সংৰক্ষণ হৈ আছে । ভাৰত চৰকাৰে প্ৰতীকৰূপে ব্যৱহাৰ কৰা এই স্তম্ভটো কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন কামত ব্যৱহাৰ কৰা হয়।

দিগন্ত বাইলুং
কচুপথাৰ গাওঁ
গোলাঘাট

Leave A Reply