Breaking

খেলৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ, গুৱাহাটীৰ দিবা-নৈশ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ বাবে ভাৰতীয় দল ঘোষণা…

0 113

১০ জানুৱাৰীত গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠি হ’ব লগা আইচিচি এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলক লৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলখন দিবা-নৈশ ৰূপে অনুষ্ঠিত কৰা হ’ব (India Vs Sri Lanka first ODI match will be held in Guwahati )।

অসম ক্ৰিকেট সন্থাৰ সভাপতি বিধায়ক তৰংগ গগৈয়ে জানিবলৈ দিয়া মতে, ভাৰত আৰু শ্ৰীলংকাৰ খেলুৱৈসকল হোটেল ৰেডিছন ব্লুত থাকিব। এইক্ষেত্ৰত নিৰাপত্তাৰ দিশটো পৰ্যবেক্ষণ কৰি আছে অসম আৰক্ষীয়ে।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অংশ ল’বলৈ আৰু কেইদিনমান পিছতে গুৱাহাটী পাবহি ৰোহিত শৰ্মা নেতৃত্বাধীন টীম ইন্ডিয়া। ৮ জানুৱাৰীতে ভাৰতীয় দলৰ লগতে দাছুন ছানাকা নেতৃত্বাধীন শ্ৰীলংকা দলটোও গুৱাহাটীত উপস্থিত হ’ব। ভাৰত আৰু শ্ৰীলংকা দলে ৯ জানুৱাৰীত অনুশীলন চলাব।

বিচিচিআয়ে ইতিমধ্যে ঘোষণা কৰিছে ভাৰতীয় দলটো। ভাৰতীয় দলটোত থাকিব ৰোহিত শৰ্মা (অধিনায়ক), হাৰ্দিক পাণ্ডিয়া (সহঃ অধিনায়ক), শুভমন গিল, বিৰাট কোহলি, সূৰ্য কুমাৰ যাদৱ, শ্ৰেয়াস আয়াৰ, কে এল ৰাহুল (উইকেট কীপাৰ), ঈশান কিশান (উইকেট কীপাৰ), ৱাশ্বিংটন সুন্দৰ, য়ুজৱেন্দ্ৰ চাহাল, কুলদীপ যাদৱ, অক্ষৰ পেটেল, মহম্মদ ছামি, মহম্মদ ছিৰাজ, উমৰান মালিক আৰু আৰ্শদীপ সিং।

দীৰ্ঘবিৰতিৰ মূৰত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ৫০ অ’ভাৰৰ দিবা-নৈশ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলখনক লৈ আশাবাদী অসম ক্ৰিকেট সন্থা। বুক মাই শ্বোৰ জৰিয়তে এচিএই ইতিমধ্যে বিক্ৰী কৰিছে খেলৰ টিকট।

Leave A Reply