Breaking

শাসনাধীস্থ চৰকাৰৰ বৈষম্যতাৰ বাবেই বিৰোধী বিধায়কৰ সমষ্টিৰ উন্নয়নত হেঙাৰ সৃষ্টি হৈছে

0 2,064

বৰ্তমানৰ শাসনাধীস্থ চৰকাৰে ” সকলোৱে লগত সম বিকাশ ” ৰ কথা আওৰাই আহিছে যদিও প্ৰকৃততে  বিৰোধী বিধায়ক থকা সমষ্টি সমূহ উন্নয়নৰ ক্ষেত্ৰত বৈষম্যতাৰ ভাৱে দৃষ্টি নিক্ষেপ কৰি অহাৰ বাবেই সেই সমষ্টি সমূহৰ উন্নয়নত হেঙাৰ সৃষ্টি হৈছে ।

যাৰ বাবে বিগত ২০১৯ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত শাসনাধীস্থ দলৰ বিধায়ক – মন্ত্ৰী থকা সমষ্টি সমূহৰ দৰে উন্নয়নৰ আচনি ৰূপায়ণৰ ক্ষেত্ৰত পৰ্যাপ্ত পুজি আৱণ্টন কৰাৰ ব্যৱস্থা কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ জৰিয়তে গোচৰ তৰা হয় ।

এইদৰে কথা আক্ষেপেৰে ব্যক্ত কৰি আজি নাজিৰা বিধান সভা সমষ্টিৰ অন্তৰ্গত ৭ টাকৈ পথৰ উন্নয়নৰ কামৰ শুভাৰম্ভণি কৰি অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে , বিগত সময়ত অসমৰ আন আন সমষ্টিৰ লগতে নাজিৰা সমষ্টিৰ বাট – পথ , শিক্ষা , স্বাস্থ্য , খোৱা পানী , নদীৰ গৰাখহনীয়া প্ৰতিৰোধ , ঐতিহাসিক সম্পদৰ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধন তথা বিভিন্ন উন্নয়ন মূলক কামৰ বাবে সংশ্লিষ্ট বিভাগৰ মন্ত্ৰী , মুখ্যমন্ত্ৰী লৈ বহু বাৰ নিবেদন জনাই পত্ৰ প্ৰদান কৰাৰ লগতে বিধান সভাৰ মজিয়াতো বাৰম্বাৰ উত্থাপন কৰি অহাৰ পিছতো চৰকাৰে বৈষম্যতা মূলক ভাৱে পুজি আৱণ্টন দিয়া নাছিল ।

আন আন সমষ্টিৰ লগতে নাজিৰা সমষ্টিৰ ৰাইজ , দল – সংগঠন আদিয়ে বাৰম্বাৰ পথ অৱৰোধ , প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱাৰ অন্তত সমাগত বিধান সভা নিৰ্বাচনৰ প্ৰাকমূহুত্বত ঐতিহাসিক ধোদৰ আলিকে ধৰি মুষ্ঠিমেয় কেইটামান পথ নিৰ্মাণৰ বাবে পুজি মোকলাই দিয়ে । চৰকাৰে বৈষম্যতা সৃষ্টি নকৰি সম বিকাশৰ গতিধাৰাৰে আগবাঢ়ি গলে প্ৰকৃতাৰ্থত ৰাইজৰ বাবে শাসন চলোৱা হ’লহেতেন বুলি বিৰোধী দলপতি গৰাকীয়ে মতপোষণ কৰে ।

আজি নাজিৰাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সমষ্টিটোৰ অন্তৰ্গত ৬৭.৯৯ লাখ টকাৰে ২.৩০ কিলোমিটাৰ লখিমী আলি , ৮৪.৮১ লাখ টকাৰে ৩.৫০ কিলোমিটাৰ জয়খামদাং মলা গাওঁ পথ , ৯৮.৭১ লাখ টকাৰে ১.৬৫ কিলোমিটাৰ ডিমৌ কিনাৰ আলি , ৮৮.৮৬ লাখ টকাৰে ৩.৩০ কিলোমিটাৰ বৰফুকন আলি , ৫৫.৬৩ লাখ টকাৰে ১.২০ কিলোমিটাৰ মহন হাজৰিকা আলি , ১,৩৮.৫৪ লাখ টকাৰে ২.২০ কিলোমিটাৰ ১ নং বৰদুৱৰা আলি , ২,৭২.৭০ লাখ টকাৰে ৩.১০ কিলোমিটাৰ চণ্টক আলিকে ধৰি মুঠ ৭ টা পথৰ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰে ।

২০২০ – ২১বৰ্ষৰ ৰাজ্যিক স্ব-অধিকাৰ উন্নয়ন ( সাধাৰণ ) আচনিৰ অধীনত পথকেইটাৰ নিৰ্মাণৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰৱীণ শিক্ষাবিদ ঊমা কোৱৰ , প্ৰশান্ত কলিতা , নকুল গগৈ , নাগেশ্বৰ চাংমাই , চন্দ্ৰ গগৈ ড০ ৰাজেন্দ্ৰ মোহন দেৱশৰ্মা , প্ৰশান্ত বৰকটকী , লক্ষীনাথ সন্দিকৈ , মুনমী গগৈ , যোগ গগৈ , চুৰেণ ফুকন , বুদ্ধেশ্বৰ বৰা , মৃদুল বৰগোঁহাই আদিকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে সংশ্লিষ্ট এলেকাত অনুষ্ঠিত অনুষ্ঠানত বক্তব্য দাঙি ধৰি বিধায়ক তথা বিৰোধী দলপতিগৰাকীৰ প্ৰচেষ্টাক শলাগ জনায় । 

Leave A Reply