Breaking

গুৱাহাটীৰ আজাৰাত নিৰ্মাণ হ’বলগীয়া সমন্বিত আয়ুষ সুস্থতা কেন্দ্ৰৰ অংশ হ’ব প্ৰাচীন ভাৰতৰ আৰোগ্য প্ৰণালী-সিদ্ধঃ সৰ্বানন্দ সোণোৱাল

0 53

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সৰ্বসাধাৰণৰ সুফলৰ বাবে সিদ্ধকে ধৰি ভাৰতৰ সমৃদ্ধ পৰম্পৰাগত ঔষধ ব্যৱস্থাৰ প্ৰসাৰৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ নিৰলস ভূমিকাৰ সন্দৰ্ভত আলোকপাত কৰে।

কেন্দ্ৰীয় আয়ুষ মন্ত্ৰীগৰাকীয়ে লোকসভাত সিদ্ধ সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰ দি কয় যে সমগ্ৰ ভাৰতত সিদ্ধ ঔষধ প্ৰণালীৰ প্ৰসাৰ সম্প্ৰসাৰিত কৰাৰ পৰিকল্পনা চলি আছে৷ ভাৰতৰ প্ৰাচীন আৰোগ্য ব্যৱস্থা সিদ্ধ গুৱাহাটীৰ আজাৰাত নিৰ্মাণ হ’বলগীয়া সমন্বিত আয়ুষ সুস্থতা কেন্দ্ৰতো উপলব্ধ হ’ব৷ সিদ্ধত ‘দেৱমাৰুথুৱম’ৰ প্ৰথা ব্যৱহাৰ কৰা হয়, য’ত খনিজ আৰু ধাতুৰ পৰা তৈয়াৰ কৰা প্ৰতিকাৰ প্ৰয়োগ কৰা হয়।

আনহাতে, ‘মানিদামাৰুথুৱম’, যাক যৌক্তিক পদ্ধতি বুলিও স্বীকৃতি দিয়া হৈছে, ইয়াৰ অধীনত উদ্ভিদৰ পৰা আহৰণ কৰা ঔষধ প্ৰণালী ব্যৱহাৰ কৰা হয়। তদুপৰি ‘অসুৰমাৰুথুৱম’ বা অস্ত্ৰোপচাৰ পদ্ধতি অৰুৱাই বা অস্ত্ৰোপচাৰ, অগ্নিবাতাপ প্ৰয়োগ আৰু কৰমবাকষ্টিক প্ৰয়োগৰ জৰিয়তে ব্যৱহাৰ কৰা হয়।

এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লোকসভাত কয়, “মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্বত ভাৰতীয় পৰম্পৰাগত ঔষধ তথা চিকিৎসা ব্যৱস্থাই স্বাস্থ্যসেৱা সমাধান প্ৰদান ব্যৱস্থাত এক শক্তিশালী অংশীদাৰলৈ ৰূপান্তৰিত হৈছে, যাৰলক্ষ্যহৈছেএখনসুস্থ-সবলভাৰতগঢ়িতোলাতঅৰিহণাযোগোৱা।দক্ষিণভাৰতত, বিশেষকৈ তামিলনাডু, কেৰেলা, কৰ্ণাটক আদিত জনপ্ৰিয় ‘সিদ্ধ ঔষধপ্ৰণালী’ৰ প্ৰভাৱ ইয়াৰ পৰম্পৰাগত এলেকাৰ বাহিৰত অসম, দিল্লী, গোৱা আদিলৈ প্ৰসাৰিত কৰাত আমি গুৰুত্ব দিছোঁ।”

উল্লেখ্য, চেন্নাইস্থিত ৰাষ্ট্ৰীয় সিদ্ধ প্ৰতিষ্ঠানত ৰোগীৰ সংখ্যা পূৰ্বৰ দশকৰ তুলনাত ২০১৪ আৰু ২০২৪ চনৰ ভিতৰত ৩৭%তকৈও অধিক বৃদ্ধি হৈছে।

Leave A Reply