Breaking

অসমৰ বিভিন্ন প্ৰান্তৰ লগতে লেখাপানী,জাগুন অঞ্চলটো ধৰ্মীয় ষট পূজা পালন।

0 2,066

আজি ষট পূজা,ভাৰতৰ আন আন ৰাজ্যৰ লগতে অসমতো পালন কৰা হয় ষট পূজা। ভৌজপুৰী সমাজৰ মাজত একমাত্ৰ ধৰ্মীয় পূজা হিচাপে প্ৰচলিত এই ষট পূজা বৰ্তমান সময়ত প্রায় বোৰ জনগোষ্ঠীৰ লোকে পালন কৰা দেখা যায়।অসমৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়া জিলাৰ লেখাপানী, টিৰাপ, টিপং, জাগুন আদি অঞ্চলতো সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে ষট পূজা পালন কৰা দেখা যায়।ধৰ্মীয় আখ্যান অনুসৰি প্ৰতি বছৰে কাৰ্তিক মাহৰ শুক্ল পক্ষৰ ষষ্ঠী তিথিত ষট বা ছট পূজা পালন কৰা হয়।এই ষট পূজাৰ মূল দেৱতা হৈছে সূৰ্য দেৱতা।সূৰ্য দেৱতাৰ দুই পত্নী ক্ৰমে ঊষা আৰু সন্ধ্যা। সূৰ্য দেৱতাৰ কনিষ্ঠা পত্নী ঊষা দেৱীক এই ষট পূজাৰ মূল আৰাধ্য দেৱী বুলি গণ্য কৰা হয়। ঊষা সূৰ্য দেৱতাৰ কনিষ্ঠা পত্নী আছিল বাবে ছটি মাইয়া বুলি জনাজাত আছিল আৰু সেইবাবেই এই উৎসৱো ছটি মাইয়াৰ নামেৰে ষট উৎসৱ বুলি জনা যায়। আন একাংশৰ মতে ষষ্ঠী তিথিত পালন কৰাৰ বাবেই এই পূজাভাগিক ছট বা ছঠ পূজা বুলি জনা যায়। এই পূজাৰ ৰীতি নীতি অনুসৰি চাৰিদিন পালন কৰা হয়। নৈত পবিত্ৰ স্নান, বহু সময় ধৰি পানীৰ মাজত থিয় হৈ সেৱা কৰা,নিৰ্জলা ব্ৰত ৰখা, সূৰ্য দেৱতাক প্ৰাৰ্থনা কৰা আৰু মাৰ যোৱা আৰু উদিত সূৰ্যক অৰ্ঘ্য প্ৰদান কৰাই হৈছে এই পূজাৰ মূলমন্ত্ৰ।

Leave A Reply