Breaking

পুনৰ বন্ধ হ’ল কমলাবাৰী নিমাতি ফেৰী সেৱা

0 106

ব্রহ্মপুত্রত জলস্তৰ বৃদ্ধিৰ বাবে আভ্যন্তৰীণ জল পৰিবহন বিভাগে কমলাবাৰী নিমাতি ফেৰী সেৱা বন্ধ ঘোষণা কৰিছে৷ অফলামুখ নিমাতিৰ মাজত গুটীয়া ফেৰী সেৱা বন্ধৰ ঘোষণা কৰিছে বিভাগটোয়ে।

বাৰিষা আগমনৰ লগে লগে ৰাজ্যত নৈ-উপনৈ সমূহত বৃদ্ধি পাইছে জলস্তৰ। সমান্তৰালভাবে ব্রহ্মপুত্রৰো জলস্তৰ বৃদ্ধি পোৱাৰ বাবে দেখা দিছে ব্যাপক খহনীয়াই।

বাৰিষাৰ বান গৈ ব্রহ্মপুত্রত পৰি জলস্তৰ বৃদ্ধি পোৱাৰ বাবে গুটীয়া ফেৰী চলাচলত বাধা আহি পৰিছে। যাৰ বাবে অনিৰ্দিষ্ট কাললৈ গুটীয়া ফেৰী বন্ধ কৰিছে আভ্যন্তৰীণ জল পৰিবহন বিভাগে।

বিভাগটোৰ মতে জলস্তৰ সুস্থিৰ হ’লেই পুনৰ আৰম্ভ কৰা হ’ব এই ফেৰী সেৱা। এই সময়চোৱাত কোনো কাৰণতে যাতে গুটীয়া ফেৰী ব্রহ্মপুত্রত চলাচলে নকৰে তাৰ বাবে নজৰ ৰাখিব বিভাগটোয়ে।

Leave A Reply