Breaking

২০২৪ৰ অস্কাৰৰ দৌৰৰ পৰা বাহিৰ হ’ল ‘দ্য কেৰালা ষ্টৰী’ , মালায়ালম ভাষাৰ ‘এভৰিৱাইন ইজ এ হিৰো’ই মাৰিলে এণ্ট্ৰি…

0 69

২০২৪ৰ অস্কাৰৰ দৌৰৰ পৰা বাহিৰ হ’ল ‘দ্য কেৰালা ষ্টৰী’ , মালায়ালম ভাষাৰ ‘এভৰিৱাইন ইজ এ হিৰো’ই মাৰিলে এণ্ট্ৰি

অস্কাৰ ২০২৪ ৰ বাবে বহুতেই আশাবাদী হৈ থকাৰ পিছতো সুদীপ্ত সেনৰ ‘দ্য কেৰালা ষ্টৰী’ অস্কাৰৰ দৌৰৰ পৰা বাদ পৰিবলগীয়া হৈছে। ইয়াৰ পৰিৱৰ্তে অহা বছৰৰ অস্কাৰৰ বাবে ভাৰতৰ পৰা টবিনো থমাছ অভিনীত মালায়ালম ছবি ‘২০১৮: এভৰিবডি ইজ এ হিৰো’ চৰকাৰীভাবে তালিকাভুক্ত হৈছে। কানাড়া চলচ্চিত্ৰ পৰিচালক গিৰীশ কাচাৰাৱল্লীৰ নেতৃত্বত গঠিত অস্কাৰ সমিতিয়ে বুধবাৰে এই কথা ঘোষণা কৰে। অৱশ্যে ছবিখনে চৰকাৰীভাবে তালিকাভুক্ত হোৱাৰ পিছত আনুষ্ঠানিকভাবে মনোনয়নৰ তালিকাত স্থান লাভ কৰিব লাগিব।

২০২৩ চনত দক্ষিণৰ ছবি ‘আৰআৰ’-এ অস্কাৰৰ মঞ্চ কঁপাই তুলিছিল। ছবিখনৰ ‘নাটু নাটু’ গানটোৱে শ্ৰেষ্ঠ মূল গীতৰ অস্কাৰ লাভ কৰিছিল। ইয়াৰ পিছতে ২০২৪ৰ বাবে অস্কাৰলৈ ভাৰতৰ পৰা কোনখন ছবি আন্তৰ্জাতিক বঁটা মঞ্চলৈ প্ৰেৰণ কৰা হ’ব তাকেলৈ চিনে অনুৰাগীসকলৰ মাজত উৎকণ্ঠা আছিল। ভাৰতীয় চলচ্চিত্ৰ ফেডাৰেশ্যনে (এফএফআই) থবিৰ আবেদন দাখিল কৰিবলৈ ২৫ দিন সময় দিছিল। আবেদন দাখিলৰ অন্তিম তাৰিখ আছিল ১০ ছেপ্টেম্বৰ।সেই সকলো বোৰ আবেদনৰ ভিতিত্তিত প্ৰাথমিক তালিকাখন প্ৰস্তুত কৰি উলিওৱা হৈছে। প্ৰাৰম্ভিক তালিকাখনত পৰিচালক সুদীপ্ত সেনৰ ‘দ্য কেৰালা ষ্টৰী’, অভিষেক বচ্চন অভিনীত আৰু আৰ বাল্কিৰ ‘ঘুমাৰ’, অনন্ত মহাদেৱনৰ ‘দ্য গল্পকাৰ’, নন্দিতা দাসৰ ‘জুইগাটো’ৰ মাজৰে কোনোবা এখনে স্থান পাব বুলি বহুতে আশা কৰিছিল।

কৰণ জোহৰৰ ‘ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী’ৰ নামো উচ্চাৰিত হৈছিল।কিন্তু সকলোকে চেৰ পেলাই টবিনো থমাছৰ ২০১৮: এভৰিবডি ইজ এ হিৰো ছবি খন অস্কাৰৰ প্ৰেৰণ কৰিবলগীয়া ছবিৰ তালিকাভুক্ত হৈছে।জুড এন্থনী যোচেফৰ দ্বাৰা পৰিচালিত এই চলচ্চিত্ৰখন বাস্তৱ জীৱনৰ ওপৰত আধাৰিত। ২০১৮ চনত কেৰালাত প্ৰলংকৰী বানপানী হৈছিল। ছবি খনৰ চিত্ৰনাট্য সেই ঘটনাৰ আধাৰতে লিখি উলিওৱা হৈছে। ৩০ কোটি টকাৰ বাজেটত নিৰ্মাণ কৰা ‘২০১৮: এভৰিবডি ইজ এণ্ড হিৰো’ চলিত বৰ্ষৰ ৫ মে’ত ছবিগৃহত মুক্তি দিয়া হৈছিল। ছবিখনে বক্স অফিচত ২০০ কোটি টকাৰ ব্যৱসায় কৰিছিল। আৰু কেইটামান প্ৰক্ৰিয়াৰ পিছতে এইবাৰ ছবিখনে কৰিব অস্কাৰমুখী যাত্ৰা।

Leave A Reply