Breaking

গুৱাহাটীৰ অপহৰণকাৰীয়ে মুক্তিপণ হিচাপে বিচাৰিলে ১০৪টা বিটকইন

0 60

গুৱাহাটী আৰক্ষীয়ে যোৱা ১ ফেব্ৰুৱাৰীত সংঘটিত হোৱা অপহৰণ কাণ্ডৰ সৈতে জড়িত ৫ জন লোকক গ্ৰেপ্তাৰ কৰে।

খবৰ অনুসৰি গুৱাহাটীৰ অংকুৰ সুৰানা নামৰ এজন যুৱকক ১ ফেব্ৰুৱাৰীত তেওঁৰ বন্ধুসকলে পাৰ্টিলৈ নিমন্ত্ৰণ কৰিছিল আৰু পিছত তেওঁক অপহৰণ কৰা হৈছিল।

যোৱা ২ ফেব্ৰুৱাৰীত যেতিয়া ভৰলুমুখ আৰক্ষী থানাত নিৰুদ্দেশৰ অভিযোগ দাখিল কৰে পিতৃ-মাতৃয়ে , তেতিয়া তেওঁৰ ভগ্নীয়ে মুক্তিপণৰ দাবীত ইণ্টাৰনেট কল লাভ কৰে।

অপহৰণকাৰীয়ে ডিজিটেল ৱালেটৰ সৈতে সংযুক্ত QR ক’ড প্ৰেৰণ কৰি ৱালেটটোলৈ ১০৪টা বিটকইনৰ মুক্তিপণ দাবী কৰে যাৰ মূল্য আনুমানিক ১৯ কোটি টকা।

অতি সোনকালেই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিলে আৰু তেওঁলোকৰ তথ্য অনুসৰণ কৰি গুৱাহাটী চহৰৰ বাহিৰৰ আমছিং চাহ বাগিচাৰ পৰা অংকুৰ সুৰানাক উদ্ধাৰ কৰে গুৱাহাটী আৰক্ষীয়ে। উদ্ধাৰ কৰাৰ সময়ত বান্ধি ৰখাৰ লগতে শৰীৰত কেইবাটাও আঘাত পাইছিল।

আৰক্ষীয়ে জনোৱা মতে, আমছিঙৰ পি আৰ পি উপত্যকাত পাৰ্টিলৈ নিমন্ত্ৰণ কৰি অপহৰণ কৰা হৈছিল। আৰক্ষীয়ে কয় যে অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আৰু অধিক তদন্ত চলি আছে।

Leave A Reply