Breaking

আঁঠুৱা-কম্বলৰ পাৰ্টি মানেই হ’ল কংগ্ৰেছ, এই কংগ্ৰেছ পাৰ্টিৰ কাম নাই; ৰেচন কাৰ্ড থকা পৰিয়ালে পাব অৰুণোদয়ঃ পীয়ূষ হাজৰীকা…

0 13

আঁঠুৱা-কম্বলৰ পাৰ্টি মানেই হ’ল কংগ্ৰেছ। এই কংগ্ৰেছ পাৰ্টিৰ কাম নাই। টিয়ক বিধানসভা সমষ্টিত আজি অনুষ্ঠিত এখন বিলাশ নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দি এইদৰে মন্তব্য কৰে অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰীকাই। ভাষণ মন্ত্ৰীগৰাকীয়ে যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈক আক্ৰমণ কৰি কয় যে এই সমষ্টিটোৰ বৰ্তমানৰ কংগ্ৰেছ সাংসদগৰাকীৰ কোনো কাম নাই। তেওঁক এই সমষ্টিৰ জনসধাৰণে কেতিয়াবা ইয়ালৈ অহা দেখিছে নেকি বুলিও প্ৰশ্ন কৰে। দহ বছৰে এইগৰাকী সাংসদক এই অঞ্চলৰ ৰাইজে ইয়ালৈ অহা দেখা নাই। দহ বছৰে তেওঁ টিয়কবাসীৰ বাবে একো এটা কাম কৰা নাই বুলিও মন্ত্ৰীগৰাকীয়ে কয়। আনহাতে, ভাষণত জলসম্পদ মন্ত্ৰী হোৱাৰ পিছত মন্ত্ৰী পীযুষ হাজৰীকাই টিয়ক সমষ্টিৰ জনসাধাৰণৰ বাবে কি কি কাম কৰিছে তাৰ খতিয়ান দাঙি ধৰে। যোৱা আঢ়ৈ বছৰত বিভিন্ন উন্নয়নমূলক কামৰ বাবে মন্ত্ৰীগৰাকীয়ে সমষ্টিটোত ৬৫ কোটি ৩৫ লাখ টকা আবণ্টন দিয়াৰ কথা উল্লেখ কৰে। তেওঁ কয় যে মন্ত্ৰী হৈ মই সমষ্টিটোত ৭০ কোটি টকাৰ কাম কৰিছো আৰু সাংসদগৰাকীয়ে ৭ লাখ টকাও দিয়া নাই। সেয়ে তেওঁ কাম নকৰা সূতা-কম্বল আৰু আঁঠুৱা পাৰ্টিক ভোট নিদিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়। সূতা-কম্বল পাৰ্টিয়ে ৰেচন কাৰ্ড, বিনামূলীয়া চাউল একো দিয়া নাছিল বুলি কৈ মন্ত্ৰীগৰাকীয়ে আগন্তুক সময়ত যিমান মানুহৰ ৰেচন কাৰ্ড আছে সকলোকে অৰুণোদয় দিয়া হ’ব বুলি কয়। এতিয়া ২৭ লাখ মানুহে অৰুণোদয় পায়। অসমত ৰেচন কাৰ্ড পোৱা লোকৰ সংখ্যা ৫২ লাখ, এই সকলো মানুহকে পৰ্যায়ক্ৰমে তেওঁ অৰুণোদয় দিয়াৰ কথা ঘোষণা কৰে। ভাষণত মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীয়ে যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিসমূহ আখৰে আখৰে পালন কৰাৰ কথাও উল্লেখ কৰে। উদাহৰণস্বৰূপে তেওঁ প্ৰতিশ্ৰুতি দিয়া অনুসৰি ১ লাখ নিবনুৱাক চাকৰি, অৰুণোদয়ৰ টকা বৃদ্ধি কৰা, ৰেচন কাৰ্ড দিয়া, উজলা আঁচনি দিয়া আদিৰ কথা উল্লেখ কৰে। সভাত কংগ্ৰেছক চোকা সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ কামৰ সৈতে বিজেপিৰ কামৰ কেতবোৰ বৃহৎ পাৰ্থক্যৰ কথা উল্লেখ কৰে। তেওঁ কয় যে কংগ্ৰেছ চৰকাৰে মথাউৰি বনোৱা নাছিল, ৰাস্তা-পথৰ অৱস্থা শোচনীয় আছিল।

কিয়নো কংগ্ৰেছৰ দিনত তেওঁলোকৰ বাজেট আছিল মাত্ৰ ৩০০ কোটি টকা, এতিয়া আমাৰ বাজেত ২০০০ কোটি টকা। তেোঁ আৰু কয় যে বিজেপিয়ে যোৱা ১০ বছৰত ব্ৰহ্মপুত্ৰত ৯ খন দলং বনাইছে, কংগ্ৰেছে ৬০ বছৰত ব্ৰহ্মপুত্ৰত মাত্ৰ ৪ খন দলং নিৰ্মাণ কৰিছে। কংগ্ৰেছে ৬০ বছৰত অসমত মাত্ৰ ৬ মেডিকেল কলেজ বনাইছে, আমি যোৱা ৮ বছৰত ১৮ খন মেডিকেল কলেজ বনালো। কংগ্ৰেছে ৬০ বছৰত বিশ্ববিদ্যালয় বনালে মাত্ৰ ৭ খন, আমি ১০ বছৰত বিশ্ববিদ্যালয় বনালো ১৫ খন। যোৰহাটৰ জে বি কলেজো এতিয়া বিশ্ব বিদ্যালয় হৈ গ’ল মন্ত্ৰী পীযুষ হাজৰীকাই ভাষণত উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কৃষকসকলক সকাহ দিয়াৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ব্যৱস্থা কৰাৰ কথাও উল্লেখ কৰে।


উল্লেখ্য যে কালি যোৰহাট লোকসভা সমষ্টিৰ টিয়ক বিধানসভা সমষ্টিৰ নামদেউৰী ৰঙ্গমঞ্চত বিজেপি, অগপ, গণশক্তিৰ উদ্যােগত আয়োজিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ মন্ত্ৰীগৰাকীয়ে ভাৰতীয় জনতা পাৰ্টি তথা মিত্ৰজোঁটৰ প্ৰতি ৰাইজৰ আশিস-সহযোগিতা কামনা কৰে। একেদিনাই মন্ত্ৰীগৰাকীয়ে টিয়ক বিধানসভা সমষ্টিৰ সৰুচৰাইৰ ঘৰফলীয়া, পানীচকোৱাৰ সূৰুযমুখি কলা কৃষ্টি কেন্দ্ৰ, বালিগাঁও আদিত কেবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে।

Leave A Reply