Breaking

জোনাক’ মাহেকীয়া আলোচনী ৰ উদ্যোগত ‘কল্পনা’ শীৰ্ষক গীত এটিৰ শুভ উন্মোচন…

0 91

*’জোনাক’ মাহেকীয়া আলোচনী ৰ উদ্যোগত ‘কল্পনা’ শীৰ্ষক গীত এটিৰ শুভ উন্মোচন*
যোৱা ২৩ ডিচেম্বৰ বুধবাৰে মহানগৰীৰ চেনিকুঠীস্থ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সঞ্চালকালয়ৰ পৰিসংখ্যা শাখাত মাহেকীয়া আলোচনী ‘জোনাক’ৰ উদ্যোগত আবেলি ৩ বজাত কুলদীপ চুমনে কন্ঠদান কৰা “কল্পনা” ৰ গীত ‘ সপোন সপোন লগা তোমাৰ কথাবোৰ, আপোন আপোন লগা তোমাৰ চকুযোৰ’ৰ শুভ উন্মোচন হৈ যায়। পৰিসংখ্যা বিভাগৰ জ্যেষ্ঠ গৱেষণা বিষয়া প্ৰমথেশ ভট্টাচাৰ্য্য আৰু বিশিষ্ট নাট্যকাৰ, ঔপন্যাসিক, কবি লতিফ উদ্দিন আহমেদে এটি কেক কাটি শুভ উন্মোচন হোৱা বুলি ঘোষণা কৰা অনুষ্ঠানটি আঁত ধৰে কবি,লেখক, জোনাক আলোচনীৰ মুখ্য সম্পাদক পুলকেশ ৰায় বৰুৱাই।

কবি,লেখক,আবৃত্তিকাৰ ৰাজ কমল কলিতা-নৱ ডেকাই গীতটো ৰচনা কৰে। নিজ ভাষণত উন্মোচক প্ৰমথেশ ভট্টাচাৰ্য্যই কয়–” নৱ প্ৰজন্মৰ ফালৰ পৰা এনেকুৱা গীত লিখা কামটো বৰ মহৎ হৈছে আৰু আগন্তুকলৈ সাধনাৰ মাজেৰে আগবাঢ়ি থাকক, ভাল কামৰ শুভাষা সদায়ৰ বাবে থাকিব।” আন এগৰাকী উন্মোচক লতিফ উদ্দিন আহমেদে নিজৰ ভাষণত কয়– ” গীত ভাল নোপোৱা মানুহ এই পৃথিৱীত নাই,মানৱ জীৱনৰ সামাজিক আৰু সাংগীতিক যাত্ৰাত গীতেই অনবদ্য আসন দখল কৰি আহিছে, সকলো সকলো কলাৰ ভিতৰত সংগীতেই শ্ৰেষ্ঠ, কবিতা আৰু সংগীতৰ বেছি পাৰ্থক্য নাই, ৰাজ-নৱই লেখা গীতটোক শ্ৰোতাই আদৰি ল’ব বুলি আমাৰ মনে ধৰে।”

জোনাকৰ সহ: সম্পাদক ৰাজ কমল কলিতাই গীতটোৰ আঁৰৰ কথা ব্যক্ত কৰা অনুষ্ঠানটিত কবি জ্যোতি মাধৱেও শুভেচ্ছামূলক ভাষণ ৰাখে।আবৃত্তিকাৰ, গীতিকাৰ নৱ ডেকাই অম্বিকাগিৰী ৰায়চৌধুৰীৰ এটা কবিতা পাঠ কৰা অনুষ্ঠানটিত কামাৰুদ্দিন আহমেদ, বিচিত্ৰ মেধি, শৈলেন কলিতা, জিতেন্দ্ৰ ডেকা, নয়নজ্যোতি দাস, ৰঞ্জিত বৰ্মন, নৃপেন দাস, চৰিফা বেগমসহ আন কেইবাজনো শ্ৰোতা উপস্থিত থাকি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে।পুলকেশ ৰায় বৰুৱা

Leave A Reply