Breaking

কাইলৈ খোলা হ’ব কবি নীলমণি ফুকনৰ বহু প্ৰতীক্ষিত বন্ধ খামৰ চিঠিখন

0 71

বিগত ১৯ বছৰে এটা বন্ধ খামত আবদ্ধ হৈ থকা এখন চিঠি। জ্ঞানপীঠ বিজয়ী কবি নীলমণি ফুকনৰ এই বন্ধ খামৰ চিঠিখনত কি আছে? কি কথা লিখি থৈ গৈছে কবিগৰাকীয়ে? সেয়া জানিবলৈ এতিয়া উৎসুক হৈ পৰিছে সমগ্ৰ অসমবাসী। বন্ধ খামত আবদ্ধ চিঠিখনত কি চৰম সত্য লুকাই আছে তাক লৈ কৌতুহল সকলোৰে মনত।

অৱশেষত খামটো খোলাৰ সময় আহি পাইছে। কাইলৈ অৰ্থাৎ ৩ ফেব্ৰুৱাৰীত খোলা হ’ব কবিগৰাকীয়ে লিখি থৈ যোৱা এই বন্ধ খামৰ চিঠিখন।

বিশিষ্ট নিবন্ধকাৰ, সাংবাদিক নিত্য বৰাৰ হাতত থকা চিঠিখন কাইলৈ গুৱাহাটী প্ৰেছ ক্লাবত ৰাজহুৱাভাৱে খোলা হ’ব। শুকুৰবাৰে দিনৰ ১১ বজাত খোলা হ’ব নীলমণি ফুকনৰ এই চিঠিৰ খামটো।

মহান কবিগৰাকীৰ বিয়োগৰ পিছত চিঠিখন খোলাৰ কথা আছিল যদিও পৰিয়ালৰ অনুৰোধমৰ্মে কবিগৰাকীৰ আদ্যশ্ৰাদ্ধৰ পিছত চিঠিখন খোলাৰ সিদ্ধান্ত লোৱা হয়। সেই অনুসৰি কাইলৈ দিনৰ ১১ বজাত গুৱাহাটী প্ৰেছ ক্লাবত খোলা হ’ব বহু প্ৰতীক্ষিত এই বন্ধ খামটো।

সংবাদ মাধ্যমৰ সন্মুখতে ৰাজহুৱাভাৱে খোলা হ’ব এই খামটো। এই কথা জনাইছে নিত্য বৰাই।

উল্লেখযোগ্য যে ২০০৪ চনৰ পৰাই বন্ধ খামত আবদ্ধ হৈ আছে এই চিঠিখন। কাৰণ নিত্য বৰাৰ হাতত তুলি দিয়া চিঠিখনৰ খামত কবিগৰাকীয়ে লিখিছিল – ‘মই যোৱাৰ পাছতহে খুলিবা, বিশ্বাসটো ৰাখিবা’।

Leave A Reply