Breaking

লকডাউনৰ সুযোগ লৈ একাংশ পাচলি ব্যৱসায়ীৰ লুণ্ঠন : জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰা মূল্যতকৈ তিনিগুণ মূল্যবৃদ্ধি প্ৰতি কেজি পাচলিত

0 85

নাজিৰা

 সম্প্ৰতি ক’ৰ’ণাতংক তথা লকডাউনৰ আতংকময় পৰিস্থিতিৰ মাজতেই নাজিৰা মহকুমাবাসী জনগণক পদে পদে খেদিছে শাক-পাচলি তথা নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ আতংকই৷ চৰকাৰ তথা মহকুমা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ চূড়ান্ত অসহায়তাৰ মাজতেই নাজিৰা মহকুমাৰ সাধাৰণ ৰাইজৰ বাবে ক’ৰ’ণা মহামাৰীতকৈ অধিক ভাবুকি আৰু আতংকৰ কাৰণহৈ পৰিছে একাংশ শাক-পাচলি আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ ব্যৱসায়ী।আলু, পিয়াঁজ, দাইল, চেনি, মিঠাতেল, আটা, ময়দাৰ মূল্য যাতে লকডাউনৰ সময়ছোৱাত কোনো কাৰণতেই যাতে মূল্য বৃদ্ধি নাপায় তাৰ বাবে চৰকাৰ-প্ৰশাসনে যি দৰে তৎপৰতা প্ৰদৰ্শন কৰি আহিছে, তাৰ বিপৰীতে একাংশ ব্যৱসায়ীক নিয়ন্ত্ৰণৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই বৰ্তমান নাজিৰা মহকুমাত এনে ভয়াবহ পৰিস্থিতিৰ উদ্ভৱ হৈছে। জনা মতে, শিৱসাগৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা বৰ্তমানলৈকে দুবাৰকৈ শাক-পাচলিৰ মূল্য নিৰ্ধাৰণেৰে এখন তালিকা ৰাজহুৱা কৰা হ’ল যদিও একাংশ পাচলি ভেণ্ডৰে ৰেড জ’নৰ স্থানৰ পৰা কম মূল্যত শাক-পাচলি আনি নাজিৰা মহকুমাটোৰ প্ৰান্তে প্ৰান্তে নিজৰ খেয়াল খুচিমতে মূল্য নিৰ্ধাৰণ কৰি মুনাফা আদাৰ কৰাৰ লগতে সৰ্বসাধাৰণ জনগণক এক প্ৰকাৰে লুণ্ঠন অব্যাহত ৰাখিছে। যি সময়ত লকডাউনৰ বাবে সাধাৰণ শ্ৰমজীৱী জনগণৰ উপাৰ্জন বন্ধহৈ পৰাৰ ফলত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে, সেই সময়ত নাজিৰা মহকুমাত শাক-পাচলি আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ প্ৰতি কেজি মূল্য প্ৰশাসে নিৰ্ধাৰণ কৰা তালিকাতকৈ তিনিগুণ বেছি হোৱাত সৰ্বসাধাৰণ জনগণৰ চকু কপালত তুলিছে৷ এই ক্ষেত্ৰত মহকুমা প্ৰশাসন তথা নাজিৰা মহকুমা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ কৰ্তৃপক্ষই নিৰ্বিকাৰ ভূমিকা পালত কৰাত প্ৰান্তে প্ৰান্তে জনগণে ক্ষোভ উজাৰিছে৷ তদুপৰি শাক-পাচলি আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ আৰু অসাধু লুণ্ঠনকাৰী ব্যৱসায়ীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে তাৎক্ষণিক টাস্ক ফ’ৰ্চ গঠন কৰিবলৈ সচেতন ৰাইজে দাবী জনাইছে৷

Leave A Reply