Breaking

বৰক্ষেত্ৰীত মুছলমান লোকৰ মৰম চেনেহ বিজেপিৰ লগত সদায় আছে !প্ৰধানমন্ত্ৰী মোডীক দেশৰ সূৰ্য আখ্যা মুখ্যমন্ত্ৰীৰ…

0 11

নলবাৰী জিলাৰ মুকালমুৱাৰ নিকটৱৰ্তী মুগদিত বিজেপিৰ বিজয় সংকল্প সমাৰোহত উপস্থিত থাকি নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বৰপেটা লোকসভা সমষ্টিত মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণত কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে বৰক্ষেত্ৰী বাসীৰ লগতে এইবাৰ তেওঁ অগপ দলৰ চিহ্নত ভোট দিব লাগিব বুলি উল্লেখ কৰে। নিৰ্বাচনী সভাখনত মুখ্যমন্ত্ৰী গৰাকীয়ে বিজেপি নেতৃত্বতাধীন চৰকাৰে দিয়া বিভিন্ন আচনিৰ লগতে নতুনকৈ চৰকাৰে এইবছৰৰ ভিতৰত আৰু ৫০ হাজাৰ চৰকাৰী চাকৰি দিয়াৰ কথা ঘোষণা কৰে। চাকৰি নোপোৱা সকলক ব্যৱসায় কৰিবৰ বাবে আত্মনিৰ্ভৰ অসমৰ জৰিয়তে ২ লাখ টকা দিব। ইয়াৰে ১ লাখ ঘুৰাই দিব লাগিব ১ লাখ ঘূৰাব নালাগে বুলি উল্লেখ কৰে।

কংগ্ৰেছৰ দিনত আচনি আছিল ধূতি, লুঙি, সূতা, কম্বল আৰু আঠুৱা আছিল বুলি কংগ্ৰেছ দলক সমালোচনা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে বিজেপিৰ দিনত এইবোৰৰ সলনি চাকৰি, সকলো ৰেচন কাৰ্ড থকা পৰিয়ালক অৰুণোদয় আদি আচনি প্ৰদান কৰিছে। লাখপতি বাইদেউসকলক প্ৰথমে দিয়া ১০ হাজাৰ টকা ভালকৈ ব্যৱহাৰ কৰিলে পিছত পুনৰ ২৫ হাজাৰ টকা দিব। চৰকাৰী ঘৰৰ জিঅ’ টেগিং কৰাৰ দায়িত্ব মহিলা আত্মসহায়ক গোটক দিব বুলি কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সমষ্টি পুনৰ নিৰ্ধাৰণৰ জড়িয়তে বৰক্ষেত্ৰী সমষ্টি আমি নতুনকৈ গঠন কৰিছো।

গতিকে ২৬ ত নাৰায়ণ ডেকা জিকিব বুলি কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনহাতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে-
এইবাৰ বিৰোধী প্ৰাৰ্থী সকলৰ নাম ৰাইজে নাজানে। মই কলে মই মনত পেলাই দিয়াহে হব।প্ৰধানমন্ত্ৰী মোডীক দেশৰ সূৰ্য আখ্যা দি মুখ্যমন্ত্ৰীয়ে কলে সূৰ্যক বছালেহে আমি চন্দ্ৰবোৰে পোহৰ পাম।মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে সভাত টোপনি যোৱাক কেন্দ্ৰ কৰি বিৰোধীয়ে সমাচোলনা কৰা সন্দৰ্ভত মূখ্যমন্ত্ৰীয়ে কয় যে ফণীভূষণ চৌধুৰী অসমৰ আটাইতকৈ জেষ্ঠ বিধায়ক। তেওৰ বিৰুদ্ধে অশোভনীয় শব্দ ব্যৱহাৰ কৰিব নালাগে। লগতে তেওঁ কয় বৰক্ষেত্ৰীত মুছলমান লোকৰ মৰম চেনেহ বিজেপিৰ লগত সদায় আছে।

Leave A Reply