Breaking

পুখুৰীত মাছ নহয় সলনি ওলাল LPG গেছ চিলিণ্ডাৰ

0 1,039

বিনামূলীয়া ৰন্ধন গেছ , আপোনাক লাগে নেকি বিনামূলীয়া ৰন্ধন গেছ?পানীৰ তলৰ পৰা ওলাইছে ৰন্ধন গেছ।কিমান লাগে আপোনাক?এটা দুটা নহয় পানীৰ পৰা ওলাইছে প্ৰায় অৰ্ধশতাধিক ৰন্ধন গেছ চিলিণ্ডাৰ। প্ৰত্যক্ষ কৰিলে আপোনাৰো বিশ্বাস নহব।বৰপেটাৰোড খৈৰাবাৰীৰ কমাৰবস্তীত পুখুৰীত মাছৰ সলনি উদ্ধাৰ হৈছে LPG গেছ চিলিণ্ডাৰ।এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত বৰপেটাৰোড থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিপুল চন্দ্ৰ কলিতাৰ নেতৃত্বত বৰপেটাৰোড আৰক্ষীৰ এটি সজাতি দলে বৰপেটাৰোড খৈৰাবাৰীৰ কমাৰবস্তীৰ নিৱাসী অহেদ আলীৰ পুখুৰীত অভিযান চলাই আৰু এই অভিযানত ওলাইছে পুখুৰীৰ পৰা প্ৰায় অৰ্ধশতাধিক চিলিণ্ডাৰ।


এই লোকজনে দীৰ্ঘদিন ধৰি অঞ্চলটোত গেছ চিলিণ্ডাৰৰ অবৈধ বেহা কৰি আহিছিল বুলি ৰাইজে অভিযোগ তুলি আহিছিল ৷

Leave A Reply